কামপুৰত বিদ্যুৎস্পৃষ্ট হৈ এটি ১৪ বছৰীয়া কিশোৰ নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই কিশোৰটি নিহত হয় বুলি প্ৰকাশ কৰি ক্ষোভা উজাৰে।
প্ৰাপ্ত তথ্য মতে ১৪ বছৰীয়া কিশোৰটিয়ে ঘৰতে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয়।
জানিব পৰা মতে কামপুৰৰ এহাল দম্পতীৰ পুত্ৰ নাজমল আহমেদে লগৰ সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত এটা বল আনিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে পৰিয়ালৰ লোকে কিশোৰটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
উল্লেখযোগ্য যে বিদ্যুৎ বিভাগে বিপজ্জনকভাৱে অঞ্চলটোত বাঁহ, কাঠৰ খুঁটাত বিদ্যুৎ পৰিবাহী তঁৰ সংযোগ কৰি অঞ্চলটোত বিদ্যুৎ যোগান ধৰি আহিছে। যাৰ ফলত এনেদৰে বিপজ্জনকভাৱে থকা বিদ্যুৎ পৰিবাহী খুঁটাত লাগি কিশোৰটি মৃত্যুৰ মুখত পৰে।
স্থানীয় ৰাইজে অতি শীঘ্ৰে অঞ্চলটোত থকা এনে ধৰণে বিপজ্জনকভাৱে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। নহ’লে আগন্তুক দিনত আৰু দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।