দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত আৰু হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পোৱা দেখা গৈছে।
আনহাতে, কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱাৰ লগতে আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে।
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৬২ হাজাৰ ৪৮০ জন লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৬৭ হাজাৰ ২০৮ জন লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯৭লাখ ৬২হাজাৰ ৭৯৩ জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১হাজাৰ ৫৮৭জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে দেশত ২হাজাৰ ৩৩০জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৮৩ হাজাৰ ৪৯০জন।
যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ৮৮হাজাৰ ৯৭৭জন। সুস্থতাৰ হাৰ এই মুহূৰ্তত ৯৬শতাংশতকৈয়ো অধিক।
দেসত এতিয়ালৈকে আৰোগ্য লাভ কৰা মুঠ কৰ’না ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮৫লাখ ৮০হাজাৰ ৬৪৭জন।
আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৭লাখ ৯৮হাজাৰ ৬৫৬জন। এয়া বিগত ৭৩দিনৰ ভিতৰত সৰ্বনিম্ন।
বৰ্তমানলৈ দেশত ২৬কোটি ৮৯ লাখ ৬০হাজাৰ ৩৯৯জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।
বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।
আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।