• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক কেতিয়া প্ৰদান কৰা হ’ব ক্ষতিপূৰণ, ৬ সপ্তাহৰ ভিতৰত ন্যায়ালয়ক জনাব লাগিব চৰকাৰে

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 10:53 am
SC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সংহাৰৰ সৃষ্টি কৰা কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক কেতিয়া সাহায্য প্ৰদান কৰা হ’ব সেই বিষয়ে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে ৬ সপ্তাহৰ ভিতৰত জনাব লাগিব।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এম আৰ শ্বাহে এই বিষয়ত কয় যে কোভিডক যিহেতু দুৰ্যোগ হিচাবে ঘোষণা কৰা হৈছে সেয়ে দুৰ্যোগ প্ৰশমন বিভাগে এনডিআৰএফ আৰু এছডিআৰএফ পূঁজিৰ পৰা কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা উচিৎ।

Apply Now

এই বিষয়ত ৰাজ্য চৰকাৰে প্ৰদান কৰা সাহায্যৰ উপৰি কেন্দ্ৰই সাহায্যপ্ৰদান কৰা উচিৎ হ’ব। সাহায্যৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈও ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিয়ো।দুৰ্যোগ প্ৰশমন আইনৰ ধাৰা ১২ মতে সাহায্য প্ৰদান কৰাটো ন্যায়সংগত বুলিও ন্যায়ালয়ে কয়।

উল্লেখ্য কোভিডে ইতিমধ্যে দেশত তিনি লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।

এনে সময়তে কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ বাবে দাবী উত্থাপন হৈছে।
কোভিডত মৃত্যু ঘটা লোকক সাহায্য প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই অলপতে নিজৰ স্থিতি স্পষ্ট কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ৰ মজিয়াত এই কথা স্পষ্ট ভাবে জনাই দিয়া হৈছিল যে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক চৰকাৰে ৪ লাখ টকাৰ সাহায্য দিয়াটো কোনোপধ্যে সম্ভৱ নহয়।

যদি কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য দিয়া হয় তেন্তে আন ৰোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকো সাহায্য প্ৰদানৰ দাবী উঠিব।সেয়ে কোভিডৰ বিষয়টো বেলেগ ভাবে বিবেচনা কৰাটো সম্ভৱ নহ’ব বুলি কেন্দ্ৰই ন্যায়ালয়ত প্ৰকাশ কৰিছে।

কেৱল মাত্ৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকহে চৰকাৰে সাহায্য প্ৰদান কৰাৰ বিধান আছে বুলিও আদালতত চৰকাৰে প্ৰকাশ কৰে।উল্লেখ্য দেশত বৰ্তমান কোভিডৰ দ্বিতীয় ঢৌ চলি আছে।

এতিয়ালৈকে কোভিডত মৃত্যু ঘটিছে প্ৰায় ৩ লাখ ৮৫ হাজাৰ লোকৰ। ইয়াৰ মাজতে কোভিডৰ তৃতীয়টো ঢৌ শীঘ্ৰে দেশত আৰম্ভ হোৱাৰ আশংকাই দেখা দিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd