• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 7:01 pm
National Press Day celebrated in different parts of the state
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু ই- মিডিয়া সহযোগত ছোৱালী মহাবিদ্যালয়ত উৎযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷ এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুল বিষয় “সংবাদ মাধ্যমক ভয় নকৰে কোনে?” ৰ ওপৰত বিৰ্স্তৃতভাৱে বাখ্যা কৰে অধ্যাপক উৎপল দত্তই৷

উপায়ুক্ত মেঘ নিধী দাহালে সভাপতিত্ব কৰা এই অনুষ্ঠান উপস্থিত থাকে সাহিত্যিক, প্ৰবন্ধকাৰ প্ৰেম গগৈ, অধ্যাপক ড° উৎপল দত্ত, ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বুদ্ধিন মিশ্ৰ| জেষ্ঠ সাংবাদিক অনন্ত স্মিথে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠান উদ্দেশ্য বাখ্যা কৰে সাংবাদিক জয়জ্যোতি গগৈয়ে৷

Apply Now

বৰ্ণিল কাৰ্যসূচীৰে কলিয়াবৰতো ‘কলিয়াবৰ প্ৰেছ ক্লাবৰ’ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অনুষ্ঠানত উপস্থিত থাকে অসমৰ জেষ্ঠ্য সাংবাদিক প্ৰকাশ মহন্ত।

জ্ঞাত-অজ্ঞাত প্ৰয়াত সংবাদসেৱীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস্য তথা সংবাদসেৱী ৰূপজ্যোতি গোস্বামীয়ে ৰচনা কৰা গীতক সমবেত সংগীত পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক অভিনন্দন জনোৱাৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাৱে কলিয়াবৰৰ প্ৰাক্তন সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

সমল ব্যক্তি হিচাবে আমন্ত্ৰিত অতিথি তথা অসমৰ জেষ্ঠ্য সাংবাদিক প্ৰকাশ মহন্তই প্ৰেছ দিৱসৰ মূল বিষয় ‘গণ মাধ্যমক সমীহ নকৰে কোনে’ বিশ্লেষণ কৰাৰ লগতে সংবাদ মাধ্যমৰ বহু আঁৰৰ কথাৰে ভাষণ প্ৰদান কৰে।

দিনজোৰা কাৰ্যসূচীৰে এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি কলিয়াবৰ প্ৰেছ ক্লাৱে সুন্দৰকৈ উদ্‌যাপন কৰে।

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২১। মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই জিলা পৰ্যায়ৰ অনুষ্ঠানত বিশ্বনাথ জিলাৰ বহু সংখ্যক জ্যেষ্ঠ আৰু কণিষ্ঠ সংবাদ কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানত জিলা খনৰ তিনিজন বিশিষ্ট তথা বহু বছৰ সংবাদ সেৱা আগবঢ়াই অহা সংবাদ কৰ্মীক গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সংবাদ মাধ্যমক কোনে সমীহ নকৰে এই বিষয় লৈ এক গুৰুত্বপূৰ্ণ আলোকপাত কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ চিন্তামণি শৰ্মাই।

বিশ্বনাথৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই আত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ সহ বহু কেইজন বিশিষ্ট অতিথি।

যোৰহাট জিলাৰ টীয়কতো আজি টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত টীয়ক প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ শিক্ষক ভৱনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে ছাত্র-ছাত্ৰী সকলৰ মাজত বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰিও এক সভাৰ আয়োজন কৰা হয়। বিয়লি অনুষ্ঠিত এই সভাত শতাধিক ব্যক্তি উপস্থিতি থাকে।

উল্লেখ্য যে¸১৬ নৱেম্বৰৰ দিনটো দেশত প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উক্ত বছৰতে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে।

তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd