• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসূচিত জাতি-জনজাতিক সুৰক্ষা প্ৰদানৰ দাবীত ৰাজভৱন কঁপালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2018 11:54 am
APCC_Protest
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৯ চনতে  অনুসূচিত জাতি-জনজাতি সকলৰ সুৰক্ষাৰ বাবে বলৱৎ হোৱা Scheduled Castes and the Scheduled Tribes (Prevention of Atrocities) Act, 1989 আইনখনৰ যোৱা ২০ মাৰ্চত উচ্চতম ন্যায়ালয়ে দুটা দফা শিথিল কৰি দিয়াৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘কংগ্ৰেছ চৰকাৰৰ দিনতে ৰূপায়িত হোৱা অনুসূচিত জাতি-জনজাতিৰ ওপৰত হোৱা অত্যাচাৰ বিৰোধী আইনখনৰ বিৰুদ্ধে দুৰ্ভাগ্যজনকভাৱে মহাৰাষ্ট্ৰৰ এটা গোচৰত উচ্চতম ন্যায়ালয়ত শুনানি হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ অভাৱৰ বাবে শুনানিৰ সময়ত তাত উপস্থিত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে কোনো প্ৰতিবাদ কৰা নাছিল। তাৰ ফলত উচ্চতম ন্যায়ালয়ে তাৰ পৰা দুটা দফা উঠাই দিছে।’

Apply Now

আনহাতে উঠাই দিয়া দফা দুটা সন্দৰ্ভত সভাপতি বৰাই কয় যে ইয়াৰে এটা দফাত অনুসূচিত জাতি-জনজাতিৰ কোনো চৰকাৰী-বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীক যদি অত্যাচাৰ বা উৎপীড়ন চলাই তেন্তে অভিযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ আছিল। দ্বিতীয়তে আনটো সৰ্বসাধাৰণ অনুসূচিত জাতি-জনজাতি লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা অভিযুক্তকো তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ আছিল।

লগতে তেওঁ কয়, ‘বৰ্তমান উচ্চতম ন্যায়ালয়ে সেই দফা দুটাৰ সংশোধন ঘটাই শিথিল কৰে। নতুন নিয়ম মতে অনুসূচিত জাতি-জনজাতিৰ কৰ্মচাৰীক অত্যাচাৰ চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে নিয়োগ কৰা নিয়োগকৰ্তাৰ পৰা অনুমতি লোৱাৰ ব্যৱস্থা কৰিছে। লগতে দ্বিতীয় দফাটোত সৰ্বসাধাৰণ অনুসূচিত জাতি-জনজাতি লোকক অত্যাচাৰ চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ থানাৰ আৰক্ষী বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব, এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষক অথবা অতিৰিক্ত আৰক্ষী অধীক্ষকেহে তদন্ত কৰিহে গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত ল’ব পাৰিব। এই পদ্ধতি দীঘলীয়া হ’ব যাৰ বাবে মূল অভিযুক্ত সাৰি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব।’

এই ব্যৱস্থাৰ সুযোগ লৈয়ে দেশৰ বিভিন্ন প্ৰান্তত কোনো দুষ্কৃতিকাৰীয়ে অনুসূচিত জাতি-জনজাতি লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা আৰম্ভ কৰা বুলি অভিযোগ তোলে সভাপতি ৰিপুণ বৰাই।

প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কাৰ্য্যসূচীটোত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ভূমিধৰ বৰ্মন, বিৰোধী দলপতি দেবব্ৰত বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাধাৰণ সম্পাদক দুৰ্গাদাস বড়োকে ধৰি অন্য বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকে। লগতে অনুসূচিত জাতি-জনজাতি মৰ্চা, যুৱ কংগ্ৰেছ, এন এছ য়ু আই আৰু মহিলা কংগ্ৰেছেও প্ৰতিবাদত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে যোৱা ২০ মাৰ্চৰ এটা ৰায়ত দেশৰ উচ্চতম ন্যায়ালয়ে Prevention of Atrocities Act, 1989 খনৰ উপৰোক্ত দফা দুটা সংশোধন কৰি শিথিল কৰিছিল। তাৰ প্ৰতিবাদত ২ এপ্ৰিলত ভাৰত বন্ধৰ আহ্বান জনাইছিল তিনিটা এছ চি/এছ টি সংগঠনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd