• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰাই নহয়, ‘মডেল’ ৰাজকন্যাই ড্ৰাগছো সেৱন কৰাৰ সন্দেহ! আজি কৰা হ’ব তেজৰ নমুনা পৰীক্ষা

দিছপুৰ থানাত এখন বেঞ্চত বহিয়েই নিশাটো পাৰ কৰিলে বিতৰ্কিত ৰাজকন্যাই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 7, 2021 10:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটোকৈ আইন ভংগকাৰী কাম কৰিও বিশেষ যাদুৰে আইনৰ ৰোষত পৰাৰ পৰা সাৰি যোৱা বিতৰ্কিত ‘মডেল’ ৰাজকন্যা বৰুৱাই কেৱল সুৰাই নহয়, হয়তো ড্ৰাগছো সেৱন কৰিছিল ।

এই সন্দেহেই ব্যক্ত কৰিছে আৰক্ষীয়ে। ৰাজকন্যা বৰুৱাই ড্ৰাগছ সেৱন কৰিছিল নেকি সেয়া নিশ্চিত কৰিবলৈ আজি তেওঁৰ তেজৰ নমুনা পৰীক্ষা কৰোৱা হ’ব।

Apply Now

ইপিনে কালি জিএনআৰচি চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজকন্যাক নিশালৈ পাণবজাৰ মহিলা থানালৈ নিয়া হ’ব বুলি ভবা হৈছিল যদিও বিতৰ্কিত যুৱতীগৰাকীক পাণবজাৰলৈ নিয়াৰ সলনি দিছপুৰ থানাতে আৰক্ষীয়ে জেৰা চলায়।

জেৰাৰ সময়ত বিতৰ্কিত ৰাজকন্যাই বহু বাঘা বাঘা লোকৰ নাম প্ৰকাশ কৰাৰ তথ্য পোৱা গৈছে। দিছপুৰ থানাত পাঁচগৰাকী মহিলা কনিষ্টবলৰ সতৰ্ক পহৰাৰ মাজত ৰাজকন্যাই এখন বেঞ্চত বহিয়েই নিশাটো পাৰ কৰিবলগীয়া হয়।

আজি ৰাজকন্যাক আদালতত হাজিৰ কৰোৱা হ’ব। জানিব পৰা মতে আৰক্ষীয়ে ৰাজ্যকন্যাক পাঁচ দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

আৰক্ষীৰ জেৰাত ৰাজকন্যাই বহু বিস্ফোৰক তথ্য ফাদিল কৰাৰো সম্ভাৱনা আছে। ইপিনে সুস্থ ৰাজ্যকন্যাক কেৱল গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈয়েই অসুস্থ সজাই আইচিএউত ৰখা দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ৰ বৰুৱা উপাধিৰ চিকিৎসকজনৰ লগতে চিকিৎসালয়খনৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ ইংগিত পোৱা গৈছে।

আজি দিনৰ ভিতৰতে সকলো কথা পৰিষ্কাৰ হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। যদি আৰক্ষীয়ে সন্দেহ কৰা মতেই ৰাজকন্যাই ড্ৰাগছ গ্ৰহণ কৰিছিল তেন্তে তেওঁৰ সৈতে যে ড্ৰাগছৰ এটা বৃহৎ চক্ৰ জৰিত সেয়া নিশ্চিত। আজি তেজৰ নমুনা পৰীক্ষাৰ পিছতে ৰাজকন্যাই সঁচাকৈয়ে ড্ৰাগছ গ্ৰহণ কৰিছিল নে নাই সেয়া পোহৰলৈ আহিব।

উল্লেখ্য কালি চুপাৰমাৰ্কেটস্থিত GNRC ত উপস্থিত হৈছিল দিছপুৰ আৰক্ষী। অসুস্থতাৰ নাটক কৰা মডেল ৰাজকন্যা বৰুৱাক চিকিৎসালয় খনৰ পৰাই পুনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

GMCHৰ মেডিকেল ব’ৰ্ডে GNRCৰ SEMI ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷ ৰাজকন্যাৰ কোনোধৰণৰ বেমাৰ নথকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।

৬জনীয়া বৰ্ডৰ প্ৰতিবেদন লৈ পুনৰ GNRCত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ দল৷

GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অসুস্থতা নথকাকৈ GNRC ৰ ICU ত ৰক্ষণাবেক্ষণ দি থকাৰ গুৰুতৰ অভিযোগ উঠিছিল।

উল্লেখযোগ্য যে, ১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাত দুয়োখন ভৰি কটা গল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷

ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ে৷

আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকন্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মিডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য।

সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষীয়ে ৩০৮ ধাৰা সংযোগ কৰিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd