জনতা ভৱনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
সেই মৰ্মে অসম আৰক্ষীক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয়।
কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰে।
মন্ত্ৰী হাজৰিকাই ১৫ হাজাৰ আৰক্ষীক নিযুক্তি দিয়া হ’ব বুলি সদৰী কৰে।
https://twitter.com/himantabiswa/status/1420384396117299202?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1420384396117299202%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnenow.in%2Fnorth-east-news%2Fassam%2Ffrom-police-commission-to-formation-of-battalions-assam-cabinet-takes-several-key-decisions-check-here-for-details.html
১ ছেপ্টেম্বৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি তেওঁ কয়।
৫ টা নতুন বেটেলিয়ান কেম্প গঠন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
স্পৰ্শকাতৰ সীমান্তত অতিৰিক্ত আৰক্ষী মোতায়ন কৰাৰো সদ্ধিান্ত লোৱা হয় কেবিনেট বৈঠকত।
মন্ত্ৰী হাজৰিকাই লগতে কয় যে পুলিচ কমিছনগঠন কৰাৰ বাবেও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে।
তেওঁ কয়—“ কেবিনেটে অসম আৰক্ষীত নতুনকৈ পাঁচটা বেটেলিয়ন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই নতুন পাঁচটা বেটেলিয়নত মুঠ ৬,২৭০জনক নিযুক্তি দিয়া হ’ব ৷”