বঙাইগাঁৱৰ আৰক্ষী চাউনীত এক স্বাস্থ্য সজাগতা আৰু ৰোগ নিৰুপণ শিবিৰ বুধবাৰে অনুষ্ঠিত হয় ৷
অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ ( Assam Police Wives’ Welfare Association) উদ্যোগত আৰু গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সহযোগিতাত বঙাইগাঁও আৰু চিৰাং জিলা আৰক্ষীৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই স্বাস্থ্য সজাগতা আৰু ৰোগ নিৰুপণ শিবিৰটো অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ সভানেত্ৰী স্বপ্নালী মহন্ত মুকলি কৰে ৷
এই উপলক্ষে অনুষ্ঠিত স্বাস্থ্য সজাগতা সভাৰ আৰম্ভণিতে পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ মহা পৰিদৰ্শক দীলিপ কুমাৰ দেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এচোছিয়েচনৰ তৰফৰ পৰা লোৱা এনে উদ্যোগৰ বাবে সভানেত্ৰীকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে স্বাস্থ্য শিবিৰত ৰোগ নিৰুপণৰ বাবে উপস্থিত হোৱা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চিকিৎসক ,নাৰ্চকে ধৰি দলটিকো ধন্যবাদ জনায় ৷
এচোছিয়েচনৰ সদস্যা বৰ্ণালী গগৈ ডেকাই আঁত ধৰা অনুষ্ঠানত অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ সভানেত্ৰী স্বপ্নালী মহন্তই নিজৰ ভাষণত কয় যে মূলত ইয়াত আৰক্ষী বিভাগৰ চতুৰ্থ বৰ্গৰ পৰা আৰম্ভ কৰি কনিষ্টবললৈকে যিসকল আৰক্ষী বিভাগৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰিয়ালৰ মহিলা , কিশোৰীসকল বাবে এই স্বাস্থ্য শিববিৰৰ আয়োজন কৰা হৈছে ৷
এই স্বাস্থ্য শিবিৰত মহিলাৰ স্তন কেন্সাৰ আৰু জৰায়ু মুখৰ কেন্সাৰ ৰোগ নিৰুপণৰ বাবে আয়োজন কৰা হৈছে ৷
এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চিকিৎসক , নাৰ্চ , কাউন্সিলৰ আদিকে ধৰি এটি দলে৷
আমাৰ উদ্দেশ্যটো হ’ল যে আমাৰ যিবোৰ ভিতৰুৱা অঞ্চলত আৰক্ষী বেটেলিয়ন আছে , মহিলা আছে তেওঁলোকে বিভিন্ন কাৰণত তথা আৰ্থিক কাৰণ ,চিকিৎসা উপলব্ধ নোহোৱাৰ বাবে অথবা সংকোচৰ বাবে চিকিৎসা গ্ৰহণ নকৰে ৷
সেয়ে আমি সংগঠনৰ পৰা আম্ভণিৰে পৰা ঠায়ে ঠায়ে চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷ ইয়াৰ জৰিয়তে তেঁওলোকে অলপ হলেও উপকৃত হ’ব ৷
প্ৰথম শিবিৰটো আমি বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীত আয়োজন কৰিছিলো যদিও পিছত ক’ভিডৰ কাৰণে আমি পিচুৱাই থাকিবলগীয়া হ’ল ৷
এতিয়া পুনৰ আৰম্ভ কৰিছো ৷ এই শিবিৰটো বঙাইগাঁও আৰু চিৰাং জিলাৰ আৰক্ষী বিভাগৰ কৰ্মচাৰীসকলৰ লগতে অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীত কৰ্মৰতসকলৰ পৰিয়ালৰ মহিলাসকলক সামৰি অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰি আগলৈকো এনেধৰণৰ স্বাস্থ্য শিবিৰ বিভিন্ন ঠাইন অনুষ্ঠিত কৰি যাব বুলি কয়৷
স্বাস্থ্য সজাগতা অনুষ্ঠানত বঙাইগাঁৱৰ বিশিষ্ট চিকিৎসক ইতেশ বৰদলৈ উপস্থিত থাকি নিজকে সুস্থ কৰি ৰাখিবলৈ হলে কিদৰে আগবাঢ়িব লাগে আৰু নিজকে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ কি কৰিব লাগে আদিকে ধৰি স্বাস্থ্য সজাগতাৰ ওপৰত বক্তব্য ৰাখে ৷
আনহাতে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ পৰা অহা দলটিৰ চিকিৎসকেও কেন্সাৰ ৰোগৰ বিষয়ে সজাগতামূলক বক্তব্য ৰাখে৷
শেষত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে ৷
অনুষ্ঠানত অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ সম্পাদিকা ৰুচি ভৰদ্বাজ বৰা ,কোষাধ্যক্ষ ববিতা সিঙৰ লগতে সদস্যা অঞ্জনা বৰুৱা, ডেইজী গগৈ , দীপশিখা দে , গীতা বংৰংপী, অৰ্চনা তিৱাৰী , উৰ্মিমালা মহন্ত , শৰ্মিষ্ঠা বৰাৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ,চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা আদি উপস্থিত থাকে ৷
স্বাস্থ্য সজাগতা আৰু ৰোগ নিৰুপণ শিবিৰৰ সৈতে সংগতি ৰাখি গছপুলিও ৰোপন কৰা হয় ৷ গছপুলি ৰোপন কাৰ্যসূচীৰ এচোছিয়েচনৰ সভানেত্ৰী স্বপ্নালী মহন্তই শুভাৰম্ভ কৰে ৷