• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত শীঘ্ৰে কাৰ্যক্ষম হ’ব আৰ টি পি চি আৰ পৰীক্ষাগাৰ

মুকেশ সিং by মুকেশ সিং
June 2, 2021 8:18 pm
oo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক এক-ডেৰ মাহৰ ভিতৰত ধুবুৰীত আৰ টি পি চি আৰ পৰীক্ষাৰ লেবৰেটৰী কাৰ্যক্ষম হৈ উঠিব৷
জিলা ঔষধ পণ্যাগাৰৰ ওপৰ মহলাত লেবৰেটৰীটোৰ নিৰ্মাণ কাৰ্য চলি আছে৷

আজি এখন সংবাদমেলত ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে এই কথা সদৰি কৰে৷
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত ধুবুৰীৰ উপাযুক্ত হিচাপে প্ৰথমখন সংবাদমেল সম্বোধন কৰি অন্বামুথন এম পিয়ে কয় যে আগন্তুক ছমাহৰ ভিতৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

Apply Now

ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায়খিনি হৈ উঠিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অসমৰ কাৰ্যবাহী সঞ্চালকে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম কাজ বুজ লৈ গৈছে৷
জিলা উপায়ুক্তগৰাকীয়ে কয় যে ধুবুৰীত বৰ্তমান প্ৰতিষেধকৰ কোনো নাটনি নাই আৰু প্ৰতিষেধক প্ৰদান কাৰ্য সুচাৰুৰূপে চলি আছে৷
ধুবুৰীত থকা তিনিখন চাহ বাগিচাৰ শ্ৰমিকক অনলাইন পঞ্জীয়ন নকৰাকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে৷

আনহাতে শীঘ্ৰে গ্ৰামাঞ্চলৰ ঘৰে ঘৰে গৈ কোভিড লক্ষণযুক্ত ৰোগী চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰি কৰে জিলা উপায়ুক্তই৷

এইকাম বিগত বৰ্ষতো কৰা হৈছিল আৰু সেয়ে বিগত বৰ্ষৰ মেকানিজম এইবাৰ ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ জনায়৷ জিলা উপায়ুক্তগৰাকীয়ে ধুবুৰীৰ সৰ্বসাধাৰণ ৰাইজক কোভিডৰ সামান্য লক্ষণ দেখা দিলেই ওচৰৰ স্বাস্থকেন্দ্ৰলৈ গৈ পৰীক্ষা কৰাবলৈ আহ্বান জনায়৷

বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগৰ কাম কাজ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়া বুলি সদৰি কৰে জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে৷

ক’ৰ’না মহামাৰী আৰু বান নিয়ন্ত্ৰণৰ কামত প্ৰশাসন ব্যস্ত থকাৰ সময়ত জিলাখনৰ আন আন উন্নয়ণমূলক কামবোৰ যাতে স্তব্ধ নহয় তাৰ প্ৰতি চকু ৰখা বুলি কয় নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে৷

তেওঁ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি পথ নিৰ্মাণৰ কামবোৰৰ শীঘ্ৰে পৰ্যালোচনা কৰিব বুলি সদৰি কৰে৷
ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ ধুবুৰীত চলিবলৈ দিয়া নহ’ব বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে উপায়ুক্তগৰাকীয়ে৷

মুকেশ সিং

মুকেশ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd