• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট লিখি গ্ৰেপ্তাৰ হোৱা ব্যক্তিক আদালতে দিলে জামিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2021 10:30 am
UAPA arrests over Taliban posts: Assam courts give bail
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ আফগানিস্তানৰ তালিবান অধিগ্ৰহণক “সমৰ্থন” কৰি ছ’চিয়েল মিডিয়া পোষ্ট দিয়াৰ অভিযোগত আগষ্টত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৬ জন লোকৰ কমেও ১৪ জনক স্থানীয় আদালতে জামিন প্ৰদান কৰিছে।

উল্লেখ্য যে গ্ৰেপ্তাৰ কৰা ব্যক্তি সকলৰ এজনৰ বাহিৰে সকলোকে কঠোৰ UAPAৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। আদালতে জামিন ৰায় দিওঁতে মন্তব্য কৰে যে তেওঁলোকক কাৰাগাৰত ৰখাৰ বাবে পৰ্যাপ্ত ভিত্তি নাই।

অসমৰ আইন-শৃংখলা শাখাৰ বিশেষ ডিজিপি জি পি সিঙে ২১ আগষ্টত তালিবানৰ সমৰ্থনত পোষ্ট লিখা প্ৰথম ১৪ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছিল, আনহাতে পিছদিনা আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল। মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই আৰক্ষীক ভয় আৰু পক্ষপাত অবিহনে কাম কৰিবলৈ নিৰ্দেশ দিছিল।

ইতিমধ্যে জামিন লাভ কৰা সকলৰ ভিতৰত আছে এআইইউডিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জমিয়তৰাজ্যিক সম্পাদক ৪৯ বছৰীয়া মৌলানা ফজলুল কৰিম কাছিমী।

Apply Now

৬ অক্টোবৰত তেওঁক জামিন প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে সেই ফেচবুক পোষ্টটো বাদ দি তেওঁৰ বিৰুদ্ধে একো আপত্তিজনক প্ৰমাণ নাই। “এটা নিৰ্দিষ্ট ফেচবুক পোষ্টৰ বাদে অভিযুক্তৰ ক্ষেত্ৰত আন আপত্তিজনক প্ৰমাণৰ অনুপস্থিতিত কেৱল ফেচবুক পোষ্টটোৱেই এক গুৰুত্বপূৰ্ণ অপৰাধ হ’ব নে নাই সেয়া সন্দেহজনক।” ন্যায়াধীশ সুমন শ্যামে কয়।

অসম আৰক্ষীৰ ২১ নং বেটেলিয়নৰ কনিষ্টবল ছাইদুল হকে ২২ ছেপ্টেম্বৰত জামিন লাভ কৰিছিল। হকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছিল যে হকে ১৮ আগষ্টত ফেচবুকত ‘অভিনন্দন তালিবান’ পোষ্ট কৰিছিল আৰু দাবী কৰিছিল যে তেওঁৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদী গোটটোৰ কাৰ্যকলাপ কঢ়িয়াই নিয়া।

অৱশ্যে,কামৰূপ সত্ৰ আদালতে ৰায় দিয়ে যে, উপলব্ধ ফেচবুক পোষ্টটোৱেই অভিযুক্তই সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰা প্ৰমাণ কৰিবলৈ প্ৰাথমিক ভাৱে পৰ্যাপ্ত নাছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে কয় যে গ্ৰেপ্তাৰ কৰা বেছিসংখ্যক ব্যক্তিৰে ক্ষেত্ৰত UAPA ৰ দৰে কঠোৰ আইন কাৰ্যকৰী কৰাটো উচিত হোৱা নাছিল , আদালতে এই কথাত সমৰ্থন জনাইছে আৰু সেয়ে এই সকলক জামিন প্ৰদান কৰে।

গ্ৰেপ্তাৰ হোৱা জাৱেদ হুছেইন মজুমদাৰ (৩০), ফাৰুক হুছেইন খান (৩২), মজিদুল ইছলাম (২৫), অৰমান হুছেইন (২৫), চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নাদিম আখটাৰ লস্কৰ (২৩), অৱসৰপ্ৰাপ্ত মৌলানা বছিৰুদ্দিন লস্কৰ (৬৫) আৰু মকবুল আলমে প্ৰাৰম্ভিক পৰ্যায়তে জামিন লাভ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাই ৰায়ত উল্লেখ কৰে যে, তেওঁলোকৰ বিৰুদ্ধে এনে একো প্ৰমাণ বিচাৰি পোৱা নাই, যাৰ বাবে অধিক জিম্মাত বন্দী কৰি ৰাখিব পাৰি।

আন এজন অভিযুক্ত আবু বাক্কাৰ ছিদ্দিক (৫৫) ওৰফে আফগা খান অভিলেষৰ ক্ষেত্ৰত আদালতে কয় যে তেওঁৰ কেছ ডায়েৰী প্ৰাপ্ত হোৱা নাই আৰু তেওঁ ইতিমধ্যে ৪৭ দিন ধৰি বন্দী হৈ আছে।

লগতে জামিন লাভ কৰে ২৬ বছৰীয়া ৰফিকুল ইছলামে।

কৰিমগঞ্জ জিলাৰ পৰা আটক কৰা দুজন অভিযুক্ত ২৪ বছৰীয়া মুজিব উদ্দিন নামৰ এজন শিক্ষক আৰু ১৮ বছৰীয়া B.Com ৰ ছাত্ৰ মোৰ্তুজা হুছেইন খান দুয়োৱে জামিন লাভ কৰিছে বুলি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই নিশ্চিত কৰিছে।

UAPA ৰ অধীনত গোচৰ ৰুজু নকৰা একমাত্ৰ অভিযুক্ত মৌলানা য়াছিন খানক ১৫ ছেপ্টেম্বৰত জামিনত মুক্তি দিয়া হৈছিল।

অৱশ্যে এতিয়ালৈকে জামিন লাভ কৰা নাই ৫৭ বছৰীয়া খাণ্ডাকাৰ নুৰ আলোম আৰু এজন ৰিক্সাচালক চৈয়দ আহমেদে। দুয়োজনৰ জামিন আবেদন নাকচ কৰে ধুবুৰী সত্ৰ আদালতে। তেওঁলোকৰ ব্যক্তিগত অধিবক্তাই আদালতে পৰৱৰ্তী শুনানিৰ বাবে ২২ অক্টোবৰ ধাৰ্য কৰিছে বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd