• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিডক পৰাজিত কৰাৰ স্বাৰ্থত আজিৰে পৰা দৈনিক ৩ লাখ লোকক টীকাকৰণৰ লক্ষ্য স্বাস্থ্য বিভাগৰ

ক'ভিডক পৰাজিত কৰাৰ স্বাৰ্থত প্ৰতিষেধক অভিযানলৈ পূৰ্ণ সঁহাৰি জনাবলৈ ৰাজ্যবাসীক আহ্বান স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2021 7:51 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড অতিমাৰীক পৰাজিত কৰিব পৰাকৈ সোমবাৰৰ পৰা অসমতো ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হ’ব।

১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে সামৰি দৈনিক ৩ লাখ গৰাকী লোকক বিনামূলীয়াকৈ টীকাকৰণৰ লক্ষ্যৰে আৰম্ভ কৰিবলৈ লোৱা এই মহা অভিযানৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

Apply Now

ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো জিলা প্ৰশাসনৰ সহযোগত ২১০০টা প্ৰতিষেধক প্ৰদান টীম সাজু কৰিছে। ‘ব্যাপক ক’ভিড-১৯ প্ৰতিষেধক অভিযান’ৰ অধীনত প্ৰতিখন জিলাৰ বাবেও দৈনিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে।

ইফালে, অসমক ক’ভিডমুক্ত কৰাৰ লক্ষ্যৰে আজিৰে পৰা জোৰদাৰভাৱে আৰম্ভ কৰিবলৈ লোৱা এই বৃহৎ প্ৰতিষেধক অভিযানলৈ পূৰ্ণ সঁহাৰি জনাবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ৰাইজক আহ্বান জনাই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘ক’ভিড অতিমাৰীৰ বিৰুদ্ধে চলোৱা নিৰ্ণায়ক যুঁজৰ অংশ হিচাপে কাইলৈৰ পৰা অসমতো ক’ভিড প্ৰতিষেধক প্ৰদানৰ মহা অভিযান আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছো। ১৮ বছৰৰ ওপৰৰ সকলোকে বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদানৰ বিষয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰা ঘোষণাৰ আধাৰত আৰু আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত অসমতো আৰম্ভ কৰিবলৈ লোৱা এই মহা অভিযানৰ জৰিয়তে ৰাজ্যখনত দৈনিক ৩ লাখ লোকক ক’ভিড প্ৰতিষেধক দিব পৰাকৈ স্বাস্থ্য বিভাগে সকলো জিলাৰ প্ৰশাসনৰ সহযোগত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।‘

তেওঁ লগতে কয়,’ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অসমলৈ পৰ্যাপ্ত সংখ্যক ক’ভিড প্ৰতিষেধক যোগান ধৰিছে। এই অভিযান সম্পূৰ্ণ সফল কৰি ৰাজ্যখনক ক’ভিডমুক্ত কৰাৰ দিশত আগুৱাই নিয়াত সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছো। ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী লোককে নিজ এলেকাৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰলৈ গৈ এই প্ৰতিষেধক গ্ৰহণ কৰি নিজকে সুৰক্ষিত কৰাৰ লগতে আনকো ইয়াৰ বাবে উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো।’

উল্লেখ্য যে, এই ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ অধীনত ৰাজ্যৰ প্ৰতিখন জিলাতে গ্ৰামাঞ্চলৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহৰ জৰিয়তে দৈনিক পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হ’ব।

আনহাতে, গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ জিলা সদৰ তথা নগৰাঞ্চলসমূহত স্থাপন কৰা ক’ভিড প্ৰতিষেধক কেন্দ্ৰসমূহত প্ৰতি দিনে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজা লৈ আৰু পুণৰ দুপৰীয়া ২ বজাৰ পৰা নিশা ৮ বজালৈ দুটা পৰ্যায়ত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান ফলপ্ৰসূ ভাৱে সফল কৰি তুলিবলৈ জিলাস্তৰত এই অভিযানৰে জৰিত সকলো দিশতে চকু ৰাখিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক আয়ুক্ত-সচিবসকলক দায়িত্ব ন্যস্ত কৰিছে।

একেদৰে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰতিটো বিধানসভা সমষ্টিতে বিধায়কৰ সভাপতিত্ব এখনকৈ তদাৰকী সমিতিও গঠন কৰা হৈছে।

প্ৰথম পৰ্যায়ত সোমবাৰৰ পৰা অহা ৩০ জুনলৈ দহটা দিনত এই বৃহৎ অভিযান পৰীক্ষামূলকভাৱে সম্পন্ন কৰি লাভ কৰা অভিজ্ঞতাৰ আধাৰত স্বাস্থ্য বিভাগে পাছৰ পৰ্যায়ৰ অভিযানৰ বাবে প্ৰট’কল নিৰূপণ কৰিব।

তদুপৰি, কাইলৈৰ পৰা অহা ২৩ জুনলৈ এই ক’ভিড প্ৰতিষেধক প্ৰদানৰ মহা অভিযানৰ প্ৰথম তিনিটা দিনত প্ৰতিখন জিলাকে সামৰি এই অভিযানৰ প্ৰতিটো দিশেই স্বাস্থ্য বিভাগে সূক্ষ্মভাৱে নিৰীক্ষণৰো ব্যৱস্থা কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd