• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমাৰ হেঁচাত পৰি ৰাজ্য চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰিলে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2018 6:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে যোৰহাটত স্থাপন কৰা অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক আৰু তীব্ৰ প্ৰতিবাদ হোৱাৰ পিছত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ওলাইছে চৰকাৰ।

আজি বিধানসভাৰ মজিয়াত এই বিষয়টোক লৈ হোৱা তীব্ৰ বাক-বিতণ্ডাৰ মাজেৰে হোৱা আলোচনাৰ পিছত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিল নহয় বুলি ঘোষণা কৰে। বিৰোধীয়ে এই প্ৰসংগটোত বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সবল যুক্তি দাঙি ধৰিছিল। শেষত আজি সদনত এই সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰা হ’ল।

Apply Now

স্বাভাৱিকতে ই উৎফুল্ল কৰি তুলিছে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰী আৰু ইয়াৰ সৈতে জড়িত সকলো পক্ষকে।

আজি দিনটোৰ বিধানসভাৰ অধিৱেশনৰ পিছত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কয়, ‘মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ প্ৰসংগতো আমি তেওঁলোকক আলোচনা কৰিবলৈ বাধ্য কৰালো। আজি তেওঁলোকে এইখন বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰিলে। প্ৰাৰম্ভিক পৰ্য্যায়ত এই মহিলা বিশ্ববিদ্যালয়ৰ কিছু আসোঁৱাহ থকাটো স্বাভাবিক।

আনহাতে বিজেপি চৰকাৰখনে সকলো কথাতে কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰা বুলি মন্তব্য কৰি গগৈয়ে কয়, ‘প্ৰথম অবস্থাত উপাচাৰ্য্য এগৰাকী বিচাৰি নোপোৱাৰ বাবে আমি মেণ্টৰ নিযুক্তি দিছিলো। সেই অৰ্ডাৰটো সেই সময়ত শিক্ষা মন্ত্ৰীয়ে দিছিল। সেই অৰ্ডাৰ কপিটোত উপাচাৰ্য্য নিযুক্তি নিদিয়ালৈকে মেণ্টৰ নিযুক্তি দিয়া প্ৰক্ৰিয়াটো অস্থায়ী বুলি উল্লেখ আছিল।‘

ইয়াৰ বিপৰীতে তেওঁ বিজেপি চৰকাৰৰ দিনতে মহিলা বিশ্ববিদ্যালয়ৰ উন্নয়নমূলক কাম-কাজ পিছ পৰি থকা বুলি অভিযোগ তোলে।

তেওঁৰ মতে ‘বিশ্ববিদ্যালয়খনৰ আচাৰ্য্যৰ পদত মুখ্য মন্ত্ৰী নিজে আছে। এই সংক্ৰান্তত ২০১৬ চনৰ ৬ ছেপ্তেম্বৰত এখন বৈঠক অনুষ্ঠিত কৰি তাত নতুন নতুন সভ্য কিছুমান অন্তৰ্ভুক্ত কৰিলে। সত্ৰাধিকাৰ পিতাম্বৰ দেবগোস্বামী, দয়ানন্দ গোস্বামী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি অন্য বহুকেইজনক সভ্যৰ দ্বায়িত্ব অৰ্পণ কৰিছিল। সেই সভাতে শিক্ষকৰ বাবে ১০৫টা পদত নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। লগতে আন্তঃগাঁথনি নিৰ্মাণৰ বাবদ ১৫০ কোটি টকা ধাৰ্য্য কৰিছিল আৰু ১০ কোটি টকা প্ৰথম পৰ্য্যায়ত মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা কাৰ্য্যকালৰ দুটা বৰ্ষ অতিক্ৰম কৰাৰ পিছতো বিজেপি চৰকাৰে বৰ্তমানলৈকে মহিলা বিশ্ববিদ্যালয়ৰ বাবে একো কামেই কৰিব পৰা নাই। এই ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিলে নহ’ব।‘

ইয়াৰোপৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অসম মহিলা বিশ্ববিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগে ২০১৪ চনৰ ২ ডিচেম্বৰ তাৰিখে স্বীকৃতি প্ৰদান কৰা বুলিও সদৰী কৰে।

লগতে তেওঁ কয়, ‘য়ু জি চিয়ে ১৫০ কোটি টকা অনুদান আগবঢ়োৱাৰ কথা কৈছিল। কংগ্ৰেছে মাত্ৰ ২০১৫ চনটোহে শাসন চলাবলৈ পালে। ২০১৬ চনৰ পৰা বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতো আজি ২ বছৰে তেওঁলোকে কিয় মেণ্টৰ বুজৰবৰুৱাক আঁতৰাই স্থায়ী উপাচাৰ্য্য নিযুক্তি দিব নোৱাৰিলে? বুজৰবৰুৱাই বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ জীবনক লৈ হেতালি খেলিছে। যিমান গুৰুত্ব সহকাৰে বিষয়টো ল’ব লাগিছিল তেওঁ লোৱা নাই।‘

আনহাতে পুনৰ আক্ৰমণাত্মক হৈ গগৈয়ে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা বিশ্ববিদ্যালয়ৰ পূৰ্ণাংগ ৰূপ দিয়াত কোনো আগ্ৰহ নাই বুলি মন্তব্য কৰে।

এই সন্দৰ্ভত গগৈয়ে কয়, ‘আছুকে ধৰি বিভিন্ন দল-সংগঠনে আন্দোলন-প্ৰতিবাদ কৰাতহে তেওঁলোকে এই মহিলা বিশ্ববিদ্যালয়খন ৰখাৰ সিদ্ধান্ত লৈছে। অন্যথা তেওঁলোকে কেৱল মহিলাৰ বাবে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্ববিদ্যালয়খনক নিম্ন পৰ্য্যায়ৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আছিল।‘

আনহাতে গগৈয়ে অধ্যক্ষই বিধায়কসকলক সদনৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত ব্যক্ত কৰাত বাধা আৰোপ কৰা সন্দৰ্ভত কয়, ‘আমি কোনো দাগী-অপৰাধী নহয় যে আমাৰ বাক-স্বাধীনতাত অধ্যক্ষই বাধা আৰোপ কৰিব। যদি কোনো অসংবিধানিক মন্তব্য দিছো তেন্তে মোৰ বিৰুদ্ধে একশ্যন লোৱাৰ অধিকাৰ তেওঁৰ আছে। মোৰ ঘৰৰ কাষৰে এখন মহিলা বিশ্ববিদ্যালয় বন্ধ হৈ যাব ধৰাত মই কেতিয়াও মনে মনে থাকিব নোৱাৰো। আজি কংগ্ৰেছৰ লগতে অসমবাসীৰ জয় হ’ল।‘

শেষত গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে আছুকে ধৰি প্ৰতিবাদ কৰা দল-সংগঠন,  সকলো ছাত্ৰ-ছাত্ৰী আৰু মহিলাকে ধন্যবাদ জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd