• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগনা উবাচ! ‘একনায়কত্ববাদী শাসনেই একমাত্ৰ প্ৰতিকাৰ’; ‘দেশ এদিন জিহাদীস্তান হ’ব’!

প্ৰদ্যুম্ন কুমাৰ গগৈ, গুৱাহাটী by প্ৰদ্যুম্ন কুমাৰ গগৈ, গুৱাহাটী
November 19, 2021 5:36 pm
Kangana Ranaut reacts to farm laws repeal
243
VIEWS
Share on FacebookShare on Twitter

সঁচাকৈয়ে, জিহাদীৰ দেশ হৈ পৰিল ভাৰতবৰ্ষ। কেন্দ্ৰীয় চৰকাৰে কৃষি আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হোৱাৰ পাছতে দেশখন জিহাদীৰে ভৰি পৰা যেন লাগিছে। চাৰিওফালে যেন জিহাদী ঘূৰি ফুৰিছে! এই কথা আমি কোৱা নাই। শেহতীয়াকৈ সমাজতত্ব, ইতিহাসকে ধৰি সকলো বিষয়তে হঠা চৰম পাণ্ডিত্যৰ পৰিচয় দি চমক দিয়া বলিউডৰ অভিনেত্ৰী পদ্মশ্ৰী কংগনা ৰানাৱটেও এইধৰণে অনুভৱ ব্যক্ত কৰিছে।

ইনষ্টাগ্ৰামত কংগনাই কৈছে যে যদি চৰকাৰৰ সলনি ৰাজপথৰ আন্দোলনকাৰীৰ কথামতে দেশৰ আইন-কানুন বনোৱা আৰম্ভ হয়, তেনেহ’লে দেখোন দেশখন জিহাদীস্তান হৈ পৰিব!

বৰ দুখৰ কথা! জিহাদীৰ উৎপাতত যে প্ৰধানমন্ত্ৰীয়ে কৃষি আইনৰ দৰে দেশপ্ৰেমী আইন ৰূপায়ন কৰিব নোৱাৰিলে, এইটো বিজেপি-আৰএছএছৰ নীতিৰ অত্যন্ত শোচনীয় অৱস্থা। অতি দুৰ্ভাগ্যজনক। বিজেপি-আৰএছএছৰ দৰে ইমান দেশপ্ৰেমী দল এটাই জিহাদীৰ ওচৰত শিৰ নত কৰাটোৱে ভৱিষ্যতৰ বাবে অশনি শংকেত কঢ়িয়াই আনিছে। জিহাদীৰ উৎপাত ইমানেই বাঢ়িছে যে সমাগত উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে বিজেপিৰ অৱস্থা কাঢ়িল হৈ পৰা যেন লাগিছে।

যিসময়ত হিন্দু মুছলমানক লৈ ৰাজনীতি কৰাটো প্ৰয়োজন, মুছলমানৰ বিৰুদ্ধে হিন্দু জাগ্ৰত হোৱাৰ সময়, সেই সময়ত আক’ উত্তৰ প্ৰদেশৰ ভোটাৰে কৃষি আইন তিনিখনক লৈ ৰাজনীতি কৰিবলৈ উলাইছে। চৰম দুৰ্ভাগ্যজনক! উত্তৰপ্ৰদেশত যাতে যোগী আদিত্যনাথ পুনৰ জিকিব পাৰে, সেই কথা লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই লখিমপুৰৰ খেৰীত গাড়ীৰে কৃষকক মহতীয়াই নিছিল। অ’হ ক্ষমা কৰিব, কৃষক নহয়, তেওঁলোক জিহাদীহে!

প্ৰকৃত কৃষকে কেতিয়াও ৰাজপথত আন্দোলন নকৰে। প্ৰকৃত কৃষকে পথাৰত খেতিখোলা কৰি থকাটোৱেই স্বভাৱ। প্ৰকৃত কৃষকৰ কাম হৈছে কপালৰ ঘাম মাটিত পেলাই দেশক অন্ন যোগান ধৰা। ই এটা মহৎ কাম। ত্যাগো বুলিব পাৰি। গীতাত কৈছে যে কৰ্ম কৰি যোৱা, ফলাফলৰ কথা নাভাবিবা। সেয়ে প্ৰকৃত কৃষকে কেতিয়াও ফচলৰ দাম, শস্যৰ মূল্য তথা এমএছপিৰ কথা নাভাবে। চৰকাৰী নীতিৰ প্ৰতি আনুগত্য হৈ চকু কাণ মুদি থকাটোৱেই কৃষকৰ দায়িত্ব।

কিন্তু কৃষকসকলৰ নাম লৈ যে এই পাকিস্তানপ্ৰেমী, নক্সাল, খালিস্তানী জিহাদীসকলে ইমানদিনে ৰাজপথ উত্তাল কৰি ৰাখিলে, আনকি পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যত বিজেপিৰ দৰে দেশহিতৈষী, দেশপ্ৰেমী দল এটাইও প্ৰত্যাহ্বানৰ সমুখিন হ’ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইবোৰ কথাত ক্ষোভিত হৈয়েই কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই লখিমপুৰ কাণ্ড সংঘটিত কৰিছিল। উচিত কাম কৰিছিল! অন্ততঃ দুজনমান জিহাদীৰ মৃত্যু হ’ল।

এনেধৰণে আৰু কেইটামান ঘটনা সংঘটিত হোৱা হ’লে অনেক জিহাদীৰ মৃত্যু হ’লহেঁতেন। কৃষি আইনৰ প্ৰতিবাদৰ নামত যে ছশৰো অধিক কৃষকৰ মৃত্যু হ’ল, অ’হ ক্ষমা কৰিব কৃষক নহয়! তেওঁলোক জিহাদীহে। কৃষি আইনৰ প্ৰতিবাদৰ নামত যে জিহাদীসকলৰ মৃত্যু হ’ল, সেয়াও দেশৰ হিতৰ বাবেই।

মনত ৰাখিব দৰ্শকসকল, দেশত এতিয়াও কিন্তু জিহাদী শেষ হোৱা নাই! জিহাদীসকলৰ কোনো কথা নুশুনিব। পাৰিলে এনডি টিভি, দ্যা প্ৰিণ্ট এই নিউজ চেনেল আৰু চাইসমূহ নাচাব। তাত জিহাদীসকলৰ প্ৰচাৰ কৰা হয়। গোদী মিডিয়া চাওক। গোদী মিডিয়াৰ ৰুবিকা, অৰ্ণৱ, সুধীৰহঁতৰ মুখকেইখন চালেই ভাল লাগি যায়।

দেশক জিহাদীমুক্ত কৰিবলৈ কিমান ত্যাগ কৰি আছে তেওঁলোকে। আচলতে গোদী মিডিয়াৰ প্ৰপাগাণ্ডা দেশবাসীয়ে ভালদৰে হৃদয়ংগম নকৰাৰ বাবেই কৃষি আইন বাতিল কৰিব লগা হ’লনেকি? তেনেহ’লে অতি দুৰ্ভাগ্যৰ কথা। কৃষি আইনৰ সুফলৰ প্ৰচাৰ আৰু জিহাদী-খালিস্তানীসকলৰ বিৰুদ্ধে গোদী মিডিয়াৰ শ্ৰম অথলে যোৱাটো বৰ দুৰ্ভাগ্যৰ কথা!

আৰু এটা কথা। কংগনাৰ মতে, যিহেতু ভাৰতবৰ্ষ ২০১৪ চনত স্বাধীন হৈছে। সেই অনুসৰি দেশে নিজৰ নীতি নিজেই তৈয়াৰ কৰিব পাৰিব লাগিব। কৃষি আইন তিনিখন স্বাধীন ভাৰতে লোৱা নীতি। ২০১৪ চনত স্বাধিনতা লাভ কৰিয়ে ভাৰতে ৩৭০ ধাৰা বাতিল, কা আইন প্ৰণয়ন আৰু কৃষি আইনৰ দৰে মহৎ পদক্ষেপ হাতত লৈছিল। কিন্তু জিহাদীবিলাকে নিদিয়ে। ইয়াত হাত উজান দিছে বিদেশী শক্তিবিলাকে। অ’হ ক্ষমা কৰিব, বিদেশী শক্তি নহয়, বিদেশী অপশক্তি।

কৃষি আইনক লৈ বিদেশী অপশক্তিসমূহে যি জিহাদী নেটৱৰ্ক গঢ়ি তুলিলে, সেয়া ২০১৪ চনত স্বাধীনতা লাভ কৰা দেশখনৰ বাবে অতি অপমানজনক। ই দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা ৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকি। ভাৰতৰ চৰকাৰে নীতি প্ৰস্তুত কৰিছে, তাত আমেৰিকাৰ ৰিহান্নাৰ দৰে সস্তীয় পপ তাৰকা, ছুইডেনৰ গ্ৰেটা ঠাণবাৰ্গৰ দৰে পাবত গজা পৰিৱেশ সুৰক্ষা কৰ্মীয়ে মাত মাতিবলৈ কি দৰকাৰ?

আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছেও কৃষি আইনৰ বিৰোধিতা কৰে। ই পশ্চিমীয়া দেশসমূহে ভাৰতৰ প্ৰতি সাম্ৰাজ্যবাদী প্ৰভাৱ বিস্তাৰ কৰাটো নুবুজায়নে? ২০১৪ চনত স্বাধীনতা লাভ কৰা আমাৰ দেশখনৰ প্ৰতি ই চৰম ভাবুকি নহয়নে? এবাৰ ভাবি চাওক!

আকৌ ভাবক, প্ৰধানমন্ত্ৰীয়ে কৈছেই যে কৃষি আইন বাতিল কৰা হ’ব। তেনে পৰিস্থিতিত আন্দোলনৰত কৃষকসকল, অ’হ ক্ষমা কৰিব, আন্দোলনৰত জিহাদীসকলে কি কৰিব লাগিছিল? ঘৰলৈ ঘূৰি যাব লাগিছিল। যদি প্ৰকৃত কৃষক হয়, তেন্তে মোদীক বাহ বাহ দিব লাগিছিল।

কিন্তু তাকে নকৰি কি কৰিছে? এতিয়াও প্ৰতিবাদস্থলী এৰা নাই। তেওঁলোকে কৈছে যে মোদীয়ে ক’লেই নহ’ব, সংসদত কৃষি আইন বাতিল কৰিব লাগিব। আৰে! মোদীৰ মুখৰ কথা বিশ্বাস নকৰে নেকি তেওঁলোকে? মোদীৰ মুখৰ কথা শিলৰ ৰেখা। যোৱা সাত বছৰ ধৰি জনগণে তাকেই লক্ষা কৰি আহিছে যে মোদীৰ কথা শিলৰ ৰেখা। মোদীৰ কথাত আশ্বস্ত নোহোৱাজন প্ৰকৃততে একো একোজন জিহাদী! মুঠৰ ওপৰত, জিহাদীৰ জয় হৈছে নেকি দেশখনত? ভাবি চাওক, অনুধাৱন কৰক!

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd