• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা সাহিত্য সভা আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন

ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন -বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো সুধাকণ্ঠক স্মৰণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 5, 2021 8:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ‍্যোগত আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সৌজন্যত আজি প্ৰেছ ক্লাবত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম সংখ্যক স্মৃতি দিৱস পালন কৰা হয় ৷

স্মৃতি দিৱসৰ লগত সংগতি ৰাখি চাৰিখন গ্ৰন্থও উন্মোচন কৰা হয় ৷

এই উপলক্ষে জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৰূপ পাঠকে আঁত ধৰা স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে ৷

Apply Now

সভাৰ আৰম্ভণিতে প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৷

ইয়াৰ পিছতে উপস্থিত সকলোৱে সুধাকণ্ঠৰ ‘ মানুহে মানুহৰ বাবে ‘ শীৰ্ষক কালজয়ী গীতটি পৰিৱেশন কৰে ৷

প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কবি,সাহিত্যিক গণেশ্বৰ দেৱ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে ৷

উল্লেখ্য যে এই অনুষ্ঠানতে কবি ৰাণী দেৱীৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ ভিতৰত ‘ৰ’দ হৈ আহিবা ‘ শীৰ্ষক কাব্য গ্ৰন্থখন বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই উন্মোচন কৰাৰ বিপৰীতে ‘সুবাসিত অনুৰাগৰ ঢৌ’ শীৰ্ষক কাব্য গ্ৰন্থখন অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক বলোৰাম ৰায়ে উন্মোচন কৰে ৷

আনহাতে সৰু সৰু স্তাৱকবোৰক একত্ৰিত কৰি প্ৰকাশ কৰা ‘সুবাসিত তৃষ্ণা ‘গ্ৰন্থখন উন্মোচন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে ৷

সেইদৰে অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে ‘জেতুকাবুলীয়া সপোন ‘শীৰ্ষক শ্বেয়েৰী সংকলনখন উন্মোচন কৰে ৷ অনুষ্ঠানত শিল্পী হেৰম্ব অধিকাৰীৰ লগতে যুতিকা ৰায় আৰু প্ৰবীণ বৈশ্যই গীত পৰিৱেশন কৰি অনুষ্ঠানটিক অধিক মনোগ্ৰাহী কৰি তোলে । অনুষ্ঠানত জিলা সাহিত্য সভাৰ উপ সভাপতি বিক্ৰম মেধিকে ধৰি বিভিন্নজন ব্যক্তি উপস্থিত থাকে ৷ শলাগৰ শৰাই আগবঢ়ায় জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৰূপ পাঠকে ৷

ল’ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰা হয় ৷

বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও নিয়তি সংঘত উদযাপন কৰা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ল’ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ পতাকা উত্তোলন কৰে ক্ৰমে সম্পাদক অবীন নাথ আৰু ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মনে ৷

সুধাকণ্ঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিশিষ্ট সাহিত্যিক হৰিধন ডেকাই ৷

আনহাতে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে ‘কালজয়ী গীতটি পৰিৱেশন কৰে শিল্পী সমাজৰ শিল্পীসকলে ৷ উল্লেখ্য যে সুধাকণ্ঠৰ মৃত্যু দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিল্পী সমাজৰ শিল্পীসকলে সুধাকণ্ঠৰ গীত – মাত পৰিৱেশন কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd