• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বৰ মাহবোৰত ৰাইজে ৰখা নিজৰ দৃঢ় স্থিতি যদি শিথিল কৰে, নিশ্চিতভাবে আন এক লহৰ আহিব

বিশেষজ্ঞ চিকিৎসক ডাঃ অনুৰাগ আগ্ৰৱালে দিয়া সাক্ষাৎকাৰত ক'লে ক'ভিডৰ ডেল্টা প্লাছৰ পৰা কিয় আতংকিত হোৱাৰ প্ৰয়োজন নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2021 8:50 pm
delta-variant-india-covid-19-e1624464120253-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইনষ্টিটিউট অৱ জিন’মিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়’লজী (চিএছআইআৰ), নতুন দিল্লীৰ সঞ্চালক ডাঃ অনুৰাগ অগ্ৰৱালে ক’ভিডৰ নতুন প্ৰজাতিৰ সংক্ৰমণৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰিছে। তাৰ সাৰাংশ তলত দাঙি ধৰা হ’ল।

প্ৰশ্ন। ডেল্টা ভেৰিয়েণ্ট কি? কিয় ই বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে?

Apply Now

ছাৰছ- কভ-২, বি-১.৬১৭.২-ৰ জিনীয় উৎপৰিৱৰ্তিত ভেৰিয়েণ্টক সম্প্ৰতি ডেল্টা ভেৰিয়েণ্ট হিচাপে নামাকৰণ কৰা হৈছে। ইয়াৰ প্ৰ’টিন স্পাইক (Spike) সমূহত জিনীয় উৎপৰিৱৰ্তন সংঘটিত হৈছে, যিয়ে ইয়াক অধিক সংক্ৰমণাত্মক আৰু দেহ প্ৰতিৰোধী শক্তিক ভেদিব পৰাকৈ বিকশিত কৰিছে। ইতিমধ্যে এই জীৱাণুবিধ পৃথিৱীৰ ৮০খন দেশলৈ সংক্ৰমিত হৈছে। ভাৰতৰ পিছতে ই এতিয়া ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু প্ৰদেশ, ছিংগাপুৰ আৰু দক্ষিণ চীনত তীব্ৰ গতিত বিয়পিবলৈ আৰম্ভ কৰিছে।

প্ৰশ্ন। ডেল্টা প্লাছ ভেৰিয়েণ্ট কি?

যেতিয়া সম্ভাৱ্যপৰ যিকোনো প্ৰয়োজনৰ বাবে ডেল্টা ভেৰিয়েণ্টে নিজৰ কোষত অতিৰিক্ত জিনীয় উৎপৰিৱৰ্তন সংঘটিত কৰে, তেতিয়া ইয়াক ডেল্টা প্লাছ হিচাপে চিহ্নিত কৰা হয়। উৎপৰিৱৰ্তিত কে ৪১৭এন, যাক পূৰ্বতে বিটা ভেৰিয়েণ্টত পৰিলক্ষিত হৈছিল, সম্প্ৰতি কিছুলোকে ক’ব খোজা ডেল্টা প্লাছ হিচাপে ইয়াকে ধৰা হয়।

ই কোনো ডেল্টা বা বিটাৰ বৰ্ণশংকৰ নহয়, কিন্তু সন্মিলিত ক্ৰমঃবিকাশৰ ফলত ইয়াত স্বতঃফূৰ্তভাৱে জিনীয় উৎপৰিৱৰ্তনৰ বিকাশ হৈছে, যাৰ প্ৰকৃত শুদ্ধ নাম এ ৱাই. ১ বা এ ৱাই. ২।

মোৰ অভিমত যে, যিসমূহ অঞ্চল ইতিমধ্যে ডেল্টা ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে, সেই অঞ্চলসমূহ ডেল্টা প্লাছ ভাইৰাছৰ বাবে কোনো গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মূখীন নহ’ব। মই আশা কৰো যে ডেল্টা ভাইৰাছৰ বিৰুদ্ধে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাই গঢ়ি তোলা বাধাৰ বাবে ডেল্টা প্লাছৰ ক্ষেত্ৰতো নূন্যতম হ’লেও শৰীৰে ৰোগ প্ৰতিৰোধী আৰু ভাইৰাচ প্ৰশমন প্ৰক্ৰিয়া সৃষ্টি কৰিব। সেইবাবে মই ইয়াৰ ফলত শেহতীয়া কোনো আতংক বা ভীতিগ্ৰস্ত হোৱাৰ স্থল দেখা পোৱা নাই।

বিগত মাহত ডেল্টা ভাইৰাছৰ বিপৰীতে ডেল্টা প্লাছ দ্ৰুতগতিত সংক্ৰমিত হ’ব পৰা নাই, যিয়ে আমাক কিছু হ’লেও সকাহ দিছে। তথাপি অধিক বিশ্লেষণৰ প্ৰয়োজন নিহিত ডেল্টা উপ- প্ৰজাতিৰ ভাইৰাছৰ আচৰণত আই এন এছ এ চি অ’জি (INSACOG)য়ে তীক্ষ্ণ দৃষ্টি অব্যাহত ৰাখিছে।

প্ৰশ্ন- কিছু লোকে সম্ভাৱনা ব্যক্ত কৰাৰ দৰে শীঘ্ৰে আমি তৃতীয় ঢৌৰ সন্মূখীন হম নেকি?

এটা অঞ্চলৰ সংকটাপন্ন বা দুৰ্বল লোকসকলক ব্যাপক সংক্ৰমণৰ যোগেদি ভাইৰাছৰ প্ৰাদূৰ্ভৱ আৰম্ভ হয় আৰু ই সংবেদনশীল লোকসকলক অধিকৰ পৰা অধিকভাবে সংক্ৰমণ ঘটায়। কিছু লোক সংক্ৰমিত হয় আৰু এনে ভাইৰাছৰ বিৰুদ্ধে শৰীৰত নিজস্বভাৱে বিকশিত হোৱা ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বাবে আৰোগ্য লাভ কৰে। ইয়াৰ বিপৰীতে এনে কিছু লোক আছে যিয়ে টিকাকৰণৰ পিছত প্ৰয়োজনীয় প্ৰতিৰোধ ক্ষমতা লাভ কৰে।

যেতিয়া যথেষ্ট সংখ্যক লোকে এনে ৰোগ প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিব, তেতিয়া ভাইৰাছে সহজে সংক্ৰমণ বৃদ্ধি কৰিব নোৱাৰিব আৰু সংক্ৰমণৰ সংখ্যা হ্ৰাস পাব।

কিছু সময়ৰ পিছত, যেতিয়া ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস হ’ব বা ভাইৰাছে ইয়াক ভেদিবলৈ সক্ষম হ’ব, তেতিয়া ভাইৰাছে পুনৰ আঘাত কৰিব আৰু পুনৰ সংক্ৰমণ আৰম্ভ হ’ব। ফলত ইয়াক আমি এক ‘ঢৌ চক্ৰ’ হিচাপে অভিহিত কৰিব পাৰো।

যদি সমগ্ৰ দেশৰ পৰিস্থিতি লক্ষ কৰো, আমি শেহতীয়াকৈ অহা লহৰক দ্বিতীয় লহৰ বুলি চিহ্নিত কৰিব নোৱাৰো। উদাহৰণ স্বৰূপে, দিল্লীৰ এয়া আছিল চতুৰ্থ লহৰ। দিল্লীত বিগত বৰ্ষৰ জুনত প্ৰথম, ছেপ্তেম্বৰত দ্বিতীয়, ইয়াৰ পিছতে নৱেম্বৰত তৃতীয় আৰু সম্প্ৰতি অহাটো চতুৰ্থ লহৰ।

বহুতো লোকে কেতিয়া পৰৱৰ্তী সংকট আহিব সেয়া জানিব বিচাৰে। ডেল্টা ভেৰিয়েণ্টে সম্প্ৰতি সমগ্ৰ দেশত সংক্ৰমণ অব্যাহত ৰখাৰ সময়ত মই নাভাবো যে  শীঘ্ৰে আন এক লহৰ বা ঢৌ আহিব। এতিয়া অধিকাংশ লোকৰে এই ভাইৰাছৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠিব। সেইবাবে মই স্থানীয়ভাবে কিছু অঞ্চলতহে ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছো, শীঘ্ৰে দেশজুৰি বৃহৎ লহৰ আহিব বুলি মই নাভাবো।

অৱশ্যে, যদি উৎপৰিৱৰ্তিত ভাইৰাছে মাৰাত্মকভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক পৰাভূত কৰে আৰু পূৰ্বৰ মাহবোৰত লোকসকলে ৰখা নিজৰ দৃঢ় স্থিতি শিথিল কৰে, তেন্তে নিশ্চিতভাৱে আন এক লহৰ আহিব। অতি সম্প্ৰতি টীকাকৰণ দ্ৰুত হাৰত হৈ আছে, ভাইৰাছৰ ক্ৰমবিকাশৰ বাবে সময় লাগে আৰু আমি আই এন এছ এ চি অ’ (INSACO)ত জিনীয় উৎপৰিৱৰ্তনৰ কাৰকৰ অনুসন্ধান অব্যাহত ৰাখিছো। সেইবাবে মই আশাবাদী যে আগন্তুক লহৰৰ পৰিসীমা সংকুচিত কৰিব পৰা যাব। মনত ৰাখিব যে এতিয়াও ভাইৰাছবিধ আছে আৰু আমি কিছু সময় লাভ কৰিছো যাক আমি ভালদৰে ব্যৱহাৰ কৰাটো জৰুৰী। সেয়ে আমি আতংকিত নহৈ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন লগতে টীকাকৰণ আগুৱাই নিয়া উচিত।

প্ৰশ্ন- টিকাৰ কাৰ্যকাৰিতাৰ ওপৰত জিনীয় উৎপৰিৱৰ্তনে কেনে প্ৰভাৱ বিস্তাৰ কৰে?

ভাইৰাছৰ প্ৰ’টিন স্পাইক (Spike)ত হোৱা জিনীয় উৎপৰিৱৰ্তনে টিকাকৰণৰ পিছত দেহত উৎপন্ন হোৱা এণ্টি’বডিক ইয়াৰ সৈতে সংযুক্ত হ’ব নিদিয়ে। এনে পৰিস্থিতিত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা উৎপৰিৱৰ্তিত ভাইৰাচ  (mutant virus)য়ে লুকাই শৰীৰত প্ৰৱেশ কৰে আৰু ৰোগৰ সৃষ্টি কৰে। এতিয়ালৈকে, শেহতীয়াকৈ উপলব্ধ টিকাসমূহৰ উৎপৰিৱৰ্তিত ভাইৰাছৰ পৰা হোৱা জটিল ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে কিন্তু সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ই কম দক্ষ।

প্ৰশ্ন- কি কাৰকে ভাইৰছত উৎপৰিৱৰ্তনক ত্বৰান্নিত  কৰে?

যেতিয়া স্থিতি লোৱা কোনো শৰীৰত ভাইৰাছে বংশবৃদ্ধি আৰম্ভ কৰে, তেতিয়া ই ইয়াৰ নিযুত নিযুত প্ৰতিৰূপ সৃষ্টি কৰে। কিন্তু বহুক্ষেত্ৰত কিছু প্ৰতিৰূপী নতুন কোষ অপত্য পিতৃ কোষৰ দৰে হুবহু নহয়, সেই সমূহত কিছু পাৰ্থক্য থাকে বা নতুন চৰিত্ৰ বিকাশ হয়, আৰু ইয়াকে উৎপৰিৱৰ্তন হিচাপে চিহ্নিত কৰা হয়। মানৱ দেহৰ ৰোগ প্ৰতিৰোধী শক্তিৰ পৰা লুকাই দেহত প্ৰৱেশ কৰাৰ বাবে ভাইৰাছে কিছু সুবিধাজনক উৎপৰিবৰ্তন বিকাশ কৰে। যিয়ে ইয়াক পূৰ্বৰ প্ৰজাতিৰ বিপৰীতে অধিক সংক্ৰমণ কৰাত সহায় কৰে আৰু ডেল্টা দৰে ই উৎপৰিৱৰ্তিত ভেৰিয়েণ্ট (mutant Variant) ৰূপে কাৰ্য আৰম্ভ কৰে।

প্ৰশ্ন- এটা ভাইৰাচত দ্বি-ত্ৰি উৎপৰিৱৰ্তন কি?

প্ৰক্ৰিয়াটো সৰলভাষাত বুজোৱাৰ বাবে এই দুটা শব্দৰ ব্যৱহাৰ অশুদ্ধ। সকলো শেহতীয়া প্ৰজাতিয়েই উৎপৰিৱৰ্তন কঢ়িয়ায়। কিন্তু কিছু সংখ্যক উৎপৰিৱৰ্তিত ভাইৰাছে অধিক সংক্ৰমণৰ লগতে জটিল ৰোগ সৃষ্টি কৰিব পাৰে।

প্ৰশ্ন- জিন’ম ছিকুৱেলৰ জৰিয়তে ভাৰতে ভাইৰাছৰ উৎপৰিৱৰ্তন ধৰা পেলাব পাৰিবনে? ই কিয় গুৰুত্বপূৰ্ণ?

হয়, ভাইৰাছৰ জিনীয় উৎপৰিৱৰ্তনৰ কাৰক ভাৰতে চিনাক্ত কৰিছে। এনে কাৰক চিহ্নিত কৰাৰ বাবে সম্প্ৰতি বিদ্যমান ভেৰিয়েন্টৰ পৰা হোৱা প্ৰাদুৰ্ভাৱৰ সংকট নিৰূপণ কৰাত সহায়ক হৈছে। তদুপৰি আগন্তুক সম্ভাৱনাময় ভেৰিয়েণ্ট চিনাক্ত কৰাৰ ক্ষেত্ৰতো সহায়ক হৈছে।

প্ৰশ্ন- এটা ভাইৰাছৰ ‘ষ্টেইন’ আৰু ‘ভেৰিয়েণ্ট’ৰ মাজত পাৰ্থক্য কি?

কাৰিকৰী দিশত যেতিয়ালৈকে ভাইৰাছৰ গুৰুত্বপূৰ্ণ চৰিত্ৰৰ ক্ষেত্ৰত সম্পূৰ্ণ পৰিৱৰ্তন নঘটে তেতিয়ালৈ ইয়াক ‘ষ্টেইন’ হিচাপে গণ্য কৰা হয়, যি এতিয়ালৈকে হোৱা নাই।ভেৰিয়েণ্ট বা প্ৰজাতি হৈছে এটা ভাইৰাছত পৰিলক্ষিত চাৰিত্ৰিক পৰিৱৰ্তন সংঘটিত কৰা জিনীয় উৎপৰিৱৰ্তনক সামৰি লোৱা উপযুক্ত শব্দ।

প্ৰশ্ন- ইয়ে প্ৰতিটো উৎপৰিৱৰ্তনৰ বাবে বিজ্ঞানীসকলে নতুন ছিটা উদ্ভাৱনৰ প্ৰয়োজনীয়তাক সূচায় নেকি?

প্ৰতিটো উৎপৰিৱৰ্তনৰ বাবে নতুন ৰূপত টিকাৰ প্ৰয়োজন আছে বুলি আমি নাভাৱো। উদাহৰণ স্বৰূপে, উৎপৰিৱৰ্তিত ই ৪৮৪ কে (E484K) ভাইৰাছৰ বাবে টিকাৰ দৰকাৰ। আমি ইতিমধ্যে কিছু  এম আৰএনএ(mRNA)টিকাৰ সংস্কৰণত এয়া পৰিলক্ষিত কৰিছো।

প্ৰশ্ন- ভাৰতত শেহতীয়াকৈ উপলব্ধ টিকাসমূহে উৎপৰিৱৰ্তিত ক’ভিড ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষা দিয়ে নে?

হয়, দেশত উপলব্ধ সকলো টিকাই এইবিধ ভাইৰাছৰ পৰা উদ্ভৱ হ’ব পৰা জটিল ৰোগৰ পৰা সুৰক্ষা দিয়ে।

প্ৰশ্ন-কিয় ‘উৎপৰিৱৰ্তন’ বা ‘ষ্টেইনে’ আতংকৰ সৃষ্টি কৰে?

ভাইৰাছৰ বাবে উৎপৰিৱৰ্তন অপৰিহাৰ্য। ইয়াত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ৰাইজে সকলো সতৰ্কতা অৱলম্বন কৰিব লাগে আৰু প্ৰতিৰোধৰ বাবে ক’ভিডৰ উচিত বিধি (CAB) অনুসৰণ কৰিব লাগে। চিএবি (CAB) সকলো উৎপৰিৱৰ্তিত ভাইৰাচৰ ক্ষেত্ৰত কাৰ্যকৰী। লগতে পূৰ্বতে উনুকিয়াৰ দৰে, টিকাই ইয়াৰ পৰা সৃষ্টি হ’ব পৰা জটিল ৰোগৰ পৰা সুৰক্ষা দিয়ে।

প্ৰশ্ন- কিয় টিকাকৰণ অতি গুগুত্বপূৰ্ণ?

যেতিয়া ক’ভিড উচিত বিধি (Covid Appropriate Behaviour)য়ে সকলো সংক্ৰমণৰ পৰা আমাক সুৰক্ষা দিয়ে, টিকাইয়ো সকলো সংক্ৰমণ আৰু সম্প্ৰসাৰণৰ হাৰ হ্ৰাস কৰে। অতিকৈ গুৰুত্বপূৰ্ণ যে, এই দুয়োবিধে জটিল ৰোগ বিকাশৰ সম্ভাৱনীয়তা ৯০শতাংশলৈ হ্ৰাস কৰে।

এই লিখনিটো আগবঢ়াইছে নেশ্যনেল মিডিয়া ৰেপিড ৰেছপঞ্চ চেল (এনএমআৰআৰচি) আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd