• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত অপহৰণকাৰী,অপহৃতক সুকলমে উদ্ধাৰ

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
November 14, 2021 4:40 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা ৷ মাত্ৰ এদিনৰ ভিতৰতে উদ্ধাৰ কৰিলে জিলাখনৰ কৃষ্ণাইৰ পৰা অপহৃত ব্যৱসায়ী ৰবিউল ইছলামক ৷ ইয়াৰ বিপৰীতে অপহৰণকাণ্ডৰ সৈতে জড়িত থকা ৬ অপহৰণকাৰীকো অতি তৎপৰতাৰে আটক কৰিলে গোৱালপাৰা জিলা আৰক্ষীয়ে ৷

অৱশ্যে ইয়াৰ মাজতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় ছাদ্দাম হুছেইন নামৰ অপৰাধীজন ৷

Apply Now

এই ঘটনা সন্দৰ্ভত আজি দুপৰীয়া গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে কৃষ্ণাই আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি সমগ্ৰ অভিযানৰ বৰ্ণনা দাঙি ধৰে ৷

আৰক্ষী অধীক্ষক ৰেড্ডীয়ে জনোৱা অনুসৰি যোৱা ৯ নৱেম্বৰত মেঘালয়ৰ পৰা কৃষ্ণাইলৈ আহি থকাৰ পথত অপহৃত হৈছিল জিলাখনৰে কাৰাইখোৱা দেউধুতুৰী গাঁৱৰ ৰবিউল ইছলাম নামৰ লোকজন ৷

অৱশ্যে অপহৰণৰ তিনিদিন পিছত ১২ নৱেম্বৰতহে ৰবিউলৰ পৰিয়ালে ঘটনা সংক্ৰান্তত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিছতে জিলা আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অপহৃতক উদ্ধাৰ অভিযানত নামি পৰে আৰু সিদিনাই নিশা মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পেটকাটাৰ পৰা ঘটনাৰ সৈতে জড়িত চাৰি অপৰাধীক আটক কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে সিদিনা নিশা পেটকাটাত কোনো গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱা নাছিল ৷

মাত্ৰ এজন অপৰাধী পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি অপৰাধী জনক ধৰিছিল ৷ ইয়াৰ পিছতে কালি গোটেই দিন কৌশলপূৰ্ণ ভাৱে অভিযান চলাই আৰক্ষীয়ে মেঘালয়ৰ অৱাকাচিৰ কাষৰ গাপিলবিচাৰ পৰা অপহৃত ৰবিউল ইছলামক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি , এই অভিযান কালতে ইতিমধ্যে পেটকাটাত গ্ৰেপ্তাৰ কৰা অপহৰণকাৰী এজন আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে অপহৰণকাৰী জনৰ ভৰিত গুলিয়ায় আৰক্ষীয়ে । গোৱালপাৰাৰ দামৰাত যোৱা নিশা সংঘটিত হয় এই ঘটনা ।

গুলিত আহত অপহৰণকাৰীজনৰ নাম ছাবদাম মাৰাক ওৰফে ছাদ্দাম হুছেইন । ছাদ্দাম হুছেইনৰ ঘৰ মানকাচৰৰ সুখচৰত । ছাদ্দাম হুছেইনৰ নেতৃত্বতে যোৱা ৯ নৱেম্বৰত অপহৰণ কৰা হৈছিল ৰবিউল ইছলামক । অপহৃত লোকজনক সোশৰীৰে মেঘালয়ৰ পৰা উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে ছাদ্দাম হুছেইনক লগত লৈ আন এটা অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ যাওঁতেই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰিছিল ছাদ্দাম হুছেইনে ।

আহত ছাদ্দাম হুছেইনক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অপহৰণৰ মূল মাষ্টাৰ মাইণ্ড ছাদ্দাম হুছেইনৰ উপৰি ইয়াৰ লগত জড়িত আন পাঁচ জন অপহৰণকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইজন হৈছে আনোৱাৰ হুছেইন (২৬ , ভেল্টাৰঘাট কৃষ্ণাই) , ছমেশ আলী (৪১ পেটকাটা ) , ৰমেশ আলী (৩৩ খলচামাৰি মানকাচৰ):আলী হুছেইন (৩২ কাবাইটাৰী যোগীঘোপা) ছাদ্দাম হুছেইন মাৰাক (২৫ ) আৰু ব্ৰন্সন পি মমিন (২১;গাপিলবিচা ৰংজেন মেঘালয়) ৷

উল্লেখযোগ্য যে জিলাখনৰ উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অপহৃত লোকজনৰ উদ্ধাৰৰ বাবে অভিযান চলাইছিল আৰক্ষীয়ে । জিলা আৰক্ষীৰ সফলতাত সন্তোষ প্ৰকাশ কৰিছে ৰাজ্যৰ আৰক্ষী বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ৷

নীলমণি শৰ্মা ,কৃষ্ণাই

নীলমণি শৰ্মা ,কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd