• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘুণীয়া হোৱা আৰক্ষীৰ লোকে বিশেষ প্রশিক্ষণ অবিহনেই লাভ কৰিব পদোন্নতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 30, 2021 8:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্তব্যৰত অৱস্থাত বিগত দিনবোৰত উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘুণীয়া আৰক্ষীৰ লোকে বিশেষ পাঠ্যক্ৰমত অংশ নোলোৱাকৈয়ে লাভ কৰিব পদোন্নতি।

যিসকল আৰক্ষীৰ লোকে শাৰিৰীক অক্ষমতাৰ বাবে প্রয়োজনীয় বিশেষ পাঠ্যক্ৰমত অংশ ল’ব নোৱাৰাত পদোন্নতি লাভ কৰা নাছিল, সেইসকল আৰক্ষীৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্তই প্রকাশ কৰিছে।

Apply Now

আজি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ এক মত-বিনিময় অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান মহন্তই কয় যে ভুক্তভোগী এইসকল আৰক্ষীয়ে প্রয়োজনীয় প্রশিক্ষণত অৱতীৰ্ণ নোহোৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্ৰম তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে।

এইক্ষেত্ৰত চৰকাৰী অনুমোদনৰ প্রক্ৰিয়া চুড়ান্ত পযয়িত আছে বুলিও তেওঁ কয়। সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰে যে পদোন্নতিৰ পৰা বঞ্চিত এইসকল আৰক্ষীৰ লোকৰ প্রতিগৰাকীকে তেওঁৰ কনিষ্ঠজনে ইতিমধ্যে পদোন্নতিৰ জৰিয়তে লাভ কৰা পদবীত মকৰল কৰা হ’ব।

উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হোৱা আৰক্ষীৰ আৰু বহু লোক আছে আৰু প্রত্যকেই এই সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

সঞ্চালকপ্রধানগৰাকীয়ে কয় যে আজি কেৱল প্রতিনিধিত্বমূলকভাৱেহে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ঘূণীয়া হোৱা আৰক্ষীৰ এইসকল লোকক ‘পৰাক্ৰমী’ পদকেৰে বিভূষিত কৰাৰ বাবেও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি থকা হৈছে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বামহি আৰক্ষীৰ এইসকল লোকৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্রকাশ কৰে।

মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশেষ আৰক্ষী সঞ্চালকপ্রধান (আইন-শৃংখলা) জি পি সিঙে আহত আৰক্ষীৰ লোকসকলে চিকিৎসাৰ বাবে সেইসময়ত নিজে ব্যয় কৰা ধনৰাশি তেওঁলোকক চৰকাৰীভাৱে পৰিশোধ কৰাকে আদি ধৰি আন ভালেমান পৰামৰ্শ দাঙি ধৰে।

এই মত-বিনিময় অনুষ্ঠানতে আৰক্ষীৰ এই লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উগ্ৰপন্থীৰ গুলী আৰু বিস্ফোৰণত আহত কেবাগৰাকীও আৰক্ষীৰ লোকে সেই সময়ত সংঘটিত শিহৰণকাৰী ঘটনাৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে আজিৰ অনুভৱখিনিও ব্যক্ত কৰে।

অনুষ্ঠানটোত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (প্রশাসন) এম পি গুপ্তাই আদৰণি ভাষণ প্রদান কৰে।অনুষ্ঠানটিৰ আতঁ ধৰে আৰক্ষী উপ-মহাপৰিদৰ্শক (প্ৰশাসন) নিতুল গগৈয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd