ইটোৰ পিছত সিটোকৈ আইন ভংগকাৰী কাম কৰিও বিশেষ যাদুৰে আইনৰ ৰোষত পৰাৰ পৰা সাৰি যোৱা বিতৰ্কিত ‘মডেল’ ৰাজকন্যা বৰুৱাই কেৱল সুৰাই নহয়, হয়তো ড্ৰাগছো সেৱন কৰিছিল ।
এই সন্দেহেই ব্যক্ত কৰিছে আৰক্ষীয়ে। ৰাজকন্যা বৰুৱাই ড্ৰাগছ সেৱন কৰিছিল নেকি সেয়া নিশ্চিত কৰিবলৈ আজি তেওঁৰ তেজৰ নমুনা পৰীক্ষা কৰোৱা হ’ব।
ইপিনে কালি জিএনআৰচি চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজকন্যাক নিশালৈ পাণবজাৰ মহিলা থানালৈ নিয়া হ’ব বুলি ভবা হৈছিল যদিও বিতৰ্কিত যুৱতীগৰাকীক পাণবজাৰলৈ নিয়াৰ সলনি দিছপুৰ থানাতে আৰক্ষীয়ে জেৰা চলায়।
জেৰাৰ সময়ত বিতৰ্কিত ৰাজকন্যাই বহু বাঘা বাঘা লোকৰ নাম প্ৰকাশ কৰাৰ তথ্য পোৱা গৈছে। দিছপুৰ থানাত পাঁচগৰাকী মহিলা কনিষ্টবলৰ সতৰ্ক পহৰাৰ মাজত ৰাজকন্যাই এখন বেঞ্চত বহিয়েই নিশাটো পাৰ কৰিবলগীয়া হয়।
আজি ৰাজকন্যাক আদালতত হাজিৰ কৰোৱা হ’ব। জানিব পৰা মতে আৰক্ষীয়ে ৰাজ্যকন্যাক পাঁচ দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
আৰক্ষীৰ জেৰাত ৰাজকন্যাই বহু বিস্ফোৰক তথ্য ফাদিল কৰাৰো সম্ভাৱনা আছে। ইপিনে সুস্থ ৰাজ্যকন্যাক কেৱল গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈয়েই অসুস্থ সজাই আইচিএউত ৰখা দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ৰ বৰুৱা উপাধিৰ চিকিৎসকজনৰ লগতে চিকিৎসালয়খনৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ ইংগিত পোৱা গৈছে।
আজি দিনৰ ভিতৰতে সকলো কথা পৰিষ্কাৰ হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। যদি আৰক্ষীয়ে সন্দেহ কৰা মতেই ৰাজকন্যাই ড্ৰাগছ গ্ৰহণ কৰিছিল তেন্তে তেওঁৰ সৈতে যে ড্ৰাগছৰ এটা বৃহৎ চক্ৰ জৰিত সেয়া নিশ্চিত। আজি তেজৰ নমুনা পৰীক্ষাৰ পিছতে ৰাজকন্যাই সঁচাকৈয়ে ড্ৰাগছ গ্ৰহণ কৰিছিল নে নাই সেয়া পোহৰলৈ আহিব।
উল্লেখ্য কালি চুপাৰমাৰ্কেটস্থিত GNRC ত উপস্থিত হৈছিল দিছপুৰ আৰক্ষী। অসুস্থতাৰ নাটক কৰা মডেল ৰাজকন্যা বৰুৱাক চিকিৎসালয় খনৰ পৰাই পুনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
GMCHৰ মেডিকেল ব’ৰ্ডে GNRCৰ SEMI ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷ ৰাজকন্যাৰ কোনোধৰণৰ বেমাৰ নথকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।
৬জনীয়া বৰ্ডৰ প্ৰতিবেদন লৈ পুনৰ GNRCত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ দল৷
GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অসুস্থতা নথকাকৈ GNRC ৰ ICU ত ৰক্ষণাবেক্ষণ দি থকাৰ গুৰুতৰ অভিযোগ উঠিছিল।
উল্লেখযোগ্য যে, ১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাত দুয়োখন ভৰি কটা গল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷
ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ে৷
আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকন্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মিডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।
শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।
উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য।
সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।
কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।
ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষীয়ে ৩০৮ ধাৰা সংযোগ কৰিছে বুলি জানিব পৰা গৈছে।