আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু ই- মিডিয়া সহযোগত ছোৱালী মহাবিদ্যালয়ত উৎযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷ এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুল বিষয় “সংবাদ মাধ্যমক ভয় নকৰে কোনে?” ৰ ওপৰত বিৰ্স্তৃতভাৱে বাখ্যা কৰে অধ্যাপক উৎপল দত্তই৷
উপায়ুক্ত মেঘ নিধী দাহালে সভাপতিত্ব কৰা এই অনুষ্ঠান উপস্থিত থাকে সাহিত্যিক, প্ৰবন্ধকাৰ প্ৰেম গগৈ, অধ্যাপক ড° উৎপল দত্ত, ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বুদ্ধিন মিশ্ৰ| জেষ্ঠ সাংবাদিক অনন্ত স্মিথে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠান উদ্দেশ্য বাখ্যা কৰে সাংবাদিক জয়জ্যোতি গগৈয়ে৷
বৰ্ণিল কাৰ্যসূচীৰে কলিয়াবৰতো ‘কলিয়াবৰ প্ৰেছ ক্লাবৰ’ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্যাপন কৰা হয়।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অনুষ্ঠানত উপস্থিত থাকে অসমৰ জেষ্ঠ্য সাংবাদিক প্ৰকাশ মহন্ত।
জ্ঞাত-অজ্ঞাত প্ৰয়াত সংবাদসেৱীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।
কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস্য তথা সংবাদসেৱী ৰূপজ্যোতি গোস্বামীয়ে ৰচনা কৰা গীতক সমবেত সংগীত পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক অভিনন্দন জনোৱাৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাৱে কলিয়াবৰৰ প্ৰাক্তন সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
সমল ব্যক্তি হিচাবে আমন্ত্ৰিত অতিথি তথা অসমৰ জেষ্ঠ্য সাংবাদিক প্ৰকাশ মহন্তই প্ৰেছ দিৱসৰ মূল বিষয় ‘গণ মাধ্যমক সমীহ নকৰে কোনে’ বিশ্লেষণ কৰাৰ লগতে সংবাদ মাধ্যমৰ বহু আঁৰৰ কথাৰে ভাষণ প্ৰদান কৰে।
দিনজোৰা কাৰ্যসূচীৰে এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি কলিয়াবৰ প্ৰেছ ক্লাৱে সুন্দৰকৈ উদ্যাপন কৰে।
বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২১। মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই জিলা পৰ্যায়ৰ অনুষ্ঠানত বিশ্বনাথ জিলাৰ বহু সংখ্যক জ্যেষ্ঠ আৰু কণিষ্ঠ সংবাদ কৰ্মীসকলে অংশগ্ৰহণ কৰে ।
এই অনুষ্ঠানত জিলা খনৰ তিনিজন বিশিষ্ট তথা বহু বছৰ সংবাদ সেৱা আগবঢ়াই অহা সংবাদ কৰ্মীক গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সংবাদ মাধ্যমক কোনে সমীহ নকৰে এই বিষয় লৈ এক গুৰুত্বপূৰ্ণ আলোকপাত কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ চিন্তামণি শৰ্মাই।
বিশ্বনাথৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই আত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ সহ বহু কেইজন বিশিষ্ট অতিথি।
যোৰহাট জিলাৰ টীয়কতো আজি টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত টীয়ক প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ শিক্ষক ভৱনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে ছাত্র-ছাত্ৰী সকলৰ মাজত বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰিও এক সভাৰ আয়োজন কৰা হয়। বিয়লি অনুষ্ঠিত এই সভাত শতাধিক ব্যক্তি উপস্থিতি থাকে।
উল্লেখ্য যে¸১৬ নৱেম্বৰৰ দিনটো দেশত প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উক্ত বছৰতে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে।
তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে।