Free of cost school for poor students: ব্যৱসায়িক দৃষ্টিভংগীৰে নহয়, অঞ্চলটোত এটা সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গোৱালপাৰাৰ মাটিয়াত স্থাপন হৈছে এখন ব্যক্তিগত বিদ্যালয় ৷
চলিত বছৰৰ আৰম্ভণিতে একমাত্ৰ সেৱাৰ মনোভাৱেৰে আৰম্ভ কৰা বিদ্যালয় খন হল “আমাৰ বিদ্যালয়“৷
ব্যক্তিগত শিক্ষানুষ্ঠান হ’লেও এই বিদ্যালয়ৰ আছে বহু সুকীয়া বৈশিষ্ট্য ৷ গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কৰে গঢ় লৈ উঠা আমাৰ বিদ্যলয়খনে বহু কাৰণতে শেহতীয়াকৈ জিলা খনৰ মাজতে চচিত হৈ পৰিছে ৷
ব্যক্তিগত এই বিদ্যালয় খন কেৱল দৰিদ্ৰ সীমাৰেখা তলত বসবাস কৰা লোকৰ বাবেহে মুকলি ৷ ইতিবাচক দিশটো হ’ল বিদ্যালয়খনত কোনো ধৰণৰ মাচুল দিব নালাগে ৷ কিতাপ-পত্ৰ, টিউচনৰ মাচুল আদায় দিব নালাগে ছাত্ৰ-ছাত্ৰী সকলে৷ সম্পূৰ্ণ বিনামূলীয়া এই আমাৰ বিদ্যালয় ৷
জিলাখনৰ মাটিয়াৰ অজয় কুমাৰ নাথ, তাৰক চন্দ্ৰ সাউদ, আল্পনা, মৃদুলা, স্মৃতা, ভৃগুহতঁৰ দৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ চিন্তাৰ ফচল “আমাৰ বিদ্যালয়“৷
ষষ্ঠ মান শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণৰ সুবিধা থকা বিদ্যালয়খনত সাত গৰাকী শিক্ষকে মুঠ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে ৷
আৰু পঢ়ক: বিটিআৰত এক হাজাৰ জন দুৰ্নীতিগ্ৰস্ত লোকক জেইলত ভৰোৱাৰ প্ৰক্ৰিয়া চলি আছে, কোনে কলে?
গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা এইখন বিদ্যালয়ত কেৱল আৰ্থিক ভাৱে পিচ পৰা আৰু দুখীয়া, মেধাবী ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ সুবিধা দিয়া হয় ৷
আনহাতে, এইখন বিদ্যলয়ত পাঠদান কৰিবলৈ অহা শিক্ষক-শিক্ষয়ত্ৰী সকলো দুখীয়া পৰিয়ালৰ পৰা অহা ৷ অতি সামান্য পৰিতোষৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে প্ৰত্যেকজন শিক্ষক-শিক্ষযেত্ৰীয়ে নিজকে আত্মনিয়োগ কৰিছে “আমাৰ বিদ্যালয়ত“।
বিদ্যালয়খনৰ আটাইটকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল শিক্ষা দানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে কুটিৰ শিল্প, স্বচ্ছতা, কৃষি, ক্ৰীড়াৰ অনুশীলন আদিৰ লগতে বিভিন্ন শিক্ষা ৷
বিদ্যালয়ৰ চৌহদৰ লগতে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ ঘৰত গঢ়ি তোলা হৈছে একো একোখন নাৰ্চাৰী আৰু শাকপাচলিৰ খেতি ৷ প্ৰয়োজনীয় খিনি খোৱাৰ উপৰৰিও বিক্ৰী কৰাৰ সুবিধাও ৰাখিছে ৷
লগতে পঢ়ক:সৰুপেটাত শোকাৱহ ঘটনা,পুখুৰীত গা ধুবলৈ গৈ দুই ভাতৃৰ সলিল সমাধি
বিদ্যালয়খনৰ এই সকলো কাম কাজৰ নেতৃত্বত দিছে বিদ্যালয়খনৰ অধ্যক্ষ অজয় কুমাৰ নাথে ৷
অধ্যক্ষ গৰাকী জানিব দিয়া মতে ইতিমধ্যে বিদ্যালয়খনে পৰবৰ্তী দিনত নিজাববীয়াকৈ খেতি কৰি খেতিৰ পৰা পোৱা লাভৰ ধনৰে বিদ্যালয়খন পৰিচালনা কৰাৰ এক আচঁনি প্ৰস্তুত কৰিছে ৷
ইতিমধ্যে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক অধ্যায়ন, খেতি-বাতিৰ লগতে সকলো কামত আত্মনিয়োগ কৰিব পৰা জোখাৰে প্ৰস্তুত কৰি তুলিছে ৷
তাহানিতে যেনেদৰে গুৰুৰ ঘৰত থাকি শিষ্যই শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষা গ্ৰহন কৰিছিল, তেনে আৱাসিক সুবিধা নাথাকিলেও “আমাৰ বিদ্যালয়“ৰ শিক্ষক সকলে বিদ্যালয়ত পাঠদান কৰাৰ উপৰিও ঘৰত গৈও দিছে শিক্ষা ৷
গুৰু শিষ্যৰ এনে বহু পবিত্ৰ পৰম্পৰাৰে শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে “আমাৰ বিদ্যালয়”৷