• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও আৰক্ষী চাউনীত অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ উদ্যোগত স্বাস্থ্য সজাগতা শিবিৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 28, 2021 9:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱৰ আৰক্ষী চাউনীত এক স্বাস্থ্য সজাগতা আৰু ৰোগ নিৰুপণ শিবিৰ বুধবাৰে অনুষ্ঠিত হয় ৷

অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ ( Assam Police Wives’ Welfare Association) উদ্যোগত আৰু গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সহযোগিতাত বঙাইগাঁও আৰু চিৰাং জিলা আৰক্ষীৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই স্বাস্থ্য সজাগতা আৰু ৰোগ নিৰুপণ শিবিৰটো অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ সভানেত্ৰী স্বপ্নালী মহন্ত মুকলি কৰে ৷

Apply Now

এই উপলক্ষে অনুষ্ঠিত স্বাস্থ্য সজাগতা সভাৰ আৰম্ভণিতে পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ মহা পৰিদৰ্শক দীলিপ কুমাৰ দেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এচোছিয়েচনৰ তৰফৰ পৰা লোৱা এনে উদ্যোগৰ বাবে সভানেত্ৰীকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে স্বাস্থ্য শিবিৰত ৰোগ নিৰুপণৰ বাবে উপস্থিত হোৱা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চিকিৎসক ,নাৰ্চকে ধৰি দলটিকো ধন্যবাদ জনায় ৷

এচোছিয়েচনৰ সদস্যা বৰ্ণালী গগৈ ডেকাই আঁত ধৰা অনুষ্ঠানত অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ সভানেত্ৰী স্বপ্নালী মহন্তই নিজৰ ভাষণত কয় যে মূলত ইয়াত আৰক্ষী বিভাগৰ চতুৰ্থ বৰ্গৰ পৰা আৰম্ভ কৰি কনিষ্টবললৈকে যিসকল আৰক্ষী বিভাগৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰিয়ালৰ মহিলা , কিশোৰীসকল বাবে এই স্বাস্থ্য শিববিৰৰ আয়োজন কৰা হৈছে ৷

এই স্বাস্থ্য শিবিৰত মহিলাৰ স্তন কেন্সাৰ আৰু জৰায়ু মুখৰ কেন্সাৰ ৰোগ নিৰুপণৰ বাবে আয়োজন কৰা হৈছে ৷
এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চিকিৎসক , নাৰ্চ , কাউন্সিলৰ আদিকে ধৰি এটি দলে৷

আমাৰ উদ্দেশ্যটো হ’ল যে আমাৰ যিবোৰ ভিতৰুৱা অঞ্চলত আৰক্ষী বেটেলিয়ন আছে , মহিলা আছে তেওঁলোকে বিভিন্ন কাৰণত তথা আৰ্থিক কাৰণ ,চিকিৎসা উপলব্ধ নোহোৱাৰ বাবে অথবা সংকোচৰ বাবে চিকিৎসা গ্ৰহণ নকৰে ৷

সেয়ে আমি সংগঠনৰ পৰা আম্ভণিৰে পৰা ঠায়ে ঠায়ে চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷ ইয়াৰ জৰিয়তে তেঁওলোকে অলপ হলেও উপকৃত হ’ব ৷

প্ৰথম শিবিৰটো আমি বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীত আয়োজন কৰিছিলো যদিও পিছত ক’ভিডৰ কাৰণে আমি পিচুৱাই থাকিবলগীয়া হ’ল ৷

এতিয়া পুনৰ আৰম্ভ কৰিছো ৷ এই শিবিৰটো বঙাইগাঁও আৰু চিৰাং জিলাৰ আৰক্ষী বিভাগৰ কৰ্মচাৰীসকলৰ লগতে অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীত কৰ্মৰতসকলৰ পৰিয়ালৰ মহিলাসকলক সামৰি অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰি আগলৈকো এনেধৰণৰ স্বাস্থ্য শিবিৰ বিভিন্ন ঠাইন অনুষ্ঠিত কৰি যাব বুলি কয়৷

স্বাস্থ্য সজাগতা অনুষ্ঠানত বঙাইগাঁৱৰ বিশিষ্ট চিকিৎসক ইতেশ বৰদলৈ উপস্থিত থাকি নিজকে সুস্থ কৰি ৰাখিবলৈ হলে কিদৰে আগবাঢ়িব লাগে আৰু নিজকে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ কি কৰিব লাগে আদিকে ধৰি স্বাস্থ্য সজাগতাৰ ওপৰত বক্তব্য ৰাখে ৷

আনহাতে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ পৰা অহা দলটিৰ চিকিৎসকেও কেন্সাৰ ৰোগৰ বিষয়ে সজাগতামূলক বক্তব্য ৰাখে৷
শেষত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে ৷

অনুষ্ঠানত অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ সম্পাদিকা ৰুচি ভৰদ্বাজ বৰা ,কোষাধ্যক্ষ ববিতা সিঙৰ লগতে সদস্যা অঞ্জনা বৰুৱা, ডেইজী গগৈ , দীপশিখা দে , গীতা বংৰংপী, অৰ্চনা তিৱাৰী , উৰ্মিমালা মহন্ত , শৰ্মিষ্ঠা বৰাৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ,চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা আদি উপস্থিত থাকে ৷

স্বাস্থ্য সজাগতা আৰু ৰোগ নিৰুপণ শিবিৰৰ সৈতে সংগতি ৰাখি গছপুলিও ৰোপন কৰা হয় ৷ গছপুলি ৰোপন কাৰ্যসূচীৰ এচোছিয়েচনৰ সভানেত্ৰী স্বপ্নালী মহন্তই শুভাৰম্ভ কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd