• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে তিব্বত ভ্ৰমণলৈ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং; কি বাৰ্তা দিলে তিব্বতবাসীক?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2021 11:08 am
Chinese president
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে তিব্বত ভ্ৰমণ কৰিছে ৰাষ্ট্ৰপতি সি জিনপিঙে। বুধবাৰে তিব্বতলৈ আহিলেও শুকুৰবাৰেহে বেইজিঙৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খৱৰ।

উল্লেখ্য যে ১৯৯০ চনত তিব্বতলৈ শেষবাৰ চীনৰ ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰিছিল। অৱশ্যে, জিনপিঙে পূৰ্বেও তিব্বতলৈ আহিছিল যদিও ৰাষ্ট্ৰপতি হিচাপে এইবাৰ প্ৰথম।

Apply Now

চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই আচম্বিত তিব্বত ভ্ৰমণত বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

বাতৰি অনুসৰি, বুধবাৰে ৰাষ্ট্ৰপতি জিনপিং নিংচি মেনলিং বিমানবন্দৰত নামে যদিও শুকুৰবাৰেহে চীনৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰে। তদুপৰি, বেইজিঙৰ ফালৰ পৰা এটা ভিডিঅ’ও প্ৰকাশ কৰা হৈছে।

জিনপিঙে তিব্বতৰ নেং নদীৰ দলং তথা কাষৰীয়া স্থাসমূহ পৰিদৰ্শন কৰে। নদীৰ পাৰ সংযোগী অঞ্চলৰ পৰিস্থিতিও তেওঁ পৰ্যবেক্ষণ কৰে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তিব্বতৰ ৰাজধানী লাছালৈ যায়। তাৰপাছত ছিছুৱান-তিব্বত ৰে’ল প্ৰকল্পৰ কামৰো খতিয়ান লয়।

কিন্তু চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই হঠাৎ তিব্বত ভ্ৰমণক লৈ স্বাভাৱিকতে বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে।

ইয়াৰ পূৰ্বে জিনপিঙে ১৯৯৮চনত প্ৰথমবাৰ ফুজিয়ান প্ৰদেশৰ দলীয় মুৰব্বী হিচাপে তিব্বতলৈ আহিছিল। তাৰ পাছত ২০১১চনত উপ ৰাষ্ট্ৰপতি হিচাপে তিব্বত ভ্ৰমণলৈ আহিছিল।

চীনৰ ৰাষ্ট্ৰপতি হিচাপে ১৯৯০চনত শেষবাৰ তিব্বতলৈ আহিছিল তদানীত্বন ৰাষ্ট্ৰপতি জিয়াং জেমিন।

একাংশ ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে তিব্বতক চীনৰ অবিচ্ছেদ্য অংগ হিচাপে দেখুৱাবলৈকে চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে হঠাতে তিব্বত ভ্ৰমণলৈ আহে।

দালাই লামাৰ বিশাল অনুৰাগীসকলক তিব্বত যে চীনৰ অংশ সেই বাৰ্তা দিবলৈকে জিনপিঙৰ এই ভ্ৰমণ বুলি অনুমান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd