• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত অপহৰণকাৰী,অপহৃতক সুকলমে উদ্ধাৰ

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
November 14, 2021 4:40 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা ৷ মাত্ৰ এদিনৰ ভিতৰতে উদ্ধাৰ কৰিলে জিলাখনৰ কৃষ্ণাইৰ পৰা অপহৃত ব্যৱসায়ী ৰবিউল ইছলামক ৷ ইয়াৰ বিপৰীতে অপহৰণকাণ্ডৰ সৈতে জড়িত থকা ৬ অপহৰণকাৰীকো অতি তৎপৰতাৰে আটক কৰিলে গোৱালপাৰা জিলা আৰক্ষীয়ে ৷

অৱশ্যে ইয়াৰ মাজতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় ছাদ্দাম হুছেইন নামৰ অপৰাধীজন ৷

এই ঘটনা সন্দৰ্ভত আজি দুপৰীয়া গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে কৃষ্ণাই আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি সমগ্ৰ অভিযানৰ বৰ্ণনা দাঙি ধৰে ৷

আৰক্ষী অধীক্ষক ৰেড্ডীয়ে জনোৱা অনুসৰি যোৱা ৯ নৱেম্বৰত মেঘালয়ৰ পৰা কৃষ্ণাইলৈ আহি থকাৰ পথত অপহৃত হৈছিল জিলাখনৰে কাৰাইখোৱা দেউধুতুৰী গাঁৱৰ ৰবিউল ইছলাম নামৰ লোকজন ৷

অৱশ্যে অপহৰণৰ তিনিদিন পিছত ১২ নৱেম্বৰতহে ৰবিউলৰ পৰিয়ালে ঘটনা সংক্ৰান্তত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিছতে জিলা আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অপহৃতক উদ্ধাৰ অভিযানত নামি পৰে আৰু সিদিনাই নিশা মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পেটকাটাৰ পৰা ঘটনাৰ সৈতে জড়িত চাৰি অপৰাধীক আটক কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে সিদিনা নিশা পেটকাটাত কোনো গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱা নাছিল ৷

মাত্ৰ এজন অপৰাধী পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি অপৰাধী জনক ধৰিছিল ৷ ইয়াৰ পিছতে কালি গোটেই দিন কৌশলপূৰ্ণ ভাৱে অভিযান চলাই আৰক্ষীয়ে মেঘালয়ৰ অৱাকাচিৰ কাষৰ গাপিলবিচাৰ পৰা অপহৃত ৰবিউল ইছলামক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি , এই অভিযান কালতে ইতিমধ্যে পেটকাটাত গ্ৰেপ্তাৰ কৰা অপহৰণকাৰী এজন আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে অপহৰণকাৰী জনৰ ভৰিত গুলিয়ায় আৰক্ষীয়ে । গোৱালপাৰাৰ দামৰাত যোৱা নিশা সংঘটিত হয় এই ঘটনা ।

গুলিত আহত অপহৰণকাৰীজনৰ নাম ছাবদাম মাৰাক ওৰফে ছাদ্দাম হুছেইন । ছাদ্দাম হুছেইনৰ ঘৰ মানকাচৰৰ সুখচৰত । ছাদ্দাম হুছেইনৰ নেতৃত্বতে যোৱা ৯ নৱেম্বৰত অপহৰণ কৰা হৈছিল ৰবিউল ইছলামক । অপহৃত লোকজনক সোশৰীৰে মেঘালয়ৰ পৰা উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে ছাদ্দাম হুছেইনক লগত লৈ আন এটা অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ যাওঁতেই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰিছিল ছাদ্দাম হুছেইনে ।

আহত ছাদ্দাম হুছেইনক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অপহৰণৰ মূল মাষ্টাৰ মাইণ্ড ছাদ্দাম হুছেইনৰ উপৰি ইয়াৰ লগত জড়িত আন পাঁচ জন অপহৰণকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইজন হৈছে আনোৱাৰ হুছেইন (২৬ , ভেল্টাৰঘাট কৃষ্ণাই) , ছমেশ আলী (৪১ পেটকাটা ) , ৰমেশ আলী (৩৩ খলচামাৰি মানকাচৰ):আলী হুছেইন (৩২ কাবাইটাৰী যোগীঘোপা) ছাদ্দাম হুছেইন মাৰাক (২৫ ) আৰু ব্ৰন্সন পি মমিন (২১;গাপিলবিচা ৰংজেন মেঘালয়) ৷

উল্লেখযোগ্য যে জিলাখনৰ উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অপহৃত লোকজনৰ উদ্ধাৰৰ বাবে অভিযান চলাইছিল আৰক্ষীয়ে । জিলা আৰক্ষীৰ সফলতাত সন্তোষ প্ৰকাশ কৰিছে ৰাজ্যৰ আৰক্ষী বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ৷

নীলমণি শৰ্মা ,কৃষ্ণাই

নীলমণি শৰ্মা ,কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd