বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷ জিলাখনত শনিবাৰৰ দিনটোত নতুনকৈ পুনৰ ৪৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷
আনহাতে সুস্থ হৈ উঠিছে ১৩ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ১৩ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ১৯৯ জন হৈছে ৷
ইয়াৰ ভিতৰত ১৪২ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
জিলাখনত শনিবাৰে মুঠ ৪,২৭০ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১০ জুলাই লৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,১৬৮ জন হৈছে ৷