ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজিও ১ শতাংশৰ তলতে আছে।
অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত আজি ৰাজ্যখনত আৰু হ্ৰাস পাইছে।
বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৩৯৬গৰাকী লোক। বৃহস্পতিবাৰে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা আছিল ৪৩৭ গৰাকী।
আজি ৰাজ্যখনত মুঠতে ৭৬,৪৩২টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।
আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৭০ গৰাকী লোক।
Summary of 10/9/2021
Today’s Total 396
Overall Positivity Percentage (396 cases out of 76,432 test done = 0.52%)
Kamrup(M) 70
Death 5
Recovery Rate 98.02%
— Keshab Mahanta (@keshab_mahanta) September 10, 2021
ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫২ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.০২ শতাংশ।
বৰ্তমান ৰাজ্যখনত কোভিড বিধি বহুখিনি শিথিল কৰি দিয়া হৈছে আৰু জনসাধাৰণক বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত বা নিজৰ নিজৰ কৰ্মত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অনুমোদন দিয়া হৈছে।
অৱশ্যে, তাৰ মাজতো কোভিড বিধি মানি চলাটো বাধ্যতামূলক। নিজৰ কৰ্মক্ষেত্ৰতে হওক বা ৰাজহুৱা স্থানতেই হওক মাস্ক পৰিধান, ছেনিটাইজ কৰা বা সমাজিক দূৰত্ব বিধি মানি চলাৰ বাবে পৰামৰ্শ দিয়া হৈছে।