• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ অখিল গগৈৰ বিৰুদ্ধে ভূমি বে-দখলৰ বিস্ফোৰক অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 12, 2021 4:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই চৰকাৰী মাটি বে-আইনীভাৱে দখল কৰা বুলি দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ যুটীয়া অনুসন্ধানত পোহৰলৈ অনাৰ পাছত এই বিষয় লৈ সৰৱ হৈ পৰিছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।

কিন্তু তাৰ পাছতে অখিল গগৈয়ে কাজিৰঙাৰ ভূমি বে-দখল কৰি অৰ্কিড উদ্যান মুকলি কৰা বুলি গুৰুতৰ অভিযোগ তোলে মন্ত্ৰী পিযুষ হাজৰিকাই।

Apply Now

টুইটাৰযোগে এই বিস্ফোৰক অভিযোগ আনিছে মন্ত্ৰী পীযুষ হাজৰিকাই।

কালি নিশাৰ ভাগত এক টুইটযোগে মন্ত্ৰীগৰাকীয়ে অখিল গগৈয়ে  বছৰটো জুৰি বৃহৎ ভূমি দখলত জড়িত হৈ আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াক সমৰ্থন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ আছে বুলিও দাবী কৰিছিল মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীৰ সেই টুইটৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে অনা এই অভিযোগৰ তথ্য প্ৰমাণ দিবলৈ আহ্বান জনাইছিল।

আনকি সেই অভিযোগৰ তথ্য প্ৰমাণ দিব পাৰিলে সকলো আইনী ব্যৱস্থা মূৰ পাতি ল’বলৈ সাজু হ’ব বিধায়কগৰাকী।

কিন্তু প্ৰমাণ কৰিব নোৱাৰিলে তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব বুলি টুইটৰ ৰিপ্লাই দি উল্লেখ কৰে অখিলে।

তাৰ পাছতে আজি পুৱাৰ ভাগত টুইটযোগে কিছু তথ্য দাঙি ইয়াৰ উত্তৰ কিদৰে অখিল গগৈয়ে দিব বুলি প্ৰশ্ন কৰিছে।

অখিল গগৈৰ লগতে ৫ গৰাকীয়ে বে-আইনীভাৱে অৰ্কিড উদ্যানৰ নামত ভূমি দখলৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে।

বোকাখাত ৰাজহ চক্ৰ বিষয়াই দিয়া তথ্য টুইটাৰত প্ৰকাশ কৰে পীযুষ হাজৰিকাই।

 

২২ বিঘা ২ কঠা ১০ লেচাৰ চৰকাৰে আৱন্টন দিয়া মাটিৰ ওপৰিও ৬ বিঘা ১ কঠা ১২ লোচা মাটি অতিৰিক্তভাৱে দখল কৰি থকা বুলি পিযুষে সংলগ্ন কৰা তথ্যত উল্লেখ আছে। মুঠ ২৮ বিঘা ৪ কঠা ১২ লোচা ভূমি অৰ্কিড উদ্যানে বে-দখল কৰাৰ গুৰুতৰ অভিযোগ আছে।

ইয়াৰোপৰি, নিৰ্ধাৰিত মাটিৰ প্ৰিমিয়াম হিচাপে চৰকাৰক দিবলগীয়া প্ৰতি বিঘাত ১,০৫,৩০০ টকাকৈ মুঠ ২৩,৬৯,২৫০ টকা আদায় দিয়া নাই বুলি তথ্যত উল্লেখ।

ভূমি বেদখলৰ সন্দৰ্ভত বোকাখাত থানাত ১০০/১৮ নম্বৰত ২০১৮ চনতে গোচৰ ৰুজু হৈ আছে। এই গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো লেখ আবেদন দাখিল কৰা হৈছে আৰু গোচৰ প্ৰক্ৰিয়া বৰ্তমানো চলি আছে।

এই অভিযোগৰ প্ৰত্যুত্তৰ বৰ্তমানলৈকে অখিল গগৈয়ে দিয়া নাই। এই কথাৰ প্ৰত্যুত্তৰ অখিলে কিদৰে দিয়ে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd