• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তীৰ্থনগৰী হাজোত গৰু চোৰৰ দপদপনি, দুই গৰু চোৰক গ্ৰেপ্তাৰ,বাহন জব্দ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
July 31, 2021 3:34 pm
lavv
170
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা। দৈনিক অসমৰ গৰু চোৰাং কৈ বিক্ৰী হৈছে অন্য প্ৰান্তত।

তেনে সময়তে শুকুৰবাৰে নিশা হাজোৰ দুটা স্থানত ৰাইজে বাহন সহিতে আটক কৰিবলৈ সক্ষম হৈছে দুটাকৈ গৰু চোৰক।

ঘটনাৰ প্ৰথম স্থান হৈছে হাজোৰ ভেলামাৰী। ভেলামাৰীত নিশা সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় ৰাইজে কৰায়ক্ত কৰিলে এইখন AS-01-JC-9196 নম্বৰৰ  চাৰিচকীয়া ইয়ন বাহন, লগতে বাহনৰ ভিতৰত উদ্ধাৰ কৰিলে এটা চুৰি গৰু।

ভেলামাৰী অঞ্চলত সন্দেহজক অৱস্থাত প্ৰথমে বাহনখনক প্ৰত্যক্ষ কৰিছিল স্থানীয় এগৰাকী মহিলাই। সেইসময়তেই বাহনখনৰ পৰা ওলাই পৰে এটা গৰু।

পুনৰ চোৰ কেইটাই গৰুটো বাহনখনত উঠাবলৈ লওতেই মহিলা গৰাকীয়ে লগালে চিঞৰ-বাখৰ। তাৰ পাছতে সেই স্থানৰ পৰা পলাবলৈ লওতেই স্থানীয় ৰাইজে ৰাজপথত গছ পেলাই আগভেটি ধৰি জব্দ কৰিলে বাহনখন। ৰাইজে আটক কৰিলে গুৱাহাটী চান্দমাৰীৰ বিতোপন বৰা নামৰ গৰু চোৰটোক, যদিও চেগ বুজি বাহনখনৰ পৰা পলায়ন কৰিলে আন দুটা চোৰ।

চোৰটোৰ লগতে বাহনসহ গৰুটো জব্দ কৰে ৰাইজে। অৱশেষত ঘটনাস্থলীত উপস্থিত হ’ল হাজো আৰক্ষী আৰু ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিলে চোৰটোৰ লগতে বাহন আৰু চুৰি গৰুটো।

ঘটনাৰ দ্বিতীয় স্থান হাজোৰ দেহৰকুৰিহা। দেহৰকুৰিয়াত ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰিলে AS-01-DH-8744 নম্বৰৰ এখন গৰু চোৰৰ বাহন। লগতে জেচিম আলী নামৰ এটা গৰু চোৰক ধৰি বান্ধি গতালে আৰক্ষীক। শনিবাৰে পুৱতি নিশা দেহৰকুৰিহা গাঁৱত দ্ৰুতবেগেৰে এখন চাৰিচকীয়া বাহন সোমোৱাৰ উমান পাইছিল স্থানীয় ৰাইজে।

তাৰ কিছু সময় পাছতে গাঁৱৰ ভিতৰৰ এটা জলাশয়ত এখন চাৰিচকীয়া বাহন প্ৰত্যক্ষ কৰিলে ৰাইজে। খবৰ দিয়া হ’ল আৰক্ষীক।

আৰক্ষী ঘটনাস্থলী পোৱাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত বাহনখন নিবলৈ উপস্থিত হ’ল চোৰৰ দলটোৰ এটা চোৰ। সেই সময়তেই ৰাইজে চাংসাৰীৰ পূব বোৰ্কাৰ জেচিম আলী নামৰ এই চোৰটোক ধৰি বান্ধি ৰাখি গতাই দিলে আৰক্ষীক।

একে নিশাই হাজোত সংঘটিত এই গৰু চুৰিৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিছে সমগ্ৰ হাজোতেই। হাজো আৰক্ষীৰ নিশ্চিদ্ৰ পহৰাৰ মাজতো এতিয়া এনেদৰে গৰু চোৰে দপদপনি চলাইছে তীৰ্থনগৰীত।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd