বঙাইগাঁও জিলাত ক্ৰমাৎ ক’ভিড পৰিস্থিতি ভাললৈ আহিছে ৷
জিলাখনত নতুনকৈ ১০ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷
ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১৭৫ জন আছে ৷
ইয়াৰ ভিতৰত ১০৬ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৬৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
সেইদৰে বুধবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২১ জনকৈ ৰোগী ৷
আনহাতে জিলাখনত বুধবাৰে মুঠ ৪,৮৫২ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২৩ জুনলৈকে মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৬৭৪ জন হৈছে ৷
আনহাতে জিলাখনত বুধবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ০.২ শতাংশ ৷
ইপিনে বুধবাৰে জিলাখনত ১৮ – ৪৪ বছৰ বয়সৰ ভিতৰৰ আৰু ৪৫ বছৰ বয়সৰ ওপৰৰ ব্যক্তিসহ মুঠ ৯,৯৮৫ জন ব্যক্তিক ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷
আনহাতে বৰ্তমানলৈকে জিলাখনত মুঠ ১,৪৮,৩২৩ পালি ভেকচিন প্ৰদান কৰা হৈছে ৷