• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও জিলা সাহিত্য সভা আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন

ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন -বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো সুধাকণ্ঠক স্মৰণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 5, 2021 8:53 pm
155
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ‍্যোগত আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সৌজন্যত আজি প্ৰেছ ক্লাবত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম সংখ্যক স্মৃতি দিৱস পালন কৰা হয় ৷

স্মৃতি দিৱসৰ লগত সংগতি ৰাখি চাৰিখন গ্ৰন্থও উন্মোচন কৰা হয় ৷

এই উপলক্ষে জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৰূপ পাঠকে আঁত ধৰা স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে ৷

সভাৰ আৰম্ভণিতে প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৷

ইয়াৰ পিছতে উপস্থিত সকলোৱে সুধাকণ্ঠৰ ‘ মানুহে মানুহৰ বাবে ‘ শীৰ্ষক কালজয়ী গীতটি পৰিৱেশন কৰে ৷

প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কবি,সাহিত্যিক গণেশ্বৰ দেৱ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে ৷

উল্লেখ্য যে এই অনুষ্ঠানতে কবি ৰাণী দেৱীৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ ভিতৰত ‘ৰ’দ হৈ আহিবা ‘ শীৰ্ষক কাব্য গ্ৰন্থখন বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই উন্মোচন কৰাৰ বিপৰীতে ‘সুবাসিত অনুৰাগৰ ঢৌ’ শীৰ্ষক কাব্য গ্ৰন্থখন অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক বলোৰাম ৰায়ে উন্মোচন কৰে ৷

আনহাতে সৰু সৰু স্তাৱকবোৰক একত্ৰিত কৰি প্ৰকাশ কৰা ‘সুবাসিত তৃষ্ণা ‘গ্ৰন্থখন উন্মোচন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে ৷

সেইদৰে অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে ‘জেতুকাবুলীয়া সপোন ‘শীৰ্ষক শ্বেয়েৰী সংকলনখন উন্মোচন কৰে ৷ অনুষ্ঠানত শিল্পী হেৰম্ব অধিকাৰীৰ লগতে যুতিকা ৰায় আৰু প্ৰবীণ বৈশ্যই গীত পৰিৱেশন কৰি অনুষ্ঠানটিক অধিক মনোগ্ৰাহী কৰি তোলে । অনুষ্ঠানত জিলা সাহিত্য সভাৰ উপ সভাপতি বিক্ৰম মেধিকে ধৰি বিভিন্নজন ব্যক্তি উপস্থিত থাকে ৷ শলাগৰ শৰাই আগবঢ়ায় জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৰূপ পাঠকে ৷

ল’ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰা হয় ৷

বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও নিয়তি সংঘত উদযাপন কৰা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ল’ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ পতাকা উত্তোলন কৰে ক্ৰমে সম্পাদক অবীন নাথ আৰু ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মনে ৷

সুধাকণ্ঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিশিষ্ট সাহিত্যিক হৰিধন ডেকাই ৷

আনহাতে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে ‘কালজয়ী গীতটি পৰিৱেশন কৰে শিল্পী সমাজৰ শিল্পীসকলে ৷ উল্লেখ্য যে সুধাকণ্ঠৰ মৃত্যু দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিল্পী সমাজৰ শিল্পীসকলে সুধাকণ্ঠৰ গীত – মাত পৰিৱেশন কৰে ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd