মঙলবাৰে নতুন দিল্লী ভ্ৰমণলৈ যোৱা ত্ৰিপুৰাৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীক সাক্ষাত কৰি ৰাজ্যখনৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যাৱলী সমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীৰ লগত বিতংভাবে আলোচনা কৰে।
মুখ্য মন্ত্ৰী দেবে কেন্দ্ৰীয় বৈদেশিক আৰু পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাত কৰি ৰাজ্যখনৰ সীমান্ত সুৰক্ষাৰ লগতে ইণ্ডিয়া-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা সম্পৰ্কত এক গভীৰ আলোচনা সম্পন্ন কৰে।
এই আলোচনাৰ বিতং তথ্য পোহৰলৈ অহা নাই যদিও এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আৰু বিভিন্ন মৌলবাদী সংগঠনসমূহে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজক অৱগত কৰোৱায় মুখ্য মন্ত্ৰী দেবে।
সুষমা স্বৰাজক সাক্ষাত কৰাৰ পাছত মুখ্য মন্ত্ৰী দেবে সাক্ষাত কৰে কেন্দ্ৰীয় ৰেইল মন্ত্ৰী পিয়ুষ গোয়েলক। ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা উন্নীতকৰণ কৰাৰ বাবে ৰেইল মন্ত্ৰীগৰাকীক ৰেইল লাইন সম্প্ৰসাৰণৰ লগতে ত্ৰিপুৰাৰ বাবে পৃথক ৰেইলৱে ডিভিজন আৰম্ভ কৰাৰ বাবে অনুৰোধ জনায়।
আনহাতে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী সুৰেশ প্ৰভুকো সাক্ষাত কৰে মুখ্য মন্ত্ৰী বিপ্লৱ দেবে। ৰাজ্যখনত উন্নয়নৰ লক্ষ্যৰে তথা নিবনুৱা সমস্যা ৰোধ কৰাৰ বাবে নতুন উদ্যোগ স্থাপন তথা বিনিয়োগ কৰিবলৈ উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভুক অনুৰোধ জনায় বিপ্লৱ কুমাৰ দেবে।
ইয়াৰ উপৰি তেওঁ কালি কেন্দ্ৰীয় ৰাজ্যিক পৰ্যটন মন্ত্ৰী কে জে এলফনছ আৰু কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ লগতো আলোচনাত মিলিত হয়।
ইফালে আজি গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাত কৰাৰ পূৰ্ণ সম্ভাৱণা আছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।