• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লিডুত সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ বাসগৃহত জব্দ ৪৭ লাখ ৫০ হাজাৰ টকা

মানস প্ৰতিম গগৈ, মার্ঘেৰিটা by মানস প্ৰতিম গগৈ, মার্ঘেৰিটা
October 5, 2021 6:34 am
Margherita money seized

উদ্ধাৰ হোৱা টকা আৰু টকাৰ গৰাকী জগদীশ চৌহান। ফটো: নৰ্থইষ্ট নাও।

722
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু বজাৰৰ জগদীশ চৌহান নামৰ ব্যক্তিৰ গৃহত  টিপংস্থিত ৰাজপুতনা ৰাইফলচ-আৰক্ষীৰ অভিযানত ৪৭ লাখ ৫০ হাজাৰ টকা উদ্ধাৰকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু বজাৰৰ জগদীশ চৌহান নামৰ শুকান মাছৰ ব্যৱসায়ীৰ গৃহত দেওবাৰে নিশা অতৰ্কিতে টিপংস্থিত ৰাজপুতনা ৰাইফলচ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়। 

ড্ৰাগছ আৰু অস্ত্ৰ- শস্ত্ৰ সৰবৰাহত জড়িত থকাৰ সন্দেহতে অভিযান চলায় যদিও তেনেই সাধাৰণ জুপুৰী গৃহটোত তালাচী চলাওঁতে উদ্ধাৰ হয় ৪৭ লাখ ৫০ হাজাৰ টকা।

জগদীশ চৌহান নামৰ ৭০ উৰ্ধৰ ব্যক্তিজনে উক্ত ধন শুকান মাছৰ ব্যৱসায়েৰে উপাৰ্জন কৰা তথা উক্ত ধন ঘৰ বনাবলৈ জমা কৰি ৰখা বুলি মন্তব্য প্ৰকাশ কৰিছে।

পকী ঘৰ বনাবলৈ এটি জৰাজীৰ্ণ গৃহত ৪৭ লাখ ৫০ হাজাৰকৈ টকা নগদ ৰখাকলৈ প্ৰশ্ন উত্থাপন হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে-সেনাই সংবাদমাধ্যমৰ আগত বাতৰি প্ৰস্তত কৰা সময়লৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

সমগ্ৰ ঘটনাটোৱে সমগ্ৰ তিনিচুকীয়া জিলাখনতে ৰহস্যৰ সৃষ্টি কৰিছে।

আনহাতে, এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কিছু বছৰ পূৰ্বে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী আলফাৰ লগত যোগাযোগ ৰক্ষাৰ বাবে জগদীশক আৰক্ষীয়ে আটক কৰিছিল। অৱশ্যে আৰক্ষীৰ তদন্তহে প্ৰকৃত কাৰণ জানিব পৰা যাব ।

উল্লেখ্য যে অৰুণাচলৰ মেও আৰু মাৰ্ঘেৰিটাৰ লিডু আদি অঞ্চলত সুদীৰ্ঘ দিন ধৰি অতি সাধাৰণভাৱে শুকান মাছৰ ব্যৱসায় কৰি আহিছিল ৭০ উৰ্ধৰ ব্যক্তিৰ জনে।

তেনে এজন সাধাৰণ ব্যক্তিৰ গৃহত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে। 

Recent News

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd