• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতি শীঘ্ৰে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত সংযুক্ত হ’ব ১০খন আই চি ইউ বিচনাসহ ১০০খন বিচনা

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জিলা উপায়ুক্তৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
June 7, 2021 7:08 am
FB_IMG_1622971597052
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শীঘ্ৰে ১০খন আই চি ইউ বিচনাসহ ১০০ খন বিচনা সংযুক্ত হ’ব মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত। এই আশ্বাস তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্ত  পাৱাৰ নৰসিং শম্ভাজীৰ।

দেওবাৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় সভাকক্ষত মাৰ্ঘেৰিটা মহকুমাৰ সাংবাদিকসকলৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ নৱনিযুক্ত উপায়ুক্তৰে অনুষ্ঠিত  সৌজন্যমূলক সাক্ষাৎ তথা আলোচনাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ মুখপাত্ৰ  মানস প্ৰতিম গগৈয়ে কৰা অনুৰোধৰ প্ৰত্যুত্তৰত তিনিচুকীয়া জিলাৰ নৱনিযুক্ত  উপায়ুক্তগৰাকীয়ে এই কথা জনায়।

Apply Now

তদুপৰি, খুব সোনকালে ব্লাড বেংকৰ ব্যৱস্থা কৰাৰ কথাও সদৰী কৰে উপায়ুক্ত গৰাকীয়ে। এনে পদক্ষেপৰ বাবে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ জিলা উপায়ুক্তগৰাকীক ধন্যবাদ জনোৱা হয়।

আনহাতে, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজোতি নেওগ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰে দুয়োটা অনুষ্ঠানৰ মুখপত্ৰ  জিলা উপায়ুক্ত পাৱাৰ নৰসিং শম্ভাজী  আৰু নৱনিযুক্ত মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমক  উপহাৰ হিচাপে  আগবঢ়ায় ।

উল্লেখ্য যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত ভাস্কৰ শৰ্মাক এখন স্মাৰক পত্ৰৰ জড়িয়তে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন ৩০০ খন বিচনাযুক্ত কৰা, ব্লাড বেংকৰ ব্যৱস্থা, অক্সিজেন বেংক স্থাপনকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হৈছিল ।

সৌহাৰ্দ্যমূলক আলোচনাত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত দিপু ডেকা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, মহকুমা জনসম্পৰ্কৰক্ষী বিষয়া  গুৰমিত সিং কৌৰ, নিৰ্বাচনী বিষয়া ত্ৰিদীপ কোঁৱৰ আদি উপস্থিত থাকে।

জিলা উপায়ুক্ত গৰাকীয়ে মহকুমাটো প্ৰাকৃতিক সম্পদৰে চহকী হোৱাৰ পাছতো যিধৰণে আন্তঃগাঁথনিৰ  উন্নতি হ’ব লাগিছিল সেইধৰণে উন্নতি হোৱা নাই বুলি প্ৰকাশ কৰি পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰা হ’ব বুলি কয়।

তেওঁ তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতিৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিদৰে যুদ্ধ দিছে তাৰ বাখ্যা দাঙি ধৰি  ক্ৰমাৎ জিলাৰ পৰিস্থিতি উন্নতি হোৱাৰ কথা সদৰী কৰাৰ লগতে ৰাইজৰ সজাগতাৰ বাবে সংবাদমাধ্যমে বলিষ্ঠ ভূমিকা লোৱাৰ বাবে আহ্বান জনায়।

উপায়ুক্তগৰাকীয়ে লগতে ৰাইজৰ সচেতনতাই ক’ভিডবিৰোধী যুঁজখনৰ সফলতাত মুখ্য ভূমিকা ল’ব বুলি কয়। উপায়ুক্ত গৰাকীয়ে জিলাখনত ক’ভিড আক্ৰান্তৰ  মৃত্যুৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে। তেওঁ ক’ভিড আক্ৰান্তই ঘৰত হোম আইছ’লেশ্যনত থকাতকৈ চৰকাৰী আইছ’লেশ্যনত থকাটো বেছি সুৰক্ষিত বুলি কয়।

তেওঁ প্ৰকাশ কৰা মতে জিলাখনত অক্সিজেন চিলিণ্ডাৰ পৰ্যাপ্ত আছে। ক’ভিড প্ৰটক’ল ৰক্ষা নকৰা সকলৰ বিৰুদ্ধে অধিক সক্ৰিয় হোৱাৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হ’ব বুলি কয়।

উপায়ুক্তগৰাকীয়ে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া বা তেওঁক ক’ভিড সম্পৰ্কীয় যিকোনো বিষয় অৱগত কৰিব পাৰিব বুলি কয়। তেওঁ লগতে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ বিষয়তো আলোকপাত কৰে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd