• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত কিদৰে চলিছে নিৱনুৱাক সংস্থাপিত কৰাৰ কাম,বুজ ল’লে উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 6, 2021 6:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শুকুৰবাৰে তেওঁৰ কাৰ্যালয় কক্ষত কেবাটাও বিভাগৰ বিষয়াৰ সৈতে বিভাগীয় উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস আৰু সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিতৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, জিলা মীন উন্নয়ন বিষয়া, হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ বঙাইগাঁৱৰ অধীক্ষক, ভূমি সংৰক্ষণ তথা জিলা পশুপালন বিষয়াৰ পৰা তেওঁলোকৰ বিভাগীয় উন্নয়নমূলক কাম-কাজৰ বিষয়ে বুজ লয়।

Apply Now

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে বঙাইগাঁৱত চেনিটাৰী নেপকীন বনোৱা প্ৰশিক্ষণ এটি অচিৰেই অনুষ্ঠিত কৰা হ’ব।

ইয়াৰ বাবে নাবাৰ্ডে এটি মেচিন আৰু যাৱতীয় খৰচ প্ৰদান কৰিব। আনহাতে গ্ৰামীণ জীৱিকা মিছনৰ অধীনত ৯০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক গাহৰি পালনৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব।

গাঁও এলেকাৰ ৬০ গৰাকী আৰু চহৰ এলেকাৰ ৩০গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক তিনিটা গ্ৰুপত ভাগ কৰি ১৫ দিনীয়াকৈ মুঠ ৪৫ দিন এই প্ৰশিক্ষণ দিয়া হ’ব।

জিলাখনৰ ডাংতল, সৃজনগ্ৰাম আৰু মাণিকপুৰ উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ’ব আৰু পশুপালন বিভাগৰ বিশেষজ্ঞই প্ৰশিক্ষণ দিব। আনহাতে নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে PM-SVANidhi আঁচনিৰ অধীনত জিলাখনৰ চহৰাঞ্চলৰ ৭৫৮ গৰাকী পদপথৰ ব্যৱসায়ীক এতিয়ালৈকে ১০,০০০ (দহ হেজাৰ) টকাকৈ প্ৰদান কৰা হৈছে।

এইক্ষেত্ৰত জিলাখনে অসমৰ ভিতৰতে এটা উল্লেখযোগ্য স্থানত আছে। তদুপৰি বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীত শুকুৰবাৰৰ পৰা ৩দিনীয়াকৈ চহৰখনৰ ৩০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক অতিথি আপ্যায়ণ সন্দৰ্ভত (Catering) প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই মীন বিভাগৰ অধীনত বঙাইগাঁও ইকো-পাৰ্কত বনাই থকা পাব্লিক একুৱাৰিয়ামৰ কামৰ বুজ লয় আৰু জিলা মীন উন্নয়ন বিষয়াক সংশ্লিষ্ট সকলো কাম ভালদৰে তদাৰক কৰিবলৈ কয়।

ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে হস্ততাঁত-বস্ত্ৰশিল্প,ভূমি সংৰক্ষণ,পশুপালন আদি বিভাগৰ কামৰো পৰ্যালোচনা কৰে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd