• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইক্ৰ’ফাইনেন্সকলৈ কি স্থিতি চৰকাৰৰ? নিৰ্বাচনী প্ৰতিশ্ৰুতি অতীত, চৰ্ত প্ৰযোজ্য!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2021 12:04 pm
E3ng7xCVoAEL8dA

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্রত চৰকাৰে এইবাৰ নীতি-নির্ধাৰণ কৰাৰ কথা কৈছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ ৰেহাই দিয়াৰ কথা এতিয়া আৰু নাই। চৰ্ত সাপেক্ষেহে চৰকাৰে ৰেহাই দিব ঋণ। ২০২০চনৰ ৩১ ডিচেম্বৰ পর্যন্ত ঋণ লোৱাসকলকহে চৰকাৰে সামৰি ল’ব৷

চৰাকাৰে বার্ষিক আয় ১ লাখ টকাতকৈ কম পৰিয়ালকহে ঋণ ৰেহাই দিব৷ সেইদৰে আয়কৰ আদায় দিয়া, চাৰিচকীয়া বাহন থকা পৰিয়ালক চৰকাৰে ঋণ ৰেহাই নিদিয়ে।

Apply Now

তদুপৰি, একেটা পৰিয়ালত যদিহে একাধিক হিতাধিকাৰীয়ে ঋণ লৈছে তেনে পৰিয়ালকো ঋণ ৰেহাই দিয়া নহয়।

মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাই সন্দর্ভত মুখ্যমন্ত্রীয়ে গঠন কৰি দিয়া উচচস্তৰীয় কমিটীৰ অধ্যক্ষ তথা মন্ত্রী অশোক সিংঘালে শুকুৰবাৰে এই কথা ঘোষণা কৰে।

উচচস্তৰীয় কমিটীয়ে ৰিজার্ভ বেংকৰ গাইডলাইন অনুসৰি মাইক্র’ফাইনেন্স কোম্পানীয়ে প্রদান কৰা ঋণকহে বৈধ বুলি গণ্য কৰিব বুলিও সিংঘালে স্পষ্ট কৰি দিয়ে।

দিছপুৰত আয়োজিত সংবাদমেলত মন্ত্রী অশোক সিংঘালে গ্রামাঞ্চলৰ দৰিদ্র মহিলাসকলক ঋণমুক্ত কৰাটোহে চৰকাৰৰ লক্ষ্য বুলি জানিবলৈ দিয়ে৷

মন্ত্রীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি, মাইক্র’ফাইনেন্সৰ ঋণ লোৱা ৰাজ্যৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হ’ল ২৬ লাখ৷ ইয়াৰে ২৫ হাজাৰ টকাৰ তলত ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ১০ লাখ ৮২ হাজাৰ৷ এই ঋণৰ মুঠ পৰিমাণ হ’ল ১,৩৩৪ কোটি টকা৷

সেইদৰে, ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ৬ লাখ ৮৯ হাজাৰ আৰু ঋণৰ পৰিমাণ ২,৪৫৬ কোটি টকা৷ আকৌ ১ লাখ টকাৰ ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ৫ লাখ ৫৮ হাজাৰ আৰু ঋণৰ পৰিমাণ ৩,৯৮৭ কোটি টকা৷ বিপৰীতে, ১.২৫ লাখ টকা পর্যন্ত ঋণ লোৱাৰ সংখ্যা ১ লাখ ২০ হাজাৰ আৰু ঋণৰ পৰিমাণ হ’ল ১,৩৯০ কোটি টকা৷ তদুপৰি, ১.২৫ লাখ টকাতকৈ অধিক ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা ১ লাখ ৬৯ হাজাৰ আৰু ঋণৰ পৰিমাণ ৩,৩৫৮ কোটি টকা৷

মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্যত প্ৰকাশ পাইছে যে এটা প্ৰতিষ্ঠানৰ পৰা ১৯লাখ হিতাধিকাৰীয়ে ঋণ লোৱাৰ বিপৰীতে দুটা প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা হৈছে ৫ লাখ ৮ হাজাৰ৷ সেইদৰে তিনিটা প্রতিষ্ঠানৰ পৰা ঋণ লোৱা হিতাধিকাৰীৰ সংখ্যা হ’ল ১ লাখ ৫৪ হাজাৰ।

মন্ত্ৰীয়ে সদৰী কৰে যে এটা প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ পৰিমান হৈছে ৬,৫১৬ কোটি টকা৷ সেইদৰে, দুটা বা তিনিটা প্রতিষ্ঠানৰ পৰা লোৱা ঋণৰ পৰিমান হৈছে  ১৫০০ কোটি টকা৷ আনহাতে, তিনিটাতকৈ অধিক ঋণ লোৱা ৬০ হাজাৰ হিতাধিকাৰীৰ ঋণৰ পৰিমাণ হৈছে ১,১৭১ কোটি টকা৷

মন্ত্ৰী সিংঘালে জানিবলৈ দিয়া মতে ৰাজ্যত ৪০টা মাইক্র’ফাইনেন্স কোম্পানীয়ে ব্যৱসায় চলাই আছে৷

উচচস্তৰীয় কমিটীয়ে মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰাৰ পাছতহে ঋণ ৰেহাই সম্পর্কত মুখ্যমন্ত্রীয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ এতিয়া মূল প্ৰশ্নটো হৈছে মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱাসকলে ঋণ লোৱা প্ৰতিষ্ঠানসমূহক ঋণৰ ধন ঘুৰাই দিব লাগিব নে নাই? যদি দিব লাগে মন্ত্ৰী সিংঘালে উল্লেখ কৰা চৰ্তসমূহেই প্ৰযোজ্য হ’ব নেকি?

নিৰ্বাচনী বতৰত দিয়া প্ৰতিশ্ৰুতি এতিয়া অতীত। চৰকাৰ গঠনৰ পাছত বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি চৰকাৰে সেয়া অসম্ভৱ বুলি বুজি পালে নেকি? সেয়েহে, ঋণ ৰেহাইৰ বাবে এতিয়া চৰ্ত সাপেক্ষে নীতি-নিৰ্ধাৰণৰ দিশে আগবাঢ়িছে চৰকাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd