• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ’ব বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা: পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 18, 2021 2:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা ২.৭ মিলিয়ন মেট্ৰিকটনৰ পৰা ৫ মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ’ব। চিৰাং জিলাৰ ডাংতলত প্ৰায় দুশ বিঘা ভূমিত স্থাপন কৰা হ’ব হিন্দুস্তান পেট্ৰোলিয়ামৰ এটা ৰিজাৰ্ভাৰ “–এই ঘোষণা দেশৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ।

বুধবাৰে বঙাইগাঁও শোধনাগাৰ চমুকৈ বি জি আৰৰ উদ্যোগত “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত এনেদৰে মন্তব্য কৰে।

Apply Now

তেওঁ লগতে বি টি আৰত ফুড পাৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে। শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাংবাদিকতা, শিক্ষা, স্বাস্থ্য, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰলৈ ‌ আগবঢ়োৱা সেৱাৰ বাবে বঙাইগাঁও আৰু চিৰাং জিলাৰ ৭৫ গৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনায়।

মন্ত্ৰীগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে চিৰাং আৰু বঙাইগাঁও জিলালৈ আহিছিল। মঙলবাৰে উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী তেলীক বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰমুখ এছ পি বৰুৱাই উষ্ম আদৰণি জনায়।

মন্ত্ৰীগৰাকীয়ে বি জি আৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল।

বৈঠকত তেলীৰ ওচৰত বঙাইগাঁও শোধনাগাৰৰ বিষয়ে এক উপস্থাপন কৰা হৈছিল। বৈঠকত বি টি চি প্ৰমুখ প্ৰমোদ বড়ো, অসম চৰকাৰৰ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, ৰামেশ্বৰ তেলীৰ সচিব বীৰেন্দ্ৰ মিট্টাল, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা উপস্থিত আছিল ।
তেলীয়ে বঙাইগাঁও শোধনাগাৰৰ চি এছ আৰৰ পদক্ষেপৰ ওপৰত বিশেষ গুৰুত্ব দি বঙাইগাঁও শোধনাগাৰৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰিছিল। চি এছ আৰৰ অধীনৰ পদক্ষেপক প্ৰশংসা কৰি তেলীয়ে ‌প্ৰকল্পবোৰ বৃদ্ধি কৰাৰ বাবে মূল্যৱান পৰামৰ্শ আগবঢ়ায়।
তেওঁ লগতে কয় যে ইণ্ডিয়ান অইলে কেৱল ৰাষ্ট্ৰক ইন্ধন যোগাই অহা নাই, ৰাষ্ট্ৰীয় সংকটৰ সময়ত সদায় ৰাষ্ট্ৰৰ কাষত থিয় দি আহিছে আৰু ইয়াৰ সামূহিক উন্নয়নমূলক কাৰ্যকলাপৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে। ইণ্ডিয়ান অইল অফিচাৰ এছ’চিয়েচনৰ বি জি আৰ ইউনিট আৰু বি জি আৰ এমপ্লয়িজ ইউনিয়নৰ সদস্যসকলেও তেলীক উষ্ম আদৰণি জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেলীয়ে সম্বৰ্দ্ধিত ব্যক্তিসকলক তেওঁলোকে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।তেলীয়ে তেল আৰু গেছ খণ্ডত তেওঁৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে।

বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰমুখ এছ পি বৰুৱাই আদৰণি ভাষণত সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জনায়।

আনহাতে সম্বৰ্দ্ধিত ব্যক্তিসকলেও তেওঁলোকক প্ৰদান কৰা স্বীকৃতিৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু আজাদী কা অমৃত মহোৎসৱ আয়োজন কৰাৰ বাবে বঙাইগাঁও শোধনাগাৰকো প্ৰশংসা কৰে। অনুষ্ঠানত মন্ত্ৰী তেলীৰ উপৰিও বি টি চি প্ৰমুখ প্ৰমোদ বড়োইও চমু বক্তিব্য ৰাখে ৷

অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়, বি টি চিৰ পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd