বিশ্বনাথ কোবাইগঢ়াৰ সমীপৰ ১৫ নং নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল তেলৰ টেংকাৰ। এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে টেংকাৰৰ চালক সঞ্জিত শৰ্মা ।
চিকিৎসকে প্ৰকাশ কৰা মতে সংকট মুক্ত নহয় শৰ্মা।
উল্লেখ্য আজি বিয়লি লক্ষীমপুৰ অভিমুখৰ পৰা বিশ্বনাথ নগৰৰ দিশে এখন ভাৰত পেট্ৰলিয়ামৰ তেলৰ টেংকাৰ আহি থকা অৱস্থাতে হঠাৎ বিশ্বনাথৰ কোবাইগঢ়া গাওঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা গৰু বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ।
গাড়ী খনত চালক আৰু সহযোগী এজন আছিল যদিও গাড়ীখনৰ চালক এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয়।
লগে লগে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ যান- বাহন আৰক্ষী উপস্থিত হৈ গাড়ীখনৰ চালকজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে টেংকাৰখনো জব্দ কৰে।