• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান? জাৰি হ’ল নতুন এছঅ’পি

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 9:12 pm
child covid test

প্ৰতিনিধিত্বমূলক ফটো।

405
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কোভিড পৰিস্থিতি সামগ্ৰিকভাবে উন্নতি ঘটাৰ লগে লগে ৰাজ্য চৰকাৰে আজি অহা সোমবাৰৰ পৰা এসপ্তাহলৈ কাৰ্যকৰী হোৱাকৈ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে।

ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত লোকৰ লগতে মৃত্যুৰ সংখ্যাও ক্ৰমে হ্ৰাস পাই আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাইছে যদিও পূৰ্বৰ দিনৰ তুলনাত সামান্য বৃদ্ধি পাইছে।

যোৱা কেইদিনত পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ হ্ৰাস পাইছিল যদিও ৰাজ্যত আজি কোভিড পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ কিছু বৃদ্ধি পাইছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ২৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৭৯৩ গৰাকী লোক। এই সময়ছোৱাত ১,৩৯,১০৫ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৬৫ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.০১ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৩.১২ শতাংশ।

Summary of 25/6/2021

Today’s Total 2793

Overall Positivity Percentage (2793 cases out of 1,39,105 test done = 2.01%)

Kamrup(M) 165

Death 26

Recovery Rate 93.12%

— Himanta Biswa Sarma (@himantabiswa) June 25, 2021


ৰাজ্যখনত পুনৰ ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰলৈ যোৱালৈ চাই ক’ভিড পৰিস্থিতি এতিয়াও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।

ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, ঘোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে।

ৰাজ্যত কোভিড বিধি সম্পৰ্কত আজি নতুন এছঅ’পি প্ৰকাশ পাইছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কোভিড পৰিস্থিতিক লৈ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পাছতেই এই নীতি নিৰ্দেশনা সমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয় ” ২৪৭ টালৈ hotspotৰ সংখ্যা বৃদ্ধি পাইছে। ৪৫৮১ টা অঞ্চলত চোকা দৃষ্টি ৰাখিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।”

সম্পূৰ্ণ containment জ’ন ঘোষণা কৰা চাৰিখন জিলাত গেলামালৰ দোকানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব বিয়লি ৫ বজালৈকে। গেলামালৰ দোকানতে ৰাইজৰ সুবিধাৰ্থে শাক-পাচলি বিক্ৰী কৰিব পাৰিব বিক্রেতাই।

ইয়াৰ উপৰি কামৰূপ মেট্ৰত ৩ বজালৈ দোকান পোহাৰ খোলা থাকিব, ৪ বজাৰ পৰা সকলো বন্ধ হ’ব। বাকী জিলা সমূহত পূৰ্বৰ নীতি নিৰ্দেশনাই বাহাল থাকিব।

অহা সোমবাৰৰ পৰা দেওবাৰলৈ ৭ দিনৰ বাবে এই নীতি নিৰ্দেশনা প্ৰযোজ্য হ’ব।

বিশ্বনাথ,গোৱালপাৰা,মৰিগাঁও,গোলাঘাট চাব ডিভিজন সম্পূৰ্ণ containment হ’ব।

আন্তঃ জিলা যাতায়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd