প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লী তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিব। কাঠমাণ্ডু পোষ্টৰ উদ্ধৃতি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে।
ফেব্ৰুৱাৰিৰ ১৫ তাৰিখে প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত নেপালৰ প্ৰধান মন্ত্ৰীগৰাকীৰ এইটো প্ৰথম বিদেশ ভ্ৰমণ। উল্লেখ্য যে নেপালৰ প্ৰধান মন্ত্ৰীয়ে প্ৰথম প্ৰথমতে ভাৰত ভ্ৰমণ কৰাটো এটা পৰম্পৰা হৈ পৰিছে।
নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে অহা যে নেপালৰ প্ৰধান মন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ সহধৰ্মিণী ৰাধিকা শাক্যয়ো ভাৰত ভ্ৰমণলৈ আহিব।
নেপালৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণ কালত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আনুষ্ঠানিক আলোচনাত ভাগ ল’ব আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰিব। তেওঁ তেওঁৰ ভ্ৰমণ কালত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুক সাক্ষাৎ কৰিব। ভাৰত চৰকাৰ কেইগৰাকীমান প্ৰবীণ কেবিনেট সদস্যই প্ৰধান মন্ত্ৰী অ’লীক সাক্ষাৎ কৰিব।
চৰকাৰী ভ্ৰমণসূচীৰ এটা অংশ হিচাপে প্ৰধান মন্ত্ৰী অ’লীয়ে উত্তৰাখণ্ডৰ পন্তনগৰ ভ্ৰমণ কৰিব আৰু গোবিন্দ বল্লভ পন্ত ইউনিভাৰছিটি অব এগ্ৰিকালচাৰ এণ্ড টেকন’লজিয়ে আয়োজন কৰা এটা কাৰ্যসূচীত ভাগ ল’ব।