• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Farm laws কৃষি আইনৰ বিলোপৰ বাবে ২৪ নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটে ল’ব পাৰে সিদ্ধান্ত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 21, 2021 4:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ জয়ৰ দিশলৈ অগ্ৰসৰ হৈছে দেশৰ প্ৰতিবাদী কৃষকসকল।

তিনিখনকৈ বহু বিতৰ্কিত কৃষি আইন বাতিল কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰাৰ পিছত এইবাৰ বিষয়টো সন্দৰ্ভত সিদ্ধান্ত চূড়ান্ত কৰিবলৈ ২৪ নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে কৃষি আইন তিনি খন প্ৰত্যাহাৰ কৰাৰ বিষয়ত সকলো কথা চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য বিতৰ্কিত তিনিখন কৃষি আইন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিব বুলি অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল। বিগত প্ৰায় এবছৰ ধৰি এই আইন বাতিলৰ বাবে কৃষকসকলে আন্দোলন চলাই আহিছিল।

Apply Now

জাতিক উদ্দেশ্যে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা জনায়। অৰ্থাৎ কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ খুটি ল’ৰিল আৰু দেশৰ ‘কিষাণ’ জয়ী হ’ল।

কৃষি আইন বলবৎ কৰাক লৈ অবিচল হৈ থকা কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সেই অৱস্থানৰ পৰা আঁতৰি আহিল।

আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘’আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা একাংশ কৃষকক আমি বুজোৱাত ব্যৰ্থ হ’লো।‘’

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ বাবে আহ্বান জনাইছিল।

মোদীয়ে কৈছিল,’’আহক আমি সকলো আকৌ নতুনকৈ আৰম্ভ কৰো।‘’ তেওঁ লগতে কয় যে ‘এতিয়া কাকো দোষাৰোপ কৰাৰ সময় নহয়।‘’

উল্লেখ্য যো গুৰু নানকৰ জন্মদিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা এই ঘোষণাক একাংশ ৰাজনৈতিক বিশ্লেষকে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰিছে। কিয়নো কৃষি আইন বাতিলৰ দাবীত দিল্লীত আন্দোলনত নমা কৃষকসকলৰ অধিকাংশই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ কাষৰীয়া অঞ্চলৰ পৰা আহিছিল।

ইয়াৰ মাজত শিখ আৰু জাঠ সম্প্ৰদায়ৰ অংশগ্ৰহণেই আছিল সৰ্বাধিক। তাতেই অহা বছৰৰ আৰম্ভণিতেই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন আছে।

যোৱা বছৰছেপ্টেম্বৰত তিনিখন কৃষি বিধেয়ক সংশোধনীৰে আইনত পৰিণত হোৱাৰ পাছৰে পৰা দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থানত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল।

কৃষকৰ অভিযোগ যে নতুন কৃষি আইনৰ ফলত কৃষকসকল বৃহৎ লোকচানৰ সন্মুখীন হ’ব।

ইপিনে প্ৰতিবাদী কৃষকসকলে সংসদত আইন কেইখন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই যাব বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd