দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা নিম্নগামী দেখা গৈছে যদিও কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যা অনুসৰি দেশত যোৱা ২৪ঘন্টাত ৬হাজাৰতকৈয়ো অধিক কৰ’না আক্ৰান্তৰ মৃত্যু হৈছে। এয়া স্বাভাৱিকতে এক উদ্বেগজনক খৱৰ।
বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৯৪ হাজাৰ ৫২ জন লোক। বুধবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৯২লাখ ৫৯৬ জন লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯১লাখ ৮৩ হাজাৰ ১২১জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৬হাজাৰ ১৪৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈ এদিনত মৃত্যুৰ ঘটনা এইটোৱে সৰ্বাধিক। বুধবাৰে দেশত ২হাজাৰ ২১৯ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৫৯ হাজাৰ ৬৭৬জন।
যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১লাখ ৫১হাজাৰ ৩৬৭জন। বুধবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা আছিল ১লাখ ৬২হাজাৰ ৬৬৪জন।
দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৭৬লাখ ৫৫হাজাৰ ৪৯৩জন।
আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১১লাখ ৯৫২জন। বুধবাৰে এই সংখ্যা আছিল ১২লাখ ৩১হাজাৰ ৪১৫জন।
বৰ্তমানলৈ দেশত ২৩কোটি ৯০ লাখ ৫৮ হাজাৰ ৩৬০জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।
বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।
আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।
কিন্তু যোৱা ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটা ৰোগীৰ সংখ্যাৰ অভিলেখে নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে আৰু কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ ইংগিত দিছে নেকি সেয়াও লক্ষ্যণীয় হৈ পৰিছে।