• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট ভাষণ, কি কি নতুন কথা?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2021 3:35 pm
Shiva-Naik
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে আজি বিধানসভাৰ মজিয়াত বাজেট ভাষণ আৰম্ভ কৰে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে।বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰা কেইটামান প্ৰধান বিষয় এনেধৰণৰ—

অৰুণোদয় আঁচনি এতিয়ালৈ ঘোষিত সকলোবোৰ আঁচনিৰ ভিতৰত শক্তিশালী আঁচনি।

Apply Now

২০,২১,৫০০ লোকে লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা।

‘প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত লাভ কৰিব বিধৱা পেঞ্চন’।

‘ৰাজ্যত ৫ বছৰত বৃদ্ধি পাইছে জি এছ ডি পিৰ পৰিমাণ’{

‘বটদ্ৰৱা থানৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ’{

‘শ্ৰীমন্ত শংকৰদেৱক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাটো সকলোৰে জাতীয় দায়িত্ব’{

১ লাখ নিৱনুৱাক সংস্থাপন দিয়া সিদ্ধান্তক ঐতিহাসিক আখ্যা ।

চাৰিটা নতুন আৰক্ষী বেটেলিয়ন গঠনৰ সিদ্ধান্ত।

চাৰিটা নতুন ফৰেণছিক গৱেষণাগাৰ প্ৰতিষ্ঠাৰ সিদ্ধান্ত ।

‘‘অসমত ১৩ জুলাইলৈ কোভিডত ৪৮৮৮ গৰাকী লোকৰ মৃত্যু হৈছে’।

কোভিডত স্বামী হাৰা আৰু পিতৃ-মাতৃ হেৰুৱা সকললৈ চৰকাৰৰ সাহায্য আঁচনিৰ প্ৰসংগ।

বিত্ত মন্ত্ৰীৰ ভাষণত মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাইৰ প্ৰসংগ।

৫৬৬.২০ কোটি টকাৰ ঘাটি বাজেট।

চাৰিটা নতুন আৰক্ষী বেটেলিয়ন গঠনৰ প্ৰস্তাৱ।

১ লাখ নিবনুৱাক চাকৰি।

‘মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰৰ ১২০০০ কোটি টকাৰ প্ৰয়োজন হ’ব’।

‘বিভিন্ন বিভাগৰ ১০০০৪৩ টা খালী পদত নিযুক্তি দিয়া হ’ব’।

‘সম্পুৰ্ণ নিকা ব্যৱস্থাৰে দিয়া হ’ব ১ লাখ নিৱনুৱাক নিযুক্তি’।

অৰুণোদয় আঁচনিৰ বাবে ১৮০০ কোটি টকা ধাৰ্য্য।

প্ৰতিটো বছৰৰ এটা মাহ ‘অৰুণোদয় মাহ’ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত।

কোকৰাঝাৰৰ পৰা বাশবাৰী হৈ ৰূপসী বিমান বন্দৰলৈ ৭৪ কিলোমিটাৰ পথ নিৰ্মাণ হ’ব
ৰৌতাৰ পৰা মিছামাৰীলৈ ৫০ কিলোমিটাৰ পথ নিৰ্মাণ হ’ব
ঘগ্ৰাবস্তি হৈ গহপুৰ- ধলপুৰলৈ ২৮ কিলোমিটাৰ পথ নিৰ্মাণ হ’ব
বিজুলীবন-পেঙেৰী সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৮ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব।

কুমাৰীকাটা-জালাহ পথত পাগলাদিয়াত ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰা হ’ব।

শিপিনী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ ব্যৱস্থা।

অসমৰ শিপিনী সকলৰ বাবে স্বনিৰ্ভৰ নাৰী আঁচনি ধাৰ্য্য।

‘অসমীয়া খিলঞ্জীয়া নাৰী সকলক এই আঁচনিয়ে আৰ্থিকভাৱে শক্তিশালী কৰিব’।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ১০০০ কিলোমিটাৰ মথাউৰি পথ তথা মথাউৰিলৈ ৰূপান্তৰ কৰা হ’ব{

মথাউৰিক পথ তথা মথাউৰিলৈ উন্নীতকৰণৰ বাবে ১০০০ কোটি টকা ব্যয় কৰা হ’ব{

অসমত ১০০০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব{

ইয়াৰ বাবে ১৩.৫০ কোটি টকা ধাৰ্য্য কৰা হৈছে{

প্ৰতিটো আদৰ্শ আগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ বাবদ ২৫ লাখ টকা ধাৰ্য্য কৰা হৈছে{

পৰৱৰ্তী সময়ত ৰাজ্যত ১০০০০ টা আদৰ্শ আগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য{

অসমৰ ৪৮,৮০৫ টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩,৬৫৬ খন প্ৰাথমিক বিদ্যালয়ত বৈদ্যুতিকৰণ কৰা হ’ব{

এই বৈদ্যুতিকৰণৰ বাবে ১৪৪ কোটি টকা আৱন্টন

অন্ন যোঁজনাৰ বাবে ৩৯০.০৮ কোটি টকা ধাৰ্য্য

চাহ বাগিচা শ্ৰমিক লাইনত খোৱাপানীৰ টেপ সংযোগৰ সিদ্ধান্ত

পাইপ যোগে পানী যোগান আঁচনিয়ে ৮০৫ বাগিচাক সামৰি ল’ব

অসম চৰকাৰে ‘এক ৰাষ্ট্ৰ এক ৰেছন কাৰ্ড’ ৰূপায়ণৰ বাবে দায়ৱদ্ধ

গৰু আৰু ম’হৰ ফাৰ্মত উচ্চ জাতৰ মাইকী গৰু ম’হৰ পোৱালিৰ জন্মৰ সংখ্যা বৃদ্ধি কৰা হ’ব।

ইয়াৰ বাবে ৰাজ্য চৰকাৰে কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰৰ প্ৰস্তাৱ লৈছে।

এই পদ্ধতিৰ জৰিয়তে গৰু-ম’হৰ পোৱালিৰ ৮০-৯০ শতাংশ মাইকী পোৱালি হ’ব।

গৰু-ম’হৰ বাবে কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰিব ৰাজ্য চৰকাৰে।

২০০ খন দুগ্ধ কো-অপাৰেটিভ ছ’চাইটিলৈ তথা আত্মসহায়ক গোটলৈ বীজ ধন প্ৰদানৰ প্ৰস্তাৱ।

ইয়াৰ বাবে বাজেটত ৪ কোটি টকাৰ প্ৰস্তাৱ।

ৰাজ্যত প্ৰতিবছৰে ২ লাখ গাহৰি উৎপাদন কৰাৰ লক্ষ্য চৰকাৰৰ।

কুকুৰা পালক সকলৰ বাবেও অসম চৰকাৰৰ আঁচনি।

প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বাবে ৪০০ কোটি টকা ধাৰ্য্য।

অসমক গুৰুত্বপূৰ্ণ ধান ক্ৰয়কাৰী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য।

দৰঙৰ গৰুখুটি প্ৰকল্পৰ বাবে ৯.৬০ কোটি টকাৰ প্ৰস্তাৱ।

কৃষক গোট, আত্মসহায়ক গোটক প্ৰদান কৰা হ’ব প্ৰশিক্ষণ।

মৎস্য উৎপাদন বৃদ্ধিৰ বাবে ১০,০০০ গ্ৰাম্য ৰাজহুৱা পুখুৰী খন্দোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ।

‘ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ’ আঁচনিৰ অধীনত খন্দোৱা হ’ব এই পুখুৰী সমূহ।

এই আঁচনিয়ে ৰাজ্যত ৫০ হাজাৰ মেণ্ট্ৰিকটন মৎস উৎপাদন বৃদ্ধি কৰিব।

খিলঞ্জীয় জনগোষ্ঠী সমূহৰ ঐতিহ্য, সংস্কৃতি সংৰক্ষণ বিভাগৰ বাবে ১০০ কোটি টকা ধাৰ্য্য।

প্ৰশাসনিক প্ৰক্ৰিয়া তৰাণ্বিত কৰিবলৈ নিৰ্মীয়মাণ ১৮ টা প্ৰকল্পক অগ্ৰাধিক ভিত্তিক প্ৰকল্প হিচাপে তালিকাভুক্ত।

ক্ষুদ্ৰ ব্যৱসায়ী আৰু কাৰু শিল্পীসকললৈ বিশেষ সাহায্য।

চৰকাৰী বিদ্যালয় সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে স্মাৰ্ট ফোন।

স্মাৰ্ট ফোন প্ৰদানে ৮ লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।

১০০০ টা স্বাস্থ্য উপকেন্দ্ৰক হস্পিটেললৈ ৰূপান্তৰিত কৰা হ’ব।

তামুলপুৰক নতুন জিলা হিচাপে ঘোষণা কৰা হ’ব।

নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ।

বেদখলমুক্ত কৰা হ’ব গুৱাহাটীৰ পাহাৰ সমূহ।

পাহাৰ সমূহ বেদখল মুক্ত কৰাৰ বাবে ড্ৰোণ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব।

নতুনকৈ পাঁচখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ।

গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত স্থাপন হ’ব এই চিকিৎসা মহাবিদ্যালয়।

অসমত ১০ টা কামাণ্ডো বেটেলিয়ন গঠন কৰা হ’ব।

পৰম্পৰাগত বণবাসী(বনৰ অধিকাৰ স্বীকৃতি আইন-২২০৬)ৰ অধীনত বণাঞ্চলৰ ভূমি বন্দোৱস্তি কৰণ হ’ব।

গোৱালপাৰা জিলাত আজগৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা হ’ব।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হ’ব।

জীৱিকা সখী, বেংক সখী, কৃষি সখী আৰু পশু সখী আঁচনিৰ বাবে ৪৩.২১ কোটি টকাৰ প্ৰস্তাৱ।

বেংক সখী, পশু সখীলৈ দুচকীয়া বাহন।

ভূ-তাত্ত্বিক অনুসন্ধান আৰু গাঁও পঞ্চায়তৰ কাৰ্যকলাপ পৰিকল্পনাৰ বাবে NESAC-ৰ ব্যাৱহাৰ হ’ব।

কাৰ্বি আংলঙত স্থাপন হ’ব ৰাজ্যিক বিশ্ববিদ্যালয়।

ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ঘোষণা।

ৰাজ্যৰ বিভিন্ন স্থানত ক্ৰীড়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ।

নগৰাঞ্চলৰ মুকলিৰ স্থানত ৰাজহুৱা স্থান নিৰ্মাণৰ প্ৰস্তাৱ।

ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা স্থাপন হ’ব

নিগমৰ ভূমিত আন বিকল্প ঔদ্যোগিক প্ৰকল্প স্থাপন হ’ব।

APOL-ৰ সকলো দেনা পৰিষোধ কৰাৰ বাবে আৰ্হি প্ৰস্তুত হ’ব

APOL  কৰ্মচাৰী সকলৰ স্বেচ্চামূলক অৱসৰৰ আঁচনিৰ বাবে ১২ কোটি টকা ধাৰ্য্য।

১০০ বছৰৰ অধিক পুৰণি শিক্ষানুষ্ঠান সমূহৰ বাবে বিশেষ আৰ্থিক ব্যৱস্থা।

ৰাজ্যৰ বিভিন্ন ঠাইত স্থাপন হ’ব সৈনিক স্কুল।

ডিব্ৰুগড়, বৰপেটা, লখিমপুৰ, কোকৰাঝাৰ, মঙলদৈ আৰু যোৰহাটত এই বৰ্ষতে কেন্সাৰ হস্পিটেল স্থাপন কৰা হ’ব।

NDFB-ৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শিৱসাগৰ ঐতিহ্য সংৰক্ষণৰ বাবে পুঁজি ধাৰ্য্য।

কৰিমগঞ্জ আৰু ধুবুৰী জিলাত ভাৰত-বাংলাদেশ সীমান্তত ‘সীমান্ত হাট’ স্থাপনৰ পৰিকল্পনা।

প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ বাবে ১৩৬.৯১ কোটি টকা ধাৰ্য্য।

শিক্ষা বিভাগৰ বাবে ৯৩৮৯ কোটি টকা।

কাৰিকৰী শিক্ষা বিভাগৰ বাবে ৪১০.১৭ কোটি টকা ধাৰ্য্য।

পৰিবেশ আৰু বন বিভাগৰ বাবে ৭৩০.১২ কোটি টকা।

কৃষি বিভাগৰ বাবে ২৩৪০.২৩ কোটি টকা ধাৰ্য্য।

মীন বিভাগৰ বাবে ১২২.৬১ কোটি টকা।

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে ৫৯৫.০৯ কোটি টকা ধাৰ্য্য।

স্বাস্থ্য আৰু কল্যাণ বিভাগত ৭০০৪.৩৫ কোটি টকা ধাৰ্য্য।

অসম চুক্তি বিভাগৰ বাবে ২.৭৬ কোটি টকা ধাৰ্য্য।

অসম আন্দোলনত গুলীত আহত সকললৈ ২ লাখ টকাৰ এককালীন অনুদান।

অসমৰ আন্দোলনৰ শ্বহীদলৈ পৰিয়ালক ৫ লাখ টকাৰ এক কালীন অনুদান।

সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বাবে ৬৯.২২ কোটি ধাৰ্য্য।

সমবায় বিভাগৰ বাবে ১৫৮.১৯ কোটি টকা ধাৰ্য্য।

শিলঘাটৰ মৰাপাট কল পুনৰুজ্জীৱিত কৰাৰ বাবে ৮ কোটি টকাৰ প্ৰস্তাৱ।

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ৩ কোটি টকাৰ প্ৰস্তাৱ।

ডিব্ৰগড়ত স্থাপন হ’ব কলাক্ষেত্ৰ।

উচ্চ শিক্ষা বিভাগৰ বাবে ২৬১২.৮০ কোটি টকা ধাৰ্য্য।

মাধ্যমিক শিক্ষা বিভাগৰ বাবে ৫১৩১.৫১ কোটি টকা ধাৰ্য্য।

শক্তি বিভাগৰ বাবে ৪৩৫৪.৯৬ কোটি টকাৰ প্ৰস্তাৱ।

আবকাৰী বিভাগৰ বাবে ৭২.৫৪ কোটি টকা ধাৰ্য্য।

আবকাৰী বিভাগৰ বাবে ৭২.৫৪ কোটি টকা ধাৰ্য্য।

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বাবে ৯১৫.০৭ কোটি টকাৰ প্ৰস্তাৱ।

পুডুছেৰীত নিৰ্মাণ হ’ব অসম ভৱন।

সাধাৰণ প্ৰশাসন বিভাগৰ বাবে ৭২১.৩০ কোটি টকা ধাৰ্য্য।

দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ বাবে ১৭৫.৬৬ কোটি টকা ধাৰ্য্য।

পাৰ্বত্য অঞ্চল বিভাগৰ বাবে ২২০৮.৫৮ কোটি টকা ধাৰ্য্য।

গৃহ বিভাগৰ বাবে ৫৬৫৯.৭৪ কোটি টকা ধাৰ্য্য।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ বাবে ২২২.৫৪ কোটি টকা ধাৰ্য্য।

তথ্য আৰু জনসংযোগ বিভাগৰ বাবে ১১৭.৮১ কোটি টকা ধাৰ্য্য।

তথ্য আৰু প্ৰযুক্তি বিভাগৰ ৩০.৬৪ কোটি টকা ধাৰ্য্য।

চাহ জনজাতি বিভাগৰ বাবে ৮১.৪১ কোটি টকা ধাৰ্য্য।

পৰ্যটন বিভাগৰ বাবে ৭৪.২৪ কোটি টকা ধাৰ্য্য।

কামাখ্যা ষ্টেশ্যনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপ ৱে স্থাপনৰ সিদ্ধান্ত।

শিৱসাগৰক বৈশিষ্টপূৰ্ণ ঐতিহ্যপুৰ্ণ লক্ষ্যস্থান ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা।

ৰূপান্তৰ আৰু উন্নয়ণ বিভাগলৈ ১৭১৯.৪৭ কোটি টকা ধাৰ্য্য।

পৰিবহন বিভাগৰ বাবে ৪৮৮.৭৪ কোটি টকাৰ প্ৰস্তাৱ।

জলসম্পদ বিভাগৰ বাবে ৭৯৩.৫৬ কোটি টকা ধাৰ্য্য।

সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগলৈ ৭৭.০৯ কোটি টকা ধাৰ্য্য।

চাহ উদ্যোগলৈ তিনিবছৰৰ বাবে কৰ সকাহ।

কোভিড সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ সা-সামগ্ৰীৰ GST- ৰেহাই আৰু কৰৰ নিৰীহ হ্ৰাস।

৮ খন মহিলা সংখ্যালঘু মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ।

এই বৰ্ষৰ বাজেটৰ ঘাটিৰ পৰিমাণ হ’ব ৫৬৬.২০ কোটি টকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd