• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ন’ডেল বিষয়াই পৰিদৰ্শন কৰিলে ভগ্ন মথাউৰি

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 16, 2021 8:24 pm
buunn
138
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ন’ডেল বিষয়া তথা অভিযন্তা বীৰেন বৈশ্যই বুধবাৰে বঙাইগাঁও জিলাত উপস্থিত হৈ সম্ভাৱ্য বানপানীৰ বাবে প্ৰস্তুতি আৰু বিগত বৰ্ষত হৈ যোৱা বানপানীৰ সময়ত ক্ষতিৰ বিপৰীতে এচ ডি আৰ এফৰ নিয়ম অনুসৰি পাবলগীয়া পুঁজি সন্দৰ্ভত পৰ্যালোচনা কৰে।

বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিভাগীয় মুৰব্বী বিষয়াৰ সৈতে ন’ডেল বিষয়া বৈশ্যই জিলাখনত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে।

জিলাখনত বানাক্ৰান্ত মানুহৰ বাবে খাদ্য-আশ্ৰয় শিবিৰ-ঔষধ আদিৰ ব্যৱস্থা, লোকনিৰ্মাণ, কৃষি,পশু,শিক্ষা,সমাজ কল্যাণ,মীন,জল সম্পদ বিভাগৰ মথাউৰি,কৃষিবান্ধ আদিৰ ক্ষয়ক্ষতি, বৰ্তমান ক’ভিড মহামাৰীৰ সংক্ৰমণৰ পৰা বানাক্ৰান্ত ৰাইজক নিৰাপদে ৰখা আদি সন্দৰ্ভত ন’ডেল বিষয়াগৰাকীয়ে পৰ্যালোচনা কৰে।

বিভাগীয় মুৰব্বী বিষয়াসকলে ৰাস্তা-ঘাট মেৰামতি,খেতি পথাৰৰ ক্ষয়ক্ষতি ৰোধৰ বাবে কমিউনিটি নাৰ্চাৰীৰ ব্যৱস্থা,অগ্নি নিৰ্বাপক বাহিনীৰ বানপানী সজাগতা কাৰ্যসূচী,জলসম্পদৰ মথাউৰি মেৰামতি, কৃষি বান্ধ মেৰামতি,পশুৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ নেপিয়াৰ ঘাঁহৰ খেতি, মীন বিভাগৰ মীনমহলৰ ক্ষয়ক্ষতি ৰোধৰ বাবে নেটৰ ব্যৱস্থা আদি বিভিন্ন বিষয়ত পৰ্যালোচনা কৰে আৰু বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতি সন্দৰ্ভত ন’ডেল বিষয়াগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

সভাৰ আৰম্ভণিতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া অনন্ত সামন্তই জিলাখনৰ সামগ্ৰিক দিশৰ আভাষ দাঙি ধৰে।সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন,চক্ৰ বিষয়াসকল, চক্ৰ বিষয়া কাৰ্যালয়ৰ ক্ষেত্ৰ বিষয়াসকল আৰু বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷

সভাৰ অন্তত ন’ডেল বিষয়াগৰাকীয়ে জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ জলসম্পদ বিভাগৰ জামদহাৰ ভগ্ন মথাউৰি আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ অধীনৰ টেকনঝৰাৰ কৃষিবান্ধ পৰিদৰ্শন কৰে।

আনহাতে বঙাইগাঁও জিলাৰ নিৰ্দিষ্ট কৰা দুটা আদৰ্শ ৰিলিফ কেম্প গেৰুকাবাৰী এম ভি স্কুল,মাণিকপুৰ আৰু নেতাজী বিদ্যা নিকেতন বিদ্যালয়ৰ ব্যৱস্থাৱলীও ন’ডেল বিষয়া বীৰেন বৈশ্যই পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত ন’ডেল বিষয়াগৰাকীক জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ চমুৱা, চক্ৰ বিষয়াসকল,ক্ষেত্ৰ বিষয়াসকল আৰু সংশ্লিষ্ট বিভাগীয় মুৰব্বী বিষয়াসকলে সংগ দিয়ে৷

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd