কেইদিনমান পূৰ্বেই ইংগিত পোৱা গৈছিল। অৱশেষত সোমবাৰে কোনো লুকঢাক নকৰাকৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা জনাই দিলে বি এছ য়াদুৰাপ্পাই।
অৱশ্যে মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই বিষয়ত কোনো কথা নক’লে ৭৮বৰ্ষীয় বিজেপি নেতাগৰাকীয়ে।
সোমবাৰে বেংগালুৰুত নিজৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত তেওঁ কয়,’’মই সিদ্ধান্ত লৈছো। মই ৰাজভৱনলৈ যাম। মোৰ পদত্যাগ পত্ৰ জমা দিম। মই দুখিত নহয়,মই আনন্দিত। ৭৫বছৰ পাৰ হৈ যোৱাৰ পাছতো মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু জে পি নাড্ডাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ ভাষা নাই।‘’
বৰ্তমান নতুন মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে লিংগায়েত নেতা মুৰুগেশ নিৰানি।
য়াদুৰাপ্পাৰ পদত্যাগক লৈ বিগত কিছুদিন ধৰি জল্পনা-কল্পনা চলিয়েই আছিল। যোৱা ১৮ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দেখা কৰিছিল য়াদুৰাপ্পাই। তাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰিছিল নেতাগৰাকীয়ে।
কৰ্ণাটক বিজেপিৰ শক্তিশালী নেতা য়াদুৰাপ্পাৰ পদত্যাগে ৰাজ্যখনৰ ৰাজনীতিত কেনে প্ৰভাৱ পেলাই সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব।
বিজেপিৰ লবী ৰাজনীতিৰ বাবেই য়াদুৰাপ্পাই পদত্যাগ কৰিবলগা হোৱা বুলি ইতিমধ্যে চৰ্চা চলিছিল।