গোলাঘাট নগৰত উদ্ধাৰ হৈছে বান্দোলে বান্দোলে টকা। শুকুৰবাৰে নিশা গোলাঘাট নগৰৰ মাজমজিয়াৰ টোকানী চাৰ্কোলত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন জব্দ কৰে।
সান্ধ্য আইন চলি থকা সময়ত অনাহকত ওলাই অহা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা সময়তে এখন ইন’ভা ক্ৰিষ্টা বাহনৰ পৰা এই ধন জব্দ কৰা হয় ।
এএছ ০১ ই এম ৮২৪৯ ইন’ভা ক্ৰিষ্টা বাহন খনত উঠি অহা তিনি জন লোকে এটা ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে টকাখিনি।
কৌশলগত ভাৱে ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই আনোতে গোলাঘাট আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে ধনখিনি জব্দ কৰাৰ লগতে বাহনত অহা তিনিজন লোককো আৰক্ষীয়ে আটক কৰে।
গাড়ী চালকৰ ভাষ্য অনুসৰি ধনসমূহ কাৰ্বি আংলং চিলনীজানৰ বীৰ সিং নামৰ ব্যক্তি জনৰ বুলি জানিবলৈ দিছে যদিও বৰ্তমান পৰ্যন্ত সঠিক তথ্য লাভ কৰা নাই।
আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানতহে ধনখিনিৰ পৰিমাণ আৰু সৰবৰাহৰ মূল কাৰণ নিশ্চিত হৈ পৰিব।