• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত জল জীৱন মিছন ৰূপায়ণৰ পৰ্যালোচনা বৈঠক

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 28, 2021 11:08 pm
JJM_logo_new
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ জল জীৱন মিছন নামৰ অভিলাষী আঁচনিখন বঙাইগাঁও  জিলাত সফলভাৱে ৰূপায়ণ কৰাৰ বাবে দেওবাৰে উপায়ুক্ত ডা:এম এচ লক্ষ্মীপ্ৰিয়াই সংশ্লিষ্ট বিষয়াসকলৰ সৈতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা কৰে।

জল জীৱন মিছন আঁচনিখনৰ উদ্দেশ্য হৈছে ২০২৪ চনৰ পূৰ্বে গ্ৰামাঞ্চলৰ সকলো লোককে পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী যোগান ধৰা।

Apply Now

উল্লেখ্য যে  বঙাইগাঁও জিলাৰ গ্ৰামাঞ্চলৰ ১,৪৫,১৫৭ ঘৰ লোকক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে বঙাইগাঁও জিলা পানী আৰু অনাময় মিছনে কাম কৰি আছে আৰু চলিত বিত্তীয় বৰ্ষত ৩৪,৬১১ঘৰ লোকক খোৱা পানী যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

তেনেদৰে ১০০ দিনীয়া শিবিৰৰ অধীনত খোৱা পানীৰ ব্যৱস্থা নথকা গ্ৰাম্যাঞ্চলত থকা চৰকাৰী বিদ্যালয় আৰু অংগনৱাডী কেন্দ্ৰসমূহত সুকীয়া পানী যোগান প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ব।জিলা উপায়ুক্তগৰাকীয়ে  সভাত ‘জল জীৱন মিছন’ৰ অধীনৰ ‘নলা পানী যোগান আঁচনি’ আৰু সুকীয়া পানী যোগান প্ৰকল্পৰ সকলো কামৰ বিতং পৰ্যালোচনা কৰে।

এই মিছন সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনাও যুগুত কৰা হৈছে। জল জীৱন মিছনৰ আঁচনিসমূহ চোৱাচিতা আৰু নিৰীক্ষণ কৰাৰ বাবে জিলা উপায়ুক্তক অধ্যক্ষ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঙাইগাঁৱৰ কাৰ্যবাহী অভিযন্তাক সদস্য সচিব আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা জল জীৱন মিছনৰ ন’ডেল বিষয়া,উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি, বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া,জিলা সমাজ কল্যাণ বিষয়া,এপিডিচিএলৰ সহকাৰী মহাপ্ৰবন্ধক,লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা তথা বিদ্যুত বিভাগৰ কাৰ্যবাহী অভিযন্তাক সদস্য হিচাপে লৈ এখন জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটীও গঠন কৰা হয়।

কমিটীখনত অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা ন’ডেল বিষয়া হিচাপে থাকিব ৷  সভাত এইটোও সিদ্ধান্ত লোৱা হয় যে সময়মতে আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে অহৰহ নিৰীক্ষণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়া,সহকাৰী আয়ুক্তক ন’ডেল বিষয়া হিচাপে মনোনীত কৰা হ’ব।

সেইদৰে ৰাজহ চক্ৰ পৰ্যায়ত চক্ৰ বিষয়াক মূৰব্বী হিচাপে লৈ আৰু সংশ্লিষ্ট অন্যান্য বিষয়াক অন্তৰ্ভুক্ত কৰি নিৰীক্ষণ কমিটী গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়। এই কমিটীখনে ক্ষেত্ৰ পৰ্যায়ত কামসমূহ নিৰীক্ষণ কৰি সঠিকভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিব।

জিলা প্ৰশাসনৰ সকলো বিষয়াই গ্ৰামাঞ্চলত ঘৰে ঘৰে নলা পানী যোগান আৰু বিদ্যালয় আৰু অংগনৱাডী কেন্দ্ৰৰ সুকীয়া খোৱা পানী যোগান আঁচনিসমূহ পৰিদৰ্শন কৰিব আৰু নিৰ্দিষ্ট প্ৰ-পত্ৰত উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব।

সভাত আগন্তুক ২০২৪ বৰ্ষৰ মাৰ্চ মাহৰ আগত জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকৰ দুৱাৰদলিত নলা পানী যোগান নিশ্চিত কৰাৰ যি জন আন্দোলন তাক সাকাৰ কৰিবলৈ সৰ্বান্তকৰণে কাম কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে সকলো সংশ্লিষ্ট বিষয়ববীয়াকে আহ্বান জনায়।

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd