• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যাৰ অভিযোগত অভিযুক্ত অলিম্পিকত পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰক তিহাৰ কাৰাগাৰলৈ স্থানান্তৰিত

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 4:04 pm
sushil1233
284
VIEWS
Share on FacebookShare on Twitter

সহযোগী মল্লযোদ্ধাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুবাৰকৈ অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰক আজি দিল্লীৰ মাণ্ডলি কাৰাগাৰৰ পৰা তিহাৰ কাৰাগাৰলৈ স্থানান্তৰিত কৰা হয়।

২৩ বছৰীয়া মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডত অভিযুক্ত কেইবাদিন ধৰি বিভিন্ন ৰাজ্যত পলাই আত্মগোপন কৰি আছিল। অৱশেষত ২৩ মে’ৰ সন্ধিয়া পঞ্জাৱৰ জলন্ধৰৰ ওচৰত গ্ৰেপ্তাৰ কৰা হয় অলিম্পিকত দুটাকৈ পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰক।

সুশীল কুমাৰ ২৩ বছৰীয়া মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডত অভিযুক্ত। সুশীল কুমাৰৰ লগতে এই গোচৰৰ আন এগৰাকী অভিযুক্ত অজয় কুমাৰকো গ্ৰেপ্তাৰ কৰা হৈছে।

দিল্লী আৰক্ষীয়ে দাবী কৰা মতে পঞ্জাৱৰ ভাটিন্দাত আত্মগোপন কৰি আছিল তাৰকা মল্লযুঁজাৰু গৰাকী। আৰক্ষীয়ে তেওঁক বিচাৰি পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত নিশ্চিদ্ৰ তালাচী চলাইছিল।

আৰক্ষীয়ে আনকি তেওঁৰ সন্ধান দিব পাৰিলে ১লাখ টকাৰ পুৰষ্কাৰো ঘোষণা কৰিছিল।

মল্লযুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছিল।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছিল যে ২৩ বছৰীয়া সাগৰ ৰাণা নামৰ এগৰাকী মল্ল যুঁজাৰুৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত সুশীল কুমাৰৰ সৈতে অন্য পাঁচগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিহত ২৩ বছৰীয়া মল্ল যুঁজাৰুগৰাকীৰ আন দুগৰাকী সতীৰ্থও দলৱদ্ধ আক্ৰমণত আহত হৈছিল।

যোৱা ৪মে’ৰ নিশা দিল্লী দক্ষিণাঞ্চলৰ ছাত্ৰশাল ষ্টেডিয়ামৰ ভিতৰত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।

মডেল টাউন আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা এখন স্ক’ৰপিঅ’সহ পাঁচখন বাহন ৰখাই থোৱা অৱস্থাত জব্দ কৰিছিল। স্ক’ৰপিঅ’খনৰ পৰা আৰক্ষীয়ে ডাবল বেৰেলৰ এটা বন্দুক, পাঁচ জাঁই সজীৱ গুলীসহ দুডাল কাঠৰ লাঠী উদ্ধাৰ কৰিছিল।

আহতকেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি বিজেআৰএমএইছ হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল।

আৰক্ষীয়ে ২৪ বছৰীয়া প্ৰিন্স দালাল নামৰ এজন যুৱকক ঘটনাৰ সন্দৰ্ভত হাৰিয়ানাৰ ঝাজাৰৰ পৰা আটক কৰিছিল। তেওঁৰ পৰাও এটা ডাবল বেৰেল বন্দুক আৰু সাত জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

বিভিন্ন প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাণ্ডটোত জড়িত থকাৰ সন্দেহত দুটাকৈ অলিম্পিক পদক বিজয়ী মল্ল যুঁজাৰু সুশীল কুমাৰসহ অন্য পাঁচগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৩, ৩৬৫, ১২০বি ৰ ধাৰাত গোচৰ ৰুজু কৰিছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd