• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই বান্ধ বাঁহৰে বান্ধ, বাৰে বাৰে বান্ধিব কিমান? ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে তৎপৰ জলসম্পদ বিভাগ!

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 29, 2021 5:53 pm
special bamboo

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত জলসম্পদ বিভাগৰ লগত জৰিত অভিযন্তাসকলে বিভিন্ন পৰিকল্পনা গৱেষণাৰ মাজেৰে প্ৰৱল বানক বাধা দিব পৰা বান্ধ নিৰ্মাণ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই সময়তে এই অসমতে বিশ্বনাথত উদ্ভাৱন হৈছে এক নতুন প্ৰচেষ্টা ।

কাৰণ এইবাৰ বাঁহৰ ক্ৰীবচ্ বনাই বিশাল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ চেষ্টা অদূৰদৰ্শী ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ।

Apply Now

বিশ্বনাথ পাণপুৰ মথাউৰিৰ নিচেই কাষত ৪নং কুমলীয়াৰ জুলাপাৰা অঞ্চলত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। তেনে ক্ষেত্ৰত এতিয়া জলসম্পদ বিভাগে কেৱল কেইটামান বাঁহৰ ক্ৰীৱচ দি এতিয়া বিশাল লুইতৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে।

ইয়াৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে নৈপৰীয়া ৰাইজ আৰু আমছু। নৈপৰীয়া ৰাইজে অভিযোগ কৰা মতে জলসম্পদ বিভাগৰ হেমাহি আৰু দালালৰূপী  ঠিকাদাৰ সকলৰ দালালৰাজৰ বাবেই এনেদৰে বিপদত পৰিছে নৈ পৰীয়া ৰাইজ।

বিগত ২০ বছৰ ধৰি বাঁহৰ ক্ৰীবচ্ লগাই খহনীয়া প্ৰতিৰোধ কৰিবলৈ অপচেষ্টা কৰাৰ ফলতেই ব্ৰহ্মপুত্ৰই  প্ৰায় ১০ কিলোমিটাৰ ভূমি খহাই নিছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

আমছু আৰু নৈপৰীয়া ৰাইজে বাৰম্বাৰ খহনীয়া হৈ থকা স্থানত জিঅ’ বেগ দিবলৈ অনুৰোধ জনাই থকা স্বত্বেও জলসম্পদ বিভাগে ৰাইজৰ কথালৈ কোনো গুৰুত্ব নিদি বাঁহৰ ক্ৰীবচ্ দি খহনীয়া ৰোধ কৰাৰ বাবেই এতিয়া বিপদত পৰিছে নৈপৰীয়া ৰাইজ। আনকি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈছে এই বাঁহৰ ক্ৰীবচ্ ।

ইফালে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই কিছুদিন পূৰ্বে উক্ত স্থানত খহনীয়া পৰিদৰ্শন কৰা কালত বাঁহৰ দ্বাৰা নহ’ব বুলি কোৱা স্বত্বেও মন্ত্ৰী গৰাকীৰ মন্তব্যক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি বিশ্বনাথৰ জলসম্পদ বিভাগে এনেদৰে বাঁহৰ ক্ৰীৱচ্ দিয়া কাৰ্যই এক ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে।

প্ৰশ্ন হয়, জলসম্পদ মন্ত্ৰী গৰাকীৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুওৱা বিভাগৰ মুৰব্বী সকলে কেতিয়া সাৰ পাব ? নে এনেদৰেই ল’ৰা ধেমালি আৰু তৎপৰতা দেখুৱাই সামৰণি মাৰিব ৰাজ্যৰ অদূৰদৰ্শী বিয়াগোম জলসম্পদ বিভাগে ??

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd