• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা; বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰি ক’লে এই কথা

ভেকচিন নোলোৱা আশা-অঙ্গণবাড়ী কৰ্মীৰ পাৰিতোষিক বন্ধৰ নিৰ্দেশ মুখ্য সচিবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2021 7:17 am
index

বৰপেটাত পৰ্যালোচনা সভাত মুখ্য সচিব জিষ্ণু বৰুৱা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই দেওবাৰে বৰপেটা জিলাৰ ক’ভিড-১৯ সংক্ৰমণৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰে মোকাবিলাৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনত সম্ভাৱ্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়েও বুজ লয় ৷

কেবাটাও চৰকাৰী বিভাগৰ আঁচনিৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে বৰপেটালৈ অহা ৰাজ্য প্ৰশাসনৰ সৰ্বোচ্চ পদাধিকাৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়।

Apply Now

সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস,  স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডা: ৰমেন তালুকদাৰকে ধৰি  জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

সকলো চৰকাৰী কাৰ্যালয়ৰ অনাদায় বিদ্যুতৰ দেনা অনতি পলমে আদায় দিবলৈ অসম শক্তি উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানৰ অধ্যক্ষৰ দায়িত্বত থকা বিষয়া গৰাকীয়ে উপায়ুক্তৰ লগতে সকলো বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।

মুখ্য সচিব গৰাকীয়ে জিলাখনত প্ৰতিদিনে চলি থকা ৰেট পৰীক্ষাৰ সংখ্যা, ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ, আৰু ৰোগী সকলৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বুজ লৈ দৈনন্দিন ৰেট পৰীক্ষা হোৱা লোকৰ অন্তত: ২০% লোকৰ আৰ টি পি চি আৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷

তেওঁ লগতে ক’ভিড-১৯ ভাইৰাছৰ সম্ভাৱ্য তৃতীয় লহৰৰ বাবে প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহবান জনোৱাৰ লগতে তৎপৰতাৰে পৰীক্ষা আৰু চিকিৎসা কৰি যোৱাৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীকো অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত জিলাখনৰ সকলো আগশাৰীৰ ক’ভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মী সকলক সামৰি ল’বলৈ স্বাস্থ্য বিভাগক মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে।

মুখ্য সচিব গৰাকীয়ে লগতে অঙ্গণবাড়ী শিশু পৰিচৰ্যা কেন্দ্ৰ আদিৰ তত্ত্বাৱধানত থকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে  পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ প্ৰতিষেধক নোলোৱা অঙ্গনবাড়ী আৰু আশা কৰ্মী সকলৰ পাৰিতোষিক বন্ধ ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

বিশেষ স্বাস্থ্য জনিত সমস্যা অবিহনে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কোভিড প্ৰতিষেধক গ্ৰহণ নকৰা বিষয়টোক চৰকাৰী গুৰুত্ব সহকাৰে লৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

পৰ্যালোচনাৰ অংশ হিচাপে মুখ্য সচিবগৰাকীয়ে বৰপেটা জিলাত ক’ভিড ৰোগী সকলৰ চিকিৎসাৰ বাবে উপলব্ধ চিকিৎসা সেৱা ব্যৱস্থা, লগতে জিলাখনত উপলব্ধ  ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিৰ  সুবিধা সমূহৰ লগতে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে বুজ লয় ৷

সভাত আগন্তুক দিনত জিলাখনত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ মুখ্য সচিবগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা জাৰি কৰা শেহতীয়া এছ অ’ পি অনুযায়ী আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে এই আশ্ৰয় শিবিৰ সমূহত শিশুৰ বাবে অনুকুল পৰিৱেশ আৰু ক’ভিড স্বাস্থ্যবিধিৰ সঠিক পালন নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

দুৰ্বল হৈ পৰা মথাউৰী সমূহ তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল’বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। লগতে বানৰ আগৰ আৰু পাছৰ পৰিস্থিতিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগক লগত লৈ আগতীয়াকৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও উপস্থিত সকলোকে মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে ৷

মুখ্য সচিব গৰাকীয়ে সবাৰ অন্তত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৈ গৈ তাত থকা কোভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে। তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক সকলৰ সৈতে মত বিনিময় কৰি ইয়াৰ অভাৱ-অভিযোগৰো বুজ লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd