ASRF jowan incident in Golaghat, গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিছে এজন এ এচ আৰ এফ ৰ জোৱানে।
খবৰ অনুসৰি ঘিলাধাৰী থানাৰ নিজ বেৰেকত এটা ৭.৬২ এম এম এচ এল আৰ ৰাইফলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে এই জোৱানজনে।
পুৱতি নিশা ৩ বাজি ৫০ মিনিটত জোৱানজনে সংঘটিত কৰে এই ঘটনা।পুৱতি নিশা হোৱা গুলিৰ শব্দত উচপ খাই উঠে বেৰেকত থকা অন্য জোৱানসকল।
Latest News : নাছিল কোনো অন্য ৰোগ! কোভিডে প্ৰাণ কাঢ়িলে NEWS18 ASSAM & NE ৰ ২৭ বছৰীয়া সংবাদকৰ্মীৰ
লগে লগেই ঘটনাস্থলীত অন্য জোৱানসকলৰ লগতে থানাৰ বিষয়ববীয়াসকল আহি উপস্থিত হয়।
জোৱানজন ২ নং এ এচ আৰ এফ বেটেলিয়নৰ বুলি জানিব পৰা গৈছে।
অৱশ্যে আত্মহত্যাৰ কাৰণ এতিয়ালৈও জানিব পৰা হোৱা নাই।
জোৱানজনৰ নাম মনোৰঞ্জন সিনহা আৰু বয়স ৫৭ বছৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।