• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেমেৰাত বন্দী কাজিৰঙাৰ বিৰল বগা হৰিণ; নতুন প্ৰাণীকূলক লৈ প্ৰকৃতিপ্ৰেমীৰ মাজত উৎসাহ

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
June 15, 2021 3:28 pm
white dear
309
VIEWS
Share on FacebookShare on Twitter

আশ্চৰ্যৰ সমাহাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পোহৰলৈ আহিছে আন এক আশ্চৰ্য। প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত বন্দী হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তঃভাগত পৰিলক্ষিত হৈছে সম্পূৰ্ণ বগা ৰঙৰ বিৰল হৰিণা ৷ ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰাণীকূলক লৈ আৰু অধিক উৎসুকতা বৃদ্ধি পাইছে প্ৰকৃতিপ্ৰেমীৰ মাজত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন আন হৰিণাৰ জাকৰ মাজতে আপোনমনে চৰি থকা এটি শুদ্ধ বগা হৰিণ ফটো বন্দী হৈছে প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত ৷

কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে দেখা পোৱা গৈছিল শুদ্ধ বগা বৰণৰ হৰিণটি ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা এই বগা হৰিণ বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ তালিকাতো হয়তো ই হ’ব নৱতম সংযোজন৷ কিন্তু ইয়াৰ বাবে প্ৰয়োজন হ’ব সঠিক দিশৰ অনুসন্ধান আৰু অধ্যয়নৰ ৷

উল্লেখ্য যে ২০১০ চনৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কম সময়ৰ বাবে প্ৰত্যক্ষ হৈছিল এই বিৰল বগা হৰিণ ৷ প্ৰাণীবিজ্ঞানীসকলৰ মতে, বহু সময়ত বিভিন্ন কাৰণত জীন বা বংশগতিৰ পৰিৱৰ্তন বা আগতি জীনৰ বাবেও এই বৰণ হ’ব পাৰে হৰিণকে ধৰি আন আন বন্যপ্ৰাণীৰ ৷

অৱশ্যে জীৱ জগতৰ নৱতম সংযোজনৰ কথাটোও একে আষাৰে নুই কৰিব নোৱাৰি ৷ প্ৰাণীবিজ্ঞানীসকলৰ ভাষাত ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত এই বগা হৰিণক ৷

বংশগতি, জীনৰ পৰিৱৰ্তন বা আগতি জীনৰ উপস্থিতি যি কাৰণেই নহওক কিয় এতিয়া এই বগা হৰিণা বা শ্বেত হৰিণাক লৈ উৎসাহ আৰু উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷

জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয়, তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও ই হ’ব এক সৌভাগ্যৰ বিষয় ৷

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd