• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অনাগত কেইবাটাও দশক দেশৰ ৰাজনীতিৰ শক্তিধৰ হৈ ৰ’ব বিজেপি! প্ৰশান্ত কিশোৰৰ ভৱিষ্যত বাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2021 5:05 pm
Prashant Kishor
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক মহাবিস্ফোৰণ ঘটাইছে দেশৰ প্ৰসিদ্ধ নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰে। যি বিস্ফোৰণ সমগ্ৰ দেশৰ ৰাজনীতিতে তুমুল চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে।

কি ক’লে দেশৰ শীৰ্ষ স্থানত থকা নিৰ্বাচনী ৰণনীতিবিদগৰাকীয়ে?

প্ৰশান্ত কিশোৰে বুধবাৰে গোৱাৰ এক অনুষ্ঠানত মন্তব্য কৰে যে ৰাহুল গান্ধীয়ে ভবাৰ দৰে মানুহে বিজেপিক দলিয়াই নেপেলায়।

দেশৰ ৰাজনীতিত আৰু অনাগত কেবাটাও দশক ধৰি থাকিব বিজেপি।

বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ষোভ বৃদ্ধি পালেও দেশৰ ৰাজনীতিৰ কেবা দশক ধৰি থাকিব বিজেপি।

এতিয়া প্ৰশ্ন হৈছে কিয় এইদৰে বিস্ফোৰণ ঘটাইছে নিৰ্বাচনী ৰণনীতিবিদগৰাকীয়ে?

উল্লেখ্য যে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ পিছতে প্ৰশান্ত কিশোৰে কংগ্ৰেছ নেতৃবৃন্দৰ বিশেষকৈ ৰাহুল গান্ধীৰ সৈতে কবাবাৰো মিলিত হৈছিল। ৰাহুল গান্ধীৰ বাসগৃহতো আলোচনাত মিলিত হৈছিল প্ৰশান্ত কিশোৰ। চৰ্চা চলিছিল প্ৰশান্ত কিশোৰে অতি সোনকালে কংগ্ৰেছ যোগদান কৰিব। কিন্তু কংগ্ৰেছৰ 23G নেতাসকলৰ বিৰোধিতাৰ বাবে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাতো গেঠেলা মৰা বুলি ধাৰণা কৰা হৈছিল।

সম্ভৱতঃ আলোচনাৰ অন্তত প্ৰশান্ত কিশোৰে ৰাহুল গান্ধীৰ ৰাজনৈতিক বিচক্ষণা আৰু পৰিপক্কতাক তন্নতন্নকৈ অস্ত্ৰোপচাৰ কৰিছে। আৰু ইয়াৰ পিছতে ৰাহুল গান্ধী তথা কংগ্ৰেছ দলৰ ৰাজনৈতিক অন্তদৃষ্টিহীনতাক তেওঁ ধৰা পেলাইছে।

Apply Now

ইফালে কিশোৰে ২০২৪ চনত বিজেপিক পৰাভূত কৰি কংগ্ৰেছক শাসনলৈ আনিবলৈ দলটোত ফ্ৰী হেণ্ড বিচাৰিছিল। কিন্তু কংগ্ৰেছ নেতৃত্ব সন্মত নোহাৱাৰ বাবেই কিশোৰ আৰু কংগ্ৰেছৰ আত্মীকৰণত আউল লাগি আছে।আৰু ইয়াৰ ফলশ্ৰুতিতে বুধবাৰে কিশোৰে এই ৰাজনৈতিক মহা বিস্ফোৰণ ঘটাইছে বুলি ধাৰণা কৰা হৈছে।

প্ৰশান্ত কিশোৰে তাৎপৰ্যপূৰ্ণভাৱে কয় যে ৰাহুল গান্ধীয়ে বিজেপিৰ প্ৰতি দেশৰ জনতাৰ ক্ষোভ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিত দেশৰ ৰাজনীতিত বিজেপিৰ আয়ুস কাল টুটি অহা বুলি সান্ত্বনা লৈ আছে। ৰাহুল গান্ধীৰ এই বিশ্বাস শুদ্ধ নহয়।

কিশোৰে লগতে কয়, যেনেকৈ প্ৰথম ৪০ টা বছৰৰ দেশৰ ৰাজনীতিৰ কেন্দ্ৰ কংগ্ৰেছ আছিল ঠিক তেনেকৈ জয়ী বা পৰাস্ত হ’লেও এইটো মানি ল’ব লাগিব যে ভাৰতীয় ৰাজনীতিৰ কেবাটাও দশকৰ কেন্দ্ৰ হ’বলৈ গৈ আছে বিজেপি।

বিজেপি শেষ হৈ যোৱা নাই আৰু শেষ হৈ নাযায়। ভাৰতত ৩০ শতাংশ নিজা ভোট সৃষ্টি কৰি ল’ব পাৰিলে কোনে দলেই দেশৰ ৰাজনীতিৰ পৰা নিঃশেষ হৈ নাযায় বুলি নিজ ভাষ্যত উল্লেখ কৰে কিশোৰে।

ৰাহুল গান্ধীক উদ্দেশ্যি কিশোৰে লগতে কয় বিজেপিৰ প্ৰতি মানুহ ক্ষোভিত হৈ উঠা মানুহে বিজেপিক দেশৰ ৰাজনীতিৰ পৰা দলিয়াই পেলাব বুলি ভুল নকৰিব। হয় ক্ষোভিত মানুহে নৰেন্দ্ৰ মোদীক ওফৰাই পেলাব, কিন্তু বিজেপিক নহয়। বিজেপি থাকিব আৰু অনাগত কেবাটাও দশক থাকিব আৰু বিজেপিয়ে দেশৰ ৰাজনৈতিক ক্ষমতাৰ বাবে যুঁজ দিব।

“ইয়াত সমস্যাটো হৈছে সম্ভৱতঃ ৰাহুল গান্ধীৰ। তেওঁ ভাবে যে অনাগত সময়ত বিজেপিক মানুহে নস্যাৎ কৰিব। কিন্তু, সেয়া হোৱা নাই আৰু নহয়।”

কিশোৰে লগতে কয় যে আপুনি যেতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদীৰ শক্তি আৰু সামৰ্থ্যক বুজিব নোৱাৰিব, তেতিয়ালৈকে তেওঁক আপুনি পৰাস্ত কৰিব নোৱাৰিব।

কিশোৰে লগতে আঙুলিয়াই দিছে যে দেশৰ যিকোনো ৰাষ্ট্ৰীয় বা ৰাজ্যিক কংগ্ৰেছ নেতাৰ সৈতে কথা পাতিলে তেওঁলোকে এটা কথাই ক’ব মানুহ বিজেপিৰ প্ৰতি মোহভংগ হৈছে আৰু বিজেপি উৎখাত কৰিব।

কিশোৰে লগতে বিশ্লেষণ কৰি দেখুওৱাই যে মাত্ৰ এক তৃতীয়াংশ লোকে বিজেপিক ভোট দিছে। বাকী দুই তৃতীয়াংশ ভোট ১৫ টা দলৰ মাজত বিভাজন হৈছে। যাৰ ফলত কংগ্ৰেছক পতন হৈছে।

উল্লেখ্য যে নিৰ্বাচনী ৰণ নীতি প্ৰস্তুতকাৰী হিচাপে বিশেষ বুৎপত্তি আছে প্ৰশান্ত কিশোৰৰ। ২০১৪ চনত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদ অধিষ্ঠিত কৰোৱাৰ সকলো ৰণনীতি এই প্ৰশান্ত কিশোৰেই প্ৰস্তুত কৰা বুলি চৰ্চা লাভ কৰি আহিছে। কিন্তু পৰৱৰ্তী সময়ত প্ৰশান্ত কিশোৰে বিজেপিৰ সংগ ত্যাগ কৰে। যোৱা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত এই প্ৰশান্ত কিশোৰে বিজেপিক ঘটিয়ে ঘটিয়ে পানী খোৱাইছিল।

দেশৰ শীৰ্ষ ৰণনীতিবিদগৰাকীয়ে কেন্দ্ৰত বিজেপিক উৎখাত কৰাৰ বাবে কংগ্ৰেছসহ বিজেপি বিৰোধী শক্তিসমূহৰ হৈ ৰণনীতি প্ৰস্তুতৰ বাবে প্ৰচেষ্টা চলাই আহিছে যদিও কংগ্ৰেছৰ অপৰিপক্কতাৰ বাবেই সেয়া স্তিমিত হৈ পৰা বুলি ধাৰণা কৰা হৈছে।

সেয়ে প্ৰশান্ত কিশোৰৰ এই মন্তব্যই দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। আৰু বিজেপিৰ শিবিৰ উল্লাসিত হৈ পৰা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd