• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱা লোকৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগী: ডাঃ চন্দন মোদক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 2:54 pm
Dr Chandan Modak
310
VIEWS
Share on FacebookShare on Twitter

“সাম্প্ৰতিক সমাজ-জীৱনৰ বাবে হৃদ ৰোগ এক গুৰুতৰ সমস্যা হৈ পৰিছে ৷ চাপযুক্ত জীৱন পৰিক্ৰমা ইয়াৰ অন্যতম শীৰ্ষ কাৰণ ৷”এই মন্তব্য বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকৰ ৷

কাইলৈ দেশে-দেশে উদ্‌যাপিত হ’ব “বিশ্ব হৃদ দিৱস”৷ তদুপলক্ষে আজি গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত ডাঃ মোদকে কয় যে জন্মৰে পৰা মৃত্যু পৰ্যন্ত মানুহৰ যিবোৰ অংগই অবিৰাম কাম কৰি থাকে তাৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰ ৷ গতিকে ইয়াক ৰোগমুক্ত কৰি ৰখাটো সকলো মানুহৰে দায়িত্ব ৷

তেওঁ কয় যে আজিকালি মানুহে বিভিন্ন চাপৰ বোজা লৈ জীৱন যাপন কৰিবলগীয়া হয় ৷ কৰ্মক্ষেত্ৰৰ চাপ, প্ৰতিযোগিতামূলক জীৱন শৈলী, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্যাভাস, ধপাত তথা অন্যান্য মাদক দ্ৰৱ্যৰ আসক্তি আদিয়ে মানুহৰ হৃদযন্ত্ৰক দুৰ্বল কৰিছে ৷

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে ৮৩ শতাংশ হৃদৰোগৰ কাৰণ হৈছে এনেধৰণৰ জীৱন শৈলী ৷

জন্মগত বা অন্যধৰণে সংক্ৰমিত আৰু আক্ৰান্ত হৃদৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম বুলি সদৰি কৰি ডাঃ মোদকে কয় যে ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগী ৷ এয়া বাৰুকৈয়ে উদ্বেগৰ কাৰণ ৷

তেওঁ লগতে প্ৰকৃতিৰ ওপৰত মানুহৰ ক্ৰমবৰ্ধমান অত্যাচাৰকো হৃদৰোগৰ বাবে দায়ী কৰে ৷ কিয়নো মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেন উদাৰ প্ৰকৃতিয়ে বিনামূল্যে প্ৰদান কৰে ৷ কিন্তু প্ৰকৃতিৰ এই উদাৰতাৰ বিপৰীতে এচাম লোকে গছ-বন তহিলং কৰি সমাজ-জীৱনলৈ বিপদ নমাই আনিছে ৷ এনে কাৰ্যৰ বিৰোধীতা কৰাৰ লগতে প্ৰকৃতিক আপডাল কৰিবলৈ আহ্বান জনাই তেওঁ ৷

বিষয় প্ৰসংগৰে তেওঁ সকলোকে খোজ কাঢ়া, চাইকেল চালনা আৰু ব্যায়ামৰ অভ্যাস গঢ়ি তুলিবলৈও আহ্বান জনায় ৷

ইপিনে “বিশ্ব হৃদ দিৱস” উপলক্ষে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে “গ্ৰীণ ক্লাছেচ , গুৱাহাটী”ৰ সহযোগত কাইলৈ এলানি কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰিছে ৷

সেই অনুসৰি পুৱা ৭ বজাত মহানগৰীৰ মঠঘৰীয়াৰ কাৰ্বন গেটৰ পৰা গীতামন্দিৰলৈ পদযাত্ৰা কৰা হ’ব ৷

তদুপৰি পুৱা ১১ বজাৰ পৰা সৰু সজাই ষ্টেডিয়ামৰ বিপৰীতে মহানন্দ তামুলী পথৰ ৰংমন নগৰস্থিত “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ কাৰ্যালয়ত বিনামূলীয়া চিকিসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৷

এই কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে সংস্থাটিয়ে ৷

Recent News

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

জাতীয় দলৰ সম্পাদক প্ৰণৱ চেতিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

জাতীয় দলৰ সম্পাদক প্ৰণৱ চেতিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

ভুৱা আধাৰ, বিভিন্ন ভাৰতীয় নথি-পত্ৰ লৈ কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশী মডেল

ভুৱা আধাৰ, বিভিন্ন ভাৰতীয় নথি-পত্ৰ লৈ কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশী মডেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd